October 17, 2024 8:10 PM October 17, 2024 8:10 PM
2
সদৌ অসম উকিল সন্থাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক কমিটিৰ শপত গ্ৰহণ
সদৌ অসম উকিল সন্থাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক কমিটিখনে আজি শপত গ্ৰহণ কৰে। উকিল সন্থাৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত পূৰ্বৰ সভাপতি ডেভিদ লাইজাৰে নৱনিৰ্বাচিত সভাপতি শৈলেন্দ্ৰ দাসক দায়িত্বভাৰ অৰ্পন কৰে। লগতে পঞ্চমবাৰৰ বাবে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত দীপক কুমাৰ দাসে নৱ নিৰ্বাচিত সভাপতিৰ সৈতে পুনৰবাৰ দায়িত্ব গ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত সভাত প্ৰাক্তন আৰু বৰ্তমানৰ সভাপতি দুগৰাকীয়ে সদৌ অসম উকিল সন্থাক অধিক গতিশীল কৰাৰ বাবে সকলোকে নিস্বার্থভাৱে সেৱাত ব্ৰতী হ'বলৈ আহ্বান জনায়। সভাত জ্যেষ্ঠ ...