June 24, 2025 8:26 PM

views 21

শক্তিপীঠত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত আছে। সাধু-সন্ন্যাসী আৰু দেশী-বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিৰস্থলীত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আজিও পুৱাৰ পৰা সন্ধিয়ালৈ অগণন ভক্তই পদব্ৰজে মন্দিৰৰ পৰিক্ৰমা কৰে। অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ অম্বুবাচী মহাযোগত মেলাসদৃশ পৰিৱেশ বাৰণ কৰাত ভক্তৰ সংখ্যা পূৰ্বতকৈ কম হোৱা বুলি জনায়। মহাযোগৰ সময়ছোৱাত যাতে ভক্তসকলে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে আৰক্ষী- প্ৰশাসনৰ শীৰ্...

June 21, 2025 12:22 PM

views 21

শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰ পৰা অম্বুবাচী মহাযোগ

শক্তিপীঠ কামাখ্যা ধামত কাইলৈ অম্বুবাচী মহাযোগ আৰম্ভ হ'ব। কাইলৈ বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। পৰ্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনলৈ অম্বুবাচী মেলা আয়োজনৰ বাবে চাৰি কোটি ৫৫ লাখ টকা আগবঢ়াইছে। প্ৰতিবছৰৰ দৰে এইবাৰো দেশী-বিদেশী অগণন ভক্তই এই মেলাত অংশ লোৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰশাসনে ভক্তসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অ...

June 2, 2025 9:15 PM

views 37

শক্তিপীঠ কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত হ'ব। ২২ জুনৰ বিয়লি ২ বাজি ৫৬ মিনিচত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। আজি গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত ২৪ টা বিভাগৰ সৈতে অম্বুবাচী মহাযোগ সন্দৰ্ভত এখন প্রস্তুতি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পর্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশা...

June 22, 2024 8:45 PM

views 40

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা আৰম্ভ, ২৬ জুনৰ পুৱা ৬ বজাত মুকলি কৰা হ’ব মন্দিৰৰ দুৱাৰ

শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে। আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে কালিৰে পৰা ৩০ জুনলৈ কোনোধৰণৰ ভি আই পি, ভি ভি আই পিৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা ৰখা হোৱা নাই। একেদৰে ২৬ আৰু ২৭ জুনত বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ কেইদ...