February 19, 2025 3:10 PM February 19, 2025 3:10 PM
16
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলি-আয়ে- লৃগাং পালন
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলে মাহজোৰা প্ৰস্তুতিৰ অন্তত কৃষিভিত্তিক উৎসৱ আলি-আয়ে- লৃগাং পালন কৰিছে। এই উৎসৱক লৈ মিচিং বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেঁতু গঢ়ি মিচিং জনজাতীয় লোকসকলে প্ৰতিবছৰে এই উৎসৱ পালন কৰি আহিছে। আলি মানে হৈছে শস্যৰ বীজ, আঃয়েৰ অৰ্থ হৈছে গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ হৈছে ৰোপণ কাৰ্য। এই কৃষিভিত্তিক উৎসৱত বীজ ৰোপণ কাৰ্য আৰম্ভ কৰাৰ লগতে এই উৎসৱৰ সৈতে জড়িত গীত-নৃত্যসমূহে মিচিংসকলৰ ঐতিহ্য আৰ...