October 23, 2024 12:19 PM

views 17

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেৰ কামাখ্যা মন্দিৰ দৰ্শন

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেই আজি কামাখ্যা মন্দিৰ দৰ্শন কৰি মাৰ আশিস গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে মা কামাখ্যাৰ আশিস লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয়। আজি পুৱাৰ ভাগত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত নিৰ্বাচনত তেওঁলোকৰ মিত্ৰজোঁটে জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।