September 1, 2025 3:00 PM

views 24

বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গুৱাহাটীত কৰ্মশালাৰ আয়োজন

■ বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কাইলৈ গুৱাহাটীত এখন কৰ্মশালাৰ আয়োজন কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত হ'বলগীয়া এই কৰ্মশালাত অসমৰ উপৰি অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ২০১৮ চনত কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদে দেশৰ বিভিন্ন প্ৰান্তত বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰি আহিছে। এই পৰিষদ ...

September 1, 2025 2:55 PM

views 33

আফগানিস্তানৰ কুনাৰ প্ৰদেশত ভূমিকম্পত কমেও ২৩০ জন লোকৰ মৃত্যু

● আফগানিস্তানৰ জালালাবাদ নগৰৰ সমীপৰ কুনাৰ প্ৰদেশত কালি হোৱা এটা ভূমিকম্পত কমেও ২৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০০ জন লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক সমীক্ষা মতে ৰিখাৰ স্কেলত ৬ প্রাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ নানগাৰহাৰ প্ৰদেশৰ জালালাবাদ নগৰৰ ২৭ কিলোমিটাৰ পূব-উত্তৰ-পূবত বুলি কোৱা হৈছে। কুনাৰ দুৰ্যোগ্য ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে নুৰ্গুল, চোকী, ৱাতপুৰ, মানোগি আৰু চানাডাৰা জিলাত কমেও ২৩০ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৫০০ জন আহত হৈছে। পাকিস্তান আৰু ভাৰতৰ ৰাজধানী দিল্লীৰ লগতে উ...

September 1, 2025 2:52 PM

views 35

টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে

■ চীনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ অংশ হিচাপে অনুষ্ঠিত ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ সন্মিলনৰ পাছত আজি প্ৰকাশ পোৱা টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে। ইয়াৰ লগতে আঞ্চলিক সহযোগিতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত ভূমিকাকো স্বীকৃতি দিয়া হৈছে। শেহতীয়াকৈ পেহেলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্ৰমণত সদস্য ৰাষ্ট্ৰসমূহে তীব্ৰ গৰিহণা দিয়াৰ লগতে নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই ঘোষণাত লগতে এনেধৰণৰ আক্ৰমণৰ ঘটনাৰ অভিযুক্ত, সন্ত...

September 1, 2025 2:48 PM

views 31

সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয়ঃ প্রধানমন্ত্রী

● সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত দিয়া বিবৃতিত প্রধানমন্ত্ৰীয়ে সন্ত্রাসবাদক মানৱতাৰ বিৰুদ্ধে বৃহৎ ভাবুকি বুলি উল্লেখ কৰাৰ লগতে যিকোনো প্ৰকাৰৰ সন্ত্ৰাসবাদ গৰিহণাযোগ্য বুলি মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে বিগত চাৰিটা দশক ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আহিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱা ৰাষ্ট্ৰসমূহৰ প্ৰতি শ্ৰী মোদীয়ে কৃতজ্...

September 1, 2025 12:16 PM

views 38

ব্যৱসায়িক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫১ টকা ৫০ পইচাকৈ হ্ৰাস

ব্যৱসায়িক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫১ টকা ৫০ পইচাকৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা কাৰ্যকৰী হ'ব বুলি তেল ব্যৱসায়ীক কোম্পানীসমূহে কালি প্ৰকাশ কৰিছে। এই অনুসৰি দিল্লীত ১৯ কিল'গ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ এটা চিলিণ্ডাৰৰ মূল্য এতিয়াৰে পৰা এহেজাৰ পাঁচশ আশী টকা হ'ব। অৱশ্যে ১৪ দশমিক ২ কিল'গ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত আছে। এই মূল্য হ্রাসে দেশৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে তেল ব্যৱসায়ীক কোম...

August 31, 2025 10:10 PM

views 10

লক্ষ্ণৌৰ বেহতা বজাৰ অঞ্চলত অবৈধ ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত ২ গৰাকী লোকৰ মৃত্যুৰ লগতে ৫ গৰাকী লোক আহত

লক্ষ্ণৌৰ গুদাম্বা আৰক্ষী চকীৰ বেহতা বজাৰ অঞ্চলত থকা এটা অবৈধ ফটকা কাৰখানাত আজি সংঘটিত এটা বিস্ফোৰণত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৫ গৰাকী লোক আহত হয়। জিলা দণ্ডাধীশ ভিছাক জিয়ে জনোৱা মতে, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্রী যোগী আদিত্যনাথে ঘটনাক কেন্দ্ৰ কৰি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে।

August 29, 2025 1:52 PM

views 26

কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত

■ আহমেদাবাদৰ বীৰ ছাভাৰকাৰ ক্ৰীড়া প্ৰকল্পত চলি থকা কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত আছে। অসমৰ হৈ কালি বেদৱত ভঁৰালীয়ে প্ৰতিযোগিতাত তিনিটাকৈ নতুন অভিলেখ স্থাপন কৰি ল'ৰাৰ জুনিয়ৰৰ ৭৯ কিলোগ্রাম ওজন শাখাত স্বৰ্ণপদক হস্তগত কৰে। বেদব্ৰতে চে শিতানত ১৪৫ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জার্ক শিতানত ১৮১ কিলোগ্ৰাম উত্তোলন কৰে। খেলুৱৈগৰাকীয়ে সামগ্ৰিকভাৱে ৩২৬ কিলোগ্রাম উত্তোলন কৰি তিনিওটা শিতানত অভিলেখ ৰচিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত ভাৰতীয় দলক প্রতিনিধিত্ব ...

August 29, 2025 1:43 PM

views 36

গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন

●● আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় ১ মিনিট নির্ধাৰণ কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্রকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি এম-পি থ্ৰী ৰূপত ৯৭১৬৬৮০৯৬৯, ৯৮৬৪৩৯৩১৫৫ ...

August 29, 2025 1:39 PM

views 17

অতিৰিক্ত কৰ আয়ুক্ত ছাকিল ছাদুল্লাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ

● ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ সঞ্চালকালয়ৰ অতিৰিক্ত কৰ আয়ুক্ত ছাকিল ছাদুল্লাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আয়তকৈ অধিক সম্পত্তি অৰ্জনৰ গোচৰত যোৱা বুধবাৰে মুখ্যমন্ত্ৰী তদাৰকী কোষে অতিৰিক্ত কৰ আয়ুক্তগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। তদাৰকী কোষে কালি তেওঁক বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাই অধিক সোধাপোছাৰ বাবে জিম্মাত বিচৰাত অভিযুক্ত ছাদুল্লাক দুদিনৰ বাবে তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

August 29, 2025 1:36 PM

views 30

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস

● আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৯ আগষ্টত এই দিৱস পালন কৰা হয়। অসমতো আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্রীড়া দিৱস আয়োজন কৰা হৈছে। কামৰূপ জিলাত আজিৰ পৰা তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উদযাপন কৰা হ'ব। আজি পুৱা শুৱালকুছিত এটা সমুহীয়া খোজকঢ়া কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। এই সামুহিক খোজকঢ়া কাৰ্যসূচীৰ উদ্বোধন কৰে জিলা ক্রীড়া সংস্থাৰ কাৰ্যকৰী সভাপতি ডাঃ কার্তিক মেধিয়ে। শুৱালকুছি বস্ত্ৰ উদ্যানৰ পৰা ...