October 13, 2025 12:47 PM

views 77

আমেৰিকাৰ ছাউথ কেৰ’লিনা দ্বীপত সংঘটিত গুলীচালনাত ৪ জন নিহত ২০ জন লোক আহত

আমেৰিকাৰ ছাউথ কেৰ'লিনা দ্বীপত এখন ৰেষ্টুৰেণ্টত কালি সংঘটিত এটা গুলীচালনাৰ ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২০ জন লোক আহত হয়। বিউফ'র্ট কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এখন বিবৃতিযোগে প্রকাশ কৰা অনুসৰি নিশা ১ বজাত ছেইন্ট হেলেনা দ্বীপৰ এখন ৰেষ্টুৰেণ্টৰ পৰা কাৰ্যালয়ৰ সহকাৰীলৈ ফোন কৰি ঘটনা সম্পর্কে অৱগত কৰোৱা হয়। শ্বেৰিফ কার্যালয়ে ঘটনাৰ তদন্তৰ বিষয়ে জনাই যদিও সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। নিহতসকলৰ নাম এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। কার্যালয়ে গুলীচালনাৰ সময়ত ঘটনাস্থলীত শতাধিক লোক জমা হৈ আছিল বুলি ...