May 27, 2025 12:01 PM

views 16

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৱিষ্যত পৰিকল্পনা সম্পর্কে মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত বৈঠক

● ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু চিকিৎসা মহাবিদ্যালয়খনৰ উন্নয়ন তথা ভৱিষ্যত পৰিকল্পনা সম্পর্কে আলোচনাৰ বাবে কালি মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। বৈঠকত জিলাখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, চাবুৱাব বিধায়ক পোনাকন...

January 11, 2025 7:30 PM

views 29

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১০ মহীয়া শিশুৰ দেহত এইচ এম পি ভাইৰাছৰ অৱস্থিতি

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই আজি এটি দহমহীয়া শিশুৰ দেহত এইচ এম পি ভাইৰাছৰ অৱস্থিতি ধৰা পেলায়। উল্লেখযোগ্য যে দেশৰ একাধিক ৰাজ্যত হিউমেন মেটানিউমো ভাইৰাছ চমুকৈ এইচ এম পি ভিত আক্রান্ত লোক চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্রালয়ে ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।