December 31, 2024 1:33 PM

views 15

সদৌ অসম ভাওনা প্ৰতিযোগিতাত যোৰহাট পুলিবৰৰ শ্ৰীমন্ত শংকৰ মাধৱ নাট্য গোষ্ঠীক শ্ৰেষ্ঠ দলৰ সন্মান

দুলীয়াজানৰ ত্ৰিদীৱ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু মধুপুৰ তিনিআলিৰ পার্শ্ববর্তী অঞ্চলৰ ৰাইজৰ সহযোগত অনুষ্ঠিত সদৌ অসম ভাওনা প্ৰতিযোগিতাত যোৰহাট পুলিবৰৰ শ্ৰীমন্ত শংকৰ মাধৱ নাট্য গোষ্ঠীক শ্ৰেষ্ঠ দলৰ সন্মান প্ৰদান কৰা হয়। ফুলপানীছিগাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠী আৰু লাহদৈগড় গোপালদেৱ সমন্বয় শিল্পী সমাজে যুটীয়াভাৱে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। একেদৰে শিৱসাগৰৰ ত্রিগুণাতীত নাট্য গোষ্ঠীয়ে তৃতীয় আৰু দুলীয়াজানৰ কুৰুক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠীয়ে চতুৰ্থ শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰে।