March 24, 2025 8:22 PM

views 20

সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা, দৈনিক ভাত্তা আৰু পেন্সন বৃদ্ধিৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা, দৈনিক ভাত্তা আৰু পেন্সন বৃদ্ধিৰ জাননী জাৰি কৰিছে। এই অনুসৰি সাংসদসকলৰ মাহিলি দৰমহা এতিয়াৰ এক লাখ টকাৰ পৰা এক লাখ ২৪ হাজাৰ টকালৈ বৃদ্ধি কৰা হ'ব। একেদৰে দৈনিক ভাত্তা বৰ্তমানৰ দুহেজাৰৰ পৰা দুহেজাৰ ৫০০ টকালৈ বৃদ্ধি কৰা হ'ব। প্ৰাক্তন সাংসদসকলৰ মাহিলি পেন্সন ২৫ হাজাৰ টকাৰ পৰা ৩১ হাজাৰ টকালৈ বৃদ্ধি কৰা হ'ব বুলি জাননীত উল্লেখ কৰা হৈছে। এই বৃদ্ধি ২০২৩ বৰ্ষৰ এক এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব।