April 22, 2024 11:35 AM

views 71

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ আলিগড়ত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ আলিগড়ত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। আলিগড় সংসদীয় সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্রিলত লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। এই আসনখনৰ বাবে বৰ্তমানৰ সাংসদ তথা বিজেপি প্রার্থী সতীশ গৌতম, সমাজবাদী পার্টিৰ চৌধৰী বিজেন্দ্ৰ সিং আৰু বহুজন সমাজ পাৰ্টিৰ হিতেন্দ্ৰ কুমাৰৰ মাজত ত্রিকোণীয় প্রতিদ্বন্দ্বিতা হ'ব।