June 26, 2025 11:09 AM

views 19

শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি পুৱা সামৰণি পৰে। পুৱা ৩ বাজি ২৭ মিনিটত অম্বুবাচীৰ নিবৃত্তিৰ পাছত দেৱীস্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰেপৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মন্দিৰৰ দুৱাৰ পৰৱৰ্তী দুদিন অর্থাৎ‍ আজি আৰু কাইলৈ ভি আই পি পাছৰ ব্যৱস্থা বন্ধ থকাৰ উপৰি বিশেষ টিকটৰ ব্যৱস্থাও নাথাকিব। সাধাৰণ ভক্তৰ দৰ্শনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্...

June 2, 2025 9:15 PM

views 37

শক্তিপীঠ কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত হ'ব। ২২ জুনৰ বিয়লি ২ বাজি ৫৬ মিনিচত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। আজি গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত ২৪ টা বিভাগৰ সৈতে অম্বুবাচী মহাযোগ সন্দৰ্ভত এখন প্রস্তুতি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পর্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশা...

June 22, 2024 1:31 PM

views 19

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা আৰম্ভ

শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহনাগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। সমিতিয়ে প্রকাশ কৰা মতে ২১ৰ পৰা ৩০ জু...