June 9, 2025 1:21 PM June 9, 2025 1:21 PM

views 6

ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ আমেৰিকা ভ্ৰমণ সমাপ্ত

আমেৰিকালৈ যোৱা ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ অন্তিমটো দলে উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু উপ-বিদেশমন্ত্ৰী ক্রিষ্ট'ফাৰ লেণ্ডোক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ যাত্ৰাৰ সামৰণি মাৰিছে । পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ সংকল্পবদ্ধতাৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যে কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বত এই সর্বদলীয় প্রতিনিধি দলটো আমেৰিকালৈ গৈছিল। সন্ত্ৰাসবাদৰ সৈতে পাকিস্তানৰ যোগাযোগ থকাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ক অৱগত কৰোৱাৰ উদ্দেশ্যে সর্বদলীয় ৭টা প্রতিন...