July 22, 2024 11:56 AM

views 27

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইদেনে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা নিশা সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। সামাজিক মাধ্যমযোগে তেওঁ লগতে কয় যে, ৰাষ্ট্ৰপতি হিচাপে দেশক বিগত সময়ছোৱাত সেৱা আগবঢ়াব পৰাটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান। তেওঁ লগতে কয় যে, ডেম'ক্রেটিক পার্টি আৰু জাতিৰ স্বাৰ্থত ৰাষ্ট্ৰপতি হিচাপে বাকী থকা কাৰ্যকালৰ কৰ্তব্যত মনোনিৱেশ কৰাটো তেওঁৰ বাবে এতিয়া মূল লক্ষ্য। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, তেওঁ চলিত সপ্তাহৰ শেষৰ ফালে দেশবাসী...