June 25, 2025 9:06 PM June 25, 2025 9:06 PM

views 3

কাইলৈ পুৱা ৩.২৭ বজাত অম্বুবাচীৰ নিবৃত্তি; মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ ভিৰ

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কাইলৈ পুৱা সামৰণি পৰিব। পুৱা ৩ বাজি ২৭ মিনিটত অম্বুবাচীৰ নিবৃত্তিৰ পাছত দেৱীস্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব। মা কামাখ্যাৰ দৰ্শনৰ বাবে দেশী-বিদেশী ভক্তই অপেক্ষা কৰি আছে। কামাখ্যা ধামত আজি চতুর্থ দিনাও ভক্তৰ উখল-মাখল পৰিৱেশ অব্যাহত আছে। নীলাচলৰ বুকুলৈ ভক্ত দর্শনাৰ্থীৰ সোঁত অব্যাহত আছে। উৎকট গৰমকো নেওচি ভক্তই পুৱা ৫ বজাৰ পৰাই কামাখ্যা ধামলৈ বুলি ঢাপলি মেলিছে। সাধু-সন্ন্যাসী আৰু দে...