November 30, 2025 11:33 AM

views 28

সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে চৰকাৰৰ সর্বদলীয় বৈঠক আহ্বান

চৰকাৰে কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ উভয় সদনত ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন হোৱাতো সুনিশ্চিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰিব। ১৯ ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অধিবেশনৰ সময়ছোৱাত আলোচনা আৰু বিবেচনাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত উত্থাপন কৰা হ'ব।

May 8, 2025 8:12 PM

views 20

ভাৰতীয় সশস্ত্র বাহিনীৰ বীৰত্বক সকলো ৰাজনৈতিক দলৰ নেতাৰ প্ৰশংসা

সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰতীয় সশস্ত্র বাহিনীৰ বীৰত্বক সকলো ৰাজনৈতিক দলৰ নেতাই প্ৰশংসা কৰিছে। অপাৰেচন সিন্দূৰ সন্দৰ্ভত আজি নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত সর্বদলীয় বৈঠকত ৰাজনৈতিক দলৰ নেতাসকলে এই অভিযানৰ প্ৰতি একমুখে সমর্থন প্রকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰা এই বৈঠকত বহুকেইটা দলৰ নেতাসকলে অংশগ্ৰহণ কৰে। বৈঠকত শ্রীসিঙে ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত চলোৱা আক্ৰমণৰ সবিশেষ প্ৰকাশ কৰে । বৈঠকৰ পাছত সংসদীয়...

May 8, 2025 7:48 PM

views 17

পাকিস্তানৰ ওপৰত সিন্দূৰ অভিযান এতিয়াও অব্যাহত আছে : ৰাজনাথ সিং

পাকিস্তানী সন্ত্রাসবাদীয়ে পেহেলগামত চলোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধকল্পে আৰম্ভ কৰা সিন্দূৰ অভিযান এতিয়াও অব্যাহত আছে বুলি কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰিছে। বিষয়টো সন্দৰ্ভত আজি সংসদ ভৱনত অনুষ্ঠিত এখন সর্বদলীয় বৈঠকত এই বিষয়ে জানিবলৈ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতৰ এই অভিযানত বৰ্তমানলৈ ১০০জনতকৈও অধিক পাকিস্তানী সন্ত্রাসবাদীয়ে প্ৰাণ হেৰুৱাইছে। ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলৰ অংশগ্রহণেৰে সম্প্ৰতি চলা থকা এই বৈঠকত চৰকাৰে এই অভিযানৰ বিষয়ে সকলোকে অৱগত কৰে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ল...

April 24, 2025 8:10 PM

views 25

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীত সর্বদলীয় বৈঠক

চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীত এখন সর্বদলীয় বৈঠক আৰম্ভ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠকত অধ্যক্ষতা কৰিছে। বৈঠকত গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ সভাপতি জে পি নাড্ডা, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকার্জুন খাৰ্গে, সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজু, ডি এম কে তিৰুচি শিবা, এন চি পিৰ নেতা প্রফুল পেটেল, সমাজবাদী পাৰ্টীৰ ৰামগোপাল যাদৱ, আম আদমী পাৰ্টীৰ সঞ্জয় সিং, আৰ জে ডিৰ প...