September 12, 2025 1:07 PM

views 36

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিংশতিতম প্রতিষ্ঠা দিৱসত জনজাতিকৰণক লৈ বিশেষ আলোচনা অনুষ্ঠিত

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিংশতিতম প্রতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ মুকলি সভাত কালি জনজাতিকৰণক লৈ বিশেষ আলোচনা অনুষ্ঠিত হয়। সভাত অংশ লৈ মন্ত্ৰী অতুল বৰাই তেওঁৰ ভাষণত কয়, যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত ৰাজ্য চৰকাৰে গুৰুত্ব দিছে আৰু কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্ত গ্রহণ কৰিব। ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত কালি বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতাসকলে জনজাতিকৰণৰ বিষয়টোত চৰকাৰে হেমাহি কৰা বুলি অভিযোগ কৰে। অনুষ্...