April 23, 2025 7:51 PM

views 31

নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ বুজজিৰ চুক্তিত স্বাক্ষৰ

অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে সদৌ অসম ছাত্ৰ সন্থাই আজি নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে এখন বুজজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ আপুৰুগীয়া পুথি আৰু লিখিত সাহিত্যসমূহৰ ডিজিটেল ৰূপান্তৰ আৰু সংৰক্ষণৰ বাবে ব্যৱস্থা লোৱা হ'ব। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য আৰু অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ডাঃ নাৰায়ণ শৰ্মাৰ উপস্থিতিত এই...

July 10, 2024 12:02 PM

views 36

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ আজি প্ৰথম পৰ্যায়ৰ অনুষ্ঠান

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুয়েও অংশগ্ৰহণ কৰিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মুঠ ৩৪৯খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক ৬৮ কোটি ৪৪ লাখ টকা আদায় দিয়া হ'ব। এই আঁচনিৰ অধীনত ৯৪ হাজাৰ ৮৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী উপক...

May 15, 2024 8:10 PM

views 28

ৰাজ্যৰ বিভিন্ন ঠাইত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন ঠাইত আজি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বৰপেটা জিলা সমিতিয়ে জিলাৰ শ্বহীদ ভৱনত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্রণ, ঔষধৰ মূল হ্ৰাস আদি দাবীৰে সংগঠনটোৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। শিৱসাগৰতো জিলা ছাত্ৰ সন্থাই ইন্ধন, অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ আদি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰৰ ব’ৰ্ডিং ৰোডৰ পৰা সমদল উলি...