March 23, 2025 7:23 PM

views 18

সদৌ অসম কোচ সন্মিলনৰ ৩৬ সংখ্যক বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ সামৰণি

ধেমাজিৰ নিলখ হাইস্কুল খেলপথাৰৰ বিশ্ববীৰ চিলাৰায় সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম কোচ সন্মিলনৰ ৩৬ সংখ্যক বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ আজি সামৰণি পৰে। অন্তিম দিনাৰ কাৰ্যসূচীৰ অংশৰূপে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্রতিফলন ঘটোৱা হয়। ৰাজ্যৰ বিভিন্ন জিলাৰ প্রতিনিধিয়ে অংশগ্রহণ কৰা এই অধিবেশনত জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আৰু দাবী সম্পর্কে আলোচনা কৰা হয়।

July 21, 2024 8:04 PM

views 18

ঢকুৱাখনাত অনুষ্ঠিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীতৰ ৭ দিনীয়া কৰ্মশালাৰ সামৰণি

সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সৌজন্যত ঢকুৱাখনা জিলা সন্মিলনীৰ সহযোগত আয়োজিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীতৰ ৭ দিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে। মৰনৈ গাওঁ পঞ্চায়তত কাৰ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীত বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য ধৰণী বৰুৱাই মাল্যাৰ্পন কৰে। অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি বিধায়ক নৱ কুমাৰ দলে এনে নৃত্য গীতৰ কৰ্মশালাই জাতীয় কৃষ্টিৰ বিকাশত সহায়ক হ'ব বুলি উল্লেখ কৰে। ৭ দিনীয়া কৰ্মশালাত কোকৰাঝাৰৰ শিল্পী দিলিপ ৰয়, ব...