September 5, 2025 8:27 PM

views 33

পুৰুষৰ এছিয়া কাপ হকীৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব

বিহাৰৰ ৰাজগীড়ত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। খেলখন ৰাজগীড় আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব। ভাৰতে এতিয়ালৈকে এখন খেলত জয়লাভ কৰাৰ লগতে আন এখন খেলত সমতা স্থাপন কৰি ছুপাৰ ফ'ৰ পৰ্যায়ৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। কালি সন্ধিয়া অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত ভাৰতে মালয়েছিয়াক ৪-১ গ'লত পৰাস্ত কৰিছিল। অধিনায়ক হৰমনপ্রীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে আক্রমণাত্মকভাৱে খেলি প্ৰতিযোগিতাৰ শক্তিশাল...

September 4, 2025 3:54 PM

views 21

জি এছ টিৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া ব্যৱস্থাই সকলো পক্ষকে উপকৃত কৰিব

● সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া ব্যৱস্থাই সকলো পক্ষকে উপকৃত কৰিব বুলি দেশৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণে মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাইও ইয়াৰ ফলত স্বাস্থ্য সেৱাৰ বাবে হোৱা ব্যয়ৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীত হ'ব বুলি আশা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীনাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ ব্যৱস্থাই দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বা...

September 4, 2025 3:48 PM

views 28

সমগ্ৰ দেশতে কাইলৈ ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হ’ব

■ সমগ্ৰ দেশতে কাইলৈ ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হ'ব। শিক্ষক, দার্শনিক তথা অক্সফোর্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো দেশজুৰি শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। ৰাধাকৃষ্ণণে দেশৰ শিক্ষাখণ্ডত ৰূপান্তৰকাৰী সংস্কাৰ সাধন কৰিছিল। তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি শিক্ষক হিচাপে অনবদ্য সেৱা আগবঢ়োৱা দেশৰ মুঠ ৪৫গৰাকী শিক্ষকক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ বঁটাৰে সন্মানিত কৰিব।

September 4, 2025 3:39 PM

views 18

বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এ বিহাৰত ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত

● বিহাৰত শাসনাধিষ্ঠিত বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এই আজি ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলে দাৰভাঙ্গাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃক লৈ বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত এন ডি এ সমর্থিত দলসমূহে এই বন্ধৰ আহ্বান জনায়। আজি পুৱাৰে পৰা বিজেপি আৰু জনতা দল ইউনাইটেডকে ধৰি অন্যান্য দলৰ নেতাসকলে বিভিন্ন স্থানত বন্ধৰ সমৰ্থনত ধর্ণা দিয়ে। পাটনা, বেগুচৰাই, মুংগাৰ, ভগলপুৰ, ছেওহৰ আৰু ভোজপুৰকে ধৰি প্রায় সকলো জিলাতে বন্ধৰ প্ৰভাৱ পৰিলক্ষিত ...

September 4, 2025 3:35 PM

views 44

ভাৰতৰ মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে কাইলৈ ভাৰত-নেপাল ন্যায়িক আলোচনাত ভাষণ দিব

● ভাৰতৰ মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে কাইলৈ ভাৰত-নেপাল ন্যায়িক আলোচনাত ভাষণ দিব। মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি সন্ধিয়া প্ৰথমবাৰৰ বাবে তেওঁ কাঠমাণ্ডুত উপস্থিত হ'ব। ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা গাৱাইয়ে কাইলৈ এই বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে নেপালৰ মুখ্য ন্যায়াধীশ প্রকাশমন সিং ৰাউতৰ সৈতে সুকীয়াকৈ এখন বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্রমণকালত তেওঁ বুদ্ধ সাংস্কৃতিক নগৰী লুম্বিনীৰ লগতে পাটানত অৱস্থিত ইউনেস্কোৰ সাংস্কৃতিক ঐতিহ্যস্থলী আৰু কাঠমাণ্ডু ...

September 4, 2025 3:57 PM

views 17

জি এছ টি সংস্কাৰ ব্যৱস্থাক আদৰণি দেশৰ উদ্যোগিক খণ্ডৰ

● দেশৰ উদ্যোগ জগতে শেহতীয়া জি এছ টি সংস্কাৰ ব্যৱস্থাক আদৰণি জনাই কৰ ব্যৱস্থাৰ সৰলীকৰণৰ ফলস্বৰূপে ব্যৱসায়-বাণিজ্য পূৰ্বতকৈ সহজ হৈ উঠিব বুলি মত প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ মহাসংঘ চি আই আয়ে এই সন্দৰ্ভত কয় যে ৫ শতাংশ আৰু ১৮ শতাংশৰ দুই তৰপীয়া জি এছ টিৰ ব্যৱস্থাই ধন ঘুৰাই পোৱা প্ৰক্ৰিয়াৰ লগতে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ কাম-কাজ সৰল কৰি তুলিব। গাইগুটীয়া জীৱন বীমা আৰু স্বাস্থ্য বীমা খণ্ডক জি এছ টিৰ পৰা ৰেহাই দিয়া কাৰ্যৰ শলাগ লৈ ইয়াৰ ফলত সংশ্লিষ্ট সকলো পক্ষ উপকৃত হ'ব বুলি মহাসংঘই মত প্ৰকাশ...

September 4, 2025 12:19 PM

views 15

ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ’ব

■ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ'ব। ২৫ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ অধ্যক্ষ জনার্ধনা দাস উপস্থিত থাকিব। এই কেন্দ্ৰীয় সামূহিক ৰান্ধনী ঘৰৰ জৰিয়তে প্রধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে বিদ্যালয়ৰ শি...

September 4, 2025 12:11 PM

views 30

অংগনবাড়ী কেন্দ্ৰসমূহৰ সহাৱস্থানৰ নিৰ্দেশাৱলী উন্মোচন কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধান, অন্নপূর্ণা দেৱীৰ

■ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান আৰু কেন্দ্ৰীয় মহিলা তথা শিশু উন্নয়ন মন্ত্রী অন্নপূর্ণা দেৱীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত বিদ্যালয়সমূহৰ সৈতে অংগনবাড়ী কেন্দ্ৰসমূহৰ সহাৱস্থানৰ নিৰ্দেশাৱলী উন্মোচন কৰে। শ্ৰীপ্রধানে কয়, যে এই পদক্ষেপে প্ৰতিগৰাকী মাতৃ আৰু শিশুৰ যত্ন সুনিশ্চিত কৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ সৈতে সংগতি ৰাখি শিক্ষণ পদ্ধতিৰ ভেঁটি সুনিশ্চিত কৰিব। তেওঁ লগতে কয়, যে নির্দেশনাৱলীত শিশুৰ অংগনবাড়ীৰ পৰা বিদ্যালয়লৈ পৰিৱৰ্তন, উন্নত স্বাস্থ্য আৰু পুষ্টি প্ৰাথমিক শিক্ষাৰ গত...

September 4, 2025 11:53 AM

views 11

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতা

■ আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে বাতৰি বিভাগৰ তৰফৰ পৰা অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় ১ মিনিট নির্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি এম-পি থ্ৰী ৰূপত ৯৭১৬৬৮০৯৬৯, ৯৮৬৪৩৯৩১৫৫ আৰু ৯৬১৯৬৮৬৬৫৯ এই তিনিটা নম্বৰৰ যিকোনো এটা নম্বৰলৈ ২...

September 4, 2025 11:29 AM

views 22

৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

■ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ড০ ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ্ট গীতিকাৰ ড০ দিনেশ বৈশ্য, বিশিষ্ট নিৱন্ধকাৰ ড০ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল'বলগীয়া এই আলোচনাৰ অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ...