November 30, 2025 6:36 PM

views 17

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। অধিৱেশনৰ পূৰ্বে আজি সংসদ ভৱনত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৩৬টা ৰাজনৈতিক দলৰ ৫০জন নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ইতিবাচক পৰিবেশত এই বৈঠক অনুষ্ঠিত হয় আৰু চৰকাৰে সংসদীয় শীতকালীন অধিৱেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ নেতাকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। এইবাৰৰ অধিৱেশনত যিকোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা ...

November 20, 2024 12:46 PM

views 15

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে ২৪ নৱেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে ২৪ নৱেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াত সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন ২৫ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব।

July 21, 2024 6:47 PM

views 17

চৰকাৰে আসন্ন বাজেট অধিৱেশনৰ সময়ছোৱাত সংসদৰ উভয় সদনৰ কাম-কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ সহযোগিতা বিচাৰিছে

চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰে। বৈঠকত চৰকাৰে আসন্ন বাজেট অধিৱেশনৰ সময়ছোৱাত সংসদৰ উভয় সদনৰ কাম-কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, কিৰেন ৰিজিজু, অর্জুন ৰাম মেঘৱাল, জে পি নাড্ডা, চিৰাগ পাচোৱান, ৰামদাস আঠাৱালে, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ, এন চি পি নেতা প্রফুল পেটেল, ডি এম কেৰ নেতা টি.আৰ. বালু আৰু তিৰুছি শিৱা, আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিং আৰু এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন ওরেছ...

July 17, 2024 10:02 AM

views 16

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে দেওবাৰে সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে দেওবাৰে এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব। বাজেট অধিবেশন ২২ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ'ব। কেন্দ্রীয় বাজেট ২৩ জুলাইত সদনত দাখিল কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ ন...