January 19, 2025 1:18 PM January 19, 2025 1:18 PM

views 4

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত সর্বদলীয় বৈঠক

অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে কালি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শ্রীদৈমাৰীয়ে বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ বিধায়কসকলৰ সহযোগিতা কামনা কৰে।  এই অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যসূচী এইবাৰ কোকৰাঝাৰত অনুষ্ঠিত হ'ব। কালিৰ বৈঠকত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনসহ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়কে অংশগ্ৰহণ কৰে।