October 31, 2025 7:04 PM

views 38

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় একতা দিৱস পালন

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত আজি পুৱা একতাৰ বাবে দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তদুপৰি চৰ্দাৰ বল্লভ ভাই পেটেললৈ শ্রদ্ধা নিবেদন কৰি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাষ্ট্ৰীয় একতা দিৱসত বিচক্ষণ ৰাজনীতিবিদ গৰাকীলৈ শ্রদ্ধা নিবেদন কৰাৰ লগতে সকলোকে ৰাষ্ট্রীয় সংহতি আৰু একতা অক্ষুণ্ণ ৰখাৰ বাবে নিজকে সমর্পণ কৰিবলৈ আহ্বান জনাইছে। ...