August 10, 2024 1:20 PM
16
অমন শ্বেহৰাৱটক ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ অভিনন্দন
ভাৰতৰ অমন শ্বেহৰাৱটে সুন্দৰ প্ৰদৰ্শনেৰে পেৰিছ অলিম্পিকৰ পুৰুষৰ মল্লযুদ্ধৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ব্ৰঞ্জৰ পদক দখল কৰিছে। শ্বেহৰাৱটে কালি ব্ৰঞ্জৰ পদকৰ যুঁজত পুৱেৰ্টো ৰিকোৰ ডেবিয়ন ক্রুজক ১৩-৫ ফলাফলত পৰাভূত কৰে। এইবাৰৰ অলিম্পিকত এয়া ভাৰতৰ ষষ্ঠটো আৰু মল্লযুদ্ধত প্ৰথমটো পদক। অমনে এই জয়েৰে ২০০৮ চনৰে পৰা অলিম্পিকৰ মল্লযুদ্ধত ভাৰতৰ পদক জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাত সহায় কৰিলে। উল্লেখযোগ্য যে অমনে ২১ বছৰ ২৪ দিনত অলিম্পিক পদক জয় কৰি ভাৰতৰ কনিষ্ঠতম ক্রীড়াবিদ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ...