January 2, 2025 8:18 PM January 2, 2025 8:18 PM
19
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰলৈ শ্রদ্ধা নিবেদন
অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠেৰে মাত মাতি জাতি চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ পুণ্য তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায়চৌধুৰীক তেজোদিপ্ত ধ্যান-ধাৰণা আৰু চেতনাৰ সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে সন্মানিত কৰা হৈছিল। ১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। ১৯৬৫ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰ...