October 19, 2025 8:50 PM

views 24

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই সদৌ অসম ন্যায়াধীশ সন্থাৰ ৱেবছাইটটো উন্মোচন কৰে

কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ প্ৰেক্ষাগৃহত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই সদৌ অসম ন্যায়াধীশ সন্থাৰ ৱেবছাইটটো উন্মোচন কৰে। এই উপলক্ষে ন্যায়াধীশগৰাকীয়ে ন্যায়িক পেছাদাৰিত্ব, শিষ্টাচাৰ আৰু ন্যায়িক বিষয়াৰ পৰা আশা শীর্ষক বক্তৃতা আগবঢ়ায়। শ্রীভূঞাই কয় যে আজি মুকলি কৰা ৱেবছাইটটোৱে সদৌ অসম ন্যায়াধীশ সন্থাৰ সদস্যসকলৰ মাজত উন্নত যোগাযোগৰ সুবিধা প্রদান কৰি ফলপ্রসূ মঞ্চ হিচাপে পৰিগণিত হ'ব। নিজৰ ভাষণত তেওঁ ন্যায় ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা অক্ষুণ্ণ ৰাখিবলৈ ন্...