August 4, 2025 12:15 PM

views 23

বালতাল আৰু পেহেলগাম দুয়োটা পথেৰে শ্ৰীঅমৰনাথ যাত্রা বাতিল

জম্মু-কাশ্মীৰৰ বালতাল আৰু পেহেলগাম দুয়োটা পথেৰে শ্ৰীঅমৰনাথ যাত্রা বাতিল কৰা হৈছে। এটা বিবৃতিত কাশ্মীৰৰ বিভাগীয় আয়ুক্ত বিজয় কুমাৰ বিধুৰীয়ে কয়, যে শেহতীয়াকৈ হোৱা প্ৰবল বৰষুণৰ বাবে এই দুয়োটা পথৰ বিস্তৰ ক্ষতি হোৱাত মেৰামতিৰ প্ৰয়োজন হৈ পৰিছে। তেওঁ কয়, যে এই পথছোৱা মেৰামতি কৰি উলিওৱাৰ বাবে একেৰাহে শ্ৰমিক আৰু অন্যান্য যন্ত্রপাতি ব্যৱহাৰ কৰা হৈছে যদিও প্রশাসনে যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ সমৰ্থ হোৱা নাই। উল্লেখযোগ্য যে যোৱা ৩ জুলাইত আৰম্ভ হোৱা এই যাত্ৰাত এতিয়ালৈকে ৪ লাখ ১৪ হাজাৰৰো অধিক তীর্থযাত্ৰ...

August 1, 2025 8:59 PM

views 18

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মাণ্ডি উপত্যকালৈ শ্ৰী বুদ্ধ অমৰনাথ যাত্ৰাৰ বাবে আজি ত্রয়োদশ দিনটোতো তীর্থযাত্ৰীসকলৰ যাত্ৰা অব্যাহত

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মাণ্ডি উপত্যকালৈ শ্ৰী বুদ্ধ অমৰনাথ যাত্ৰাৰ বাবে আজি ত্রয়োদশ দিনটোতো তীর্থযাত্ৰীসকলৰ যাত্ৰা অব্যাহত আছে। আজি পুৱাৰ ভাগত এহেজাৰ ৩৫২গৰাকী তীর্থযাত্ৰীৰ এটা দলে ভাগৱতী নগৰ শিবিৰৰ পৰা অমৰনাথলৈ যাত্ৰা কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে এই তীর্থযাত্ৰীৰ দলটোত ৪৯২গৰাকী পুৰুষ, ৪৩৪গৰাকী মহিলা আৰু ২৬টি শিশু আছে। দলটোক ২৭খন গাড়ীৰে পুঞ্চ জিলাৰ মাণ্ডিলৈ লৈ যোৱা হৈছে। ইপিনে, আজি জন্মৰ পৰা কোনো নতুন তীর্থযাত্ৰীৰ দল অমৰনাথ যাত্ৰালৈ ৰাওনা হোৱা নাই। এইবেলি অমৰনাথ যাত্ৰালৈ যোৱা ত...

July 28, 2025 5:15 PM

views 29

অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পৰা ৩ লাখ ৭৭ হাজাৰৰো অধিক তীর্থযাত্রীৰ যাত্রা সম্পন্ন

জম্মু-কাশ্মীৰত যোৱা ৩ জুলাইত অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পৰা ৩ লাখ ৭৭ হাজাৰৰো অধিক তীর্থযাত্রীয়ে যাত্রা সম্পন্ন কৰিছে৷ শ্ৰীনগৰৰ দশনামী আখাৰাৰ শ্ৰী অমৰেশ্বৰ মন্দিৰত কালি ‘ছাৰি স্থাপন’ অনুষ্ঠান অনুষ্ঠিত হয়। কাইলৈ, একেটা মন্দিৰতে ‘নাগ পঞ্চমী’ উপলক্ষে ‘ছাৰী পূজন’ কৰা হব। ৪ আগষ্টৰ পৰা পবিত্র গুহা মন্দিৰ অভিমুখে ছাৰী মুবাৰকৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব।

July 7, 2025 8:17 PM

views 15

৩৮ দিনীয়াকৈ আয়োজিত শ্রীঅমৰনাথ যাত্ৰাৰ আজি পঞ্চম দিন

শ্রীঅমৰনাথ যাত্ৰাৰ আজি পঞ্চম দিন। প্ৰতিবছৰে ৩৮ দিনীয়াকৈ আয়োজিত এই অমৰনাথ যাত্ৰা এইবছৰ জুলাই মাহৰ ৩ তাৰিখে আৰম্ভ হৈছে আৰু বৰ্তমান মসৃণভাৱে আগবাঢ়ি গৈ আছে। দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ নুনৱান-পেহেলগাম বেচ কেম্প আৰু কেন্দ্ৰীয় কাশ্মীৰৰ গন্দাৰ্বল জিলাৰ বল্‌ল বেচ কেম্পৰ দুটা পথেদি এই যাত্ৰা আৰম্ভ হৈছে। কাশ্মীৰস্থিত হিমালয় অঞ্চলৰ ১২ হাজাৰ ৭৫৬ ফুট উচ্চতাত অৱস্থিত অমৰনাথ গুহা বৰফৰ স্বয়ম্ভূ শিৱলিংগৰ দৰে আকাৰৰ বাবে সকলোৰে মাজত বিখ্যাত। উৎসাহ উদ্দীপনাৰ এটা বাতাবৰণৰ মাজেৰে বল্‌ল আৰু পেহেলগাম বেচ কেম্প...

June 30, 2025 8:00 PM

views 23

সমাগত অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত জম্মুৰ সৰস্বতী ধামত অফলাইন টোকেন বিতৰণ কেন্দ্ৰ মুকলি

সমাগত অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট কৰ্তৃপক্ষই আজি জম্মুৰ সৰস্বতী ধামত অফলাইন টোকেন বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। এই যাত্ৰাৰ বাবে আগ্রহী দর্শনার্থীসকলে থিতাতে পঞ্জীয়ন কৰিব পৰা ব্যৱস্থাৰ বাবে প্রয়োজনীয় টোকেন লাভ কৰিবলৈ আজি কেন্দ্ৰটোত যথেষ্ট ভিৰ কৰা দেখা যায়। সৰস্বতী ধাম টোকেন কেন্দ্ৰত আজি পেহেলগাম আৰু বালতাল মাৰ্গেৰে যাত্ৰা কৰিবলগীয়া দৰ্শনাৰ্থীসকলক টোকেন প্ৰদান কৰা হয়। যাত্ৰাৰ বাবে অফলাইন পঞ্জীয়ন প্রক্রিয়া কাইলৈ বৈষ্ণৱী ধাম, পঞ্চায়ত ভৱন আৰু মহাজন সভা কেন্দ্ৰত আৰম্ভ হ'ব।

June 27, 2025 11:47 AM

views 29

অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে মনোজ সিনহাৰ বৈঠক

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই কালি শ্রীনগৰৰ ৰাজভৱনত অহা ৩ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ লগতে বিজেপি, কংগ্ৰেছ আৰু পি ডি পিৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে। বৈঠকত উপ ৰাজ্যপালগৰাকীয়ে এই পৱিত্ৰ যাত্ৰা নিৰাপদে আৰু সুকলমে সম্পন্ন কৰাৰ বাবে অমৰনাথ জী দেৱোত্তৰ পৰিষদ, প্ৰশাসন, জম্মু আৰু কাশ্মীৰ আৰক্ষী, সুৰক্ষা বাহিনী তথা আন সকলো অংশীদাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। উপ ৰা...

May 29, 2025 9:14 PM

views 30

অমৰনাথ যাত্ৰাৰ বাবে তীর্থযাত্ৰীসকলক সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও গোটক দায়িত্ব

অহা ৩ জুলাইত আৰম্ভ হ'বলগীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে তীর্থযাত্ৰীসকলক সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও গোটক দায়িত্ব দিছে। মুঠ ৫৮১ টা অৰ্ধসামৰিক বাহিনীৰ গোটে জম্মু-কাশ্মীৰত অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলক সুৰক্ষা দিয়াৰ বাবে নিয়োজিত হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জম্মু-কাশ্মীৰ প্ৰশাসন আৰু আৰক্ষীক ১৫৬-চি এ পি এফ কোম্পানীক উক্ত অঞ্চলত সুৰক্ষা দিয়াৰ বাবে ইতিমধ্যে নিয়োজিত কৰিছে। এই সুৰক্ষা কৰ্মীসকলে বেলতল আৰু পেহেলগাম পথেৰে যাত্ৰা কৰা যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰিব।

April 15, 2025 2:14 PM

views 21

৫২ দিনীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন আৰম্ভ

৫২ দিনীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে কালি পঞ্জীয়ন আৰম্ভ হৈছে। তীর্থযাত্ৰীসকলে শ্ৰী অমৰনাথ তীর্থস্থান পৰিষদৰ ৱেবচাইট jksasb.nic.in. ৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰিব পাৰিব। তদুপৰি সমগ্ৰ দেশৰ ৫৪০ টাৰো অধিক পঞ্জীকৃত বেংক অথবা পঞ্চায়ত ভৱন, বৈষ্ণৱী ধাম আৰু মহাজন প্রেক্ষাগৃহৰ দৰে কেন্দ্ৰসমূহত অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। সকলো তীর্থযাত্রীয়ে পঞ্জীয়ন কৰাটো আৰু স্বীকৃত চিকিৎ‍সালয়ৰ পৰা স্বাস্থ্যৰ প্ৰমাণপত্ৰ জমা দিয়াটো বাধ্যতামূলক। প্ৰতিগৰাকী তীর্থযাত্ৰীৰ বাবে ২২০ টকাকৈ পঞ্জীয়ন মাচুল লোৱা ...

August 4, 2024 6:00 PM

views 41

বৰ্তমানলৈকে ৪ লাখ ৯০ হাজাৰৰো অধিক তীর্থযাত্ৰীৰ পবিত্র অমৰনাথ গুহা দৰ্শন

বৰ্তমানলৈকে ৪ লাখ ৯০ হাজাৰৰো অধিক তীর্থযাত্ৰীয়ে পবিত্র অমৰনাথ গুহা দৰ্শন কৰিছে। আমাৰ সংবাদদাতাই জনাইছে যে, ১,১১২ গৰাকী তীর্থযাত্ৰীৰ ৩৮ সংখ্যক দলটো আজি ভগৱতী নগৰ যাত্ৰী নিৱাস মূল শিবিৰৰ পৰা ৰাওনা হয়। দলটোত ৯১০ গৰাকী পুৰুষ, ১৫৯ গৰাকী মহিলা, ৩১ গৰাকী সাধু আৰু ১২ গৰাকী সাধবী আছে। ইয়াৰ ভিতৰত ২৪০ গৰাকী তীর্থযাত্ৰীয়ে বালটল পথেৰে আৰু ৯০৮ গৰাকী যাত্ৰী পেহেলগাম পথেৰে অমৰনাথ গুহা দৰ্শনৰ বাবে গৈছে।

July 21, 2024 6:52 PM

views 24

বিগত ২২ দিনত ৩ লাখ ৮৬ হাজাৰৰো অধিক ভক্তৰ পবিত্র অমৰনাথ গুহা দৰ্শন

২৯ জুনত অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰে পৰা বিগত ২২ দিনত ৩ লাখ ৮৬ হাজাৰৰো অধিক ভক্তই পবিত্র অমৰনাথ গুহা দৰ্শন কৰিছে। আমাৰ জন্মৰ সংবাদদাতাই জনাইছে যে ৩,১১৩ গৰাকী তীর্থযাত্ৰীৰ ২৩ সংখ্যক দলটোৱে আজি নিচেই পুৱা সৰুবৰ ১২৩ খন বাহনেৰে জম্মুৰ ভগৱতীনগৰ যাত্ৰী নিৱাসৰ মূল শিবিৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। চলিত বৰ্ষত অমৰনাথ যাত্ৰা ৫২ দিন চলিব আৰু অহা মাহৰ ১৯ তাৰিখে শাওণ পূর্ণিমা আৰু ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব।