June 24, 2025 8:26 PM June 24, 2025 8:26 PM
10
শক্তিপীঠত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত
গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত আছে। সাধু-সন্ন্যাসী আৰু দেশী-বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিৰস্থলীত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আজিও পুৱাৰ পৰা সন্ধিয়ালৈ অগণন ভক্তই পদব্ৰজে মন্দিৰৰ পৰিক্ৰমা কৰে। অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ অম্বুবাচী মহাযোগত মেলাসদৃশ পৰিৱেশ বাৰণ কৰাত ভক্তৰ সংখ্যা পূৰ্বতকৈ কম হোৱা বুলি জনায়। মহাযোগৰ সময়ছোৱাত যাতে ভক্তসকলে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে আৰক্ষী- প্ৰশাসনৰ শীৰ্...