September 5, 2025 8:44 PM

views 32

NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা

প্রসিদ্ধ শিক্ষাবিদ, দার্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ, NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা ...

September 5, 2025 8:41 PM

views 55

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা, সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। মন্ত্রী তথা জেষ্ঠ্য বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসে আজি বাক্সা জিলাৰ ভোটেপোৱাবৰীৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ এখন বৈঠকত অংশ লয়। বিজেপি প্ৰাৰ্থী ৰমেন মদাহীৰ হৈ প্ৰচাৰ চলাই তেওঁ গোট সমিতিৰ কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰী তথা জেষ্ঠ্য বিজেপি নেতা পীয়ুষ হাজৰিকাই ওডালগুৰি জিলাত বিটিআৰ নিৰ্বাচনৰ এখন প্ৰস্তু...

September 5, 2025 8:36 PM

views 40

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ৩জন লোকক গ্ৰেপ্তাৰ

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীয়ে আজি ঠিকাদাৰী প্ৰতিষ্ঠানৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। নলা নিৰ্মাণৰ সময়ত সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আৰক্ষীয়ে ভার্তিয়া ইনফ্রা প্রকল্প লিমিটেডৰ সঞ্চালক অবিনাশ ভার্তিয়া, নিৰাপত্তা অভিযন্তা কৌশিক গগৈ আৰু উপ প্ৰকল্প প্ৰৱন্ধক প্ৰসন্ন জিৎ পাঠকক গ্ৰেপ্তাৰ কৰে। এই ঘটনা সংক্রান্তত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ আৰু অধিক লোক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জনাইছে। উল্লেখযোগ্য যে মৃত শিশুটিৰ পিতৃ...

September 5, 2025 8:33 PM

views 39

দেশৰ বজাৰৰ ১৭৫ বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস

জি এছ টি পৰিষদে অহা ২২ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সামগ্ৰী আৰু সেৱা কৰৰ স্তৰ বৰ্তমানৰ ৪ টাৰ পৰা ২ টালৈ হ্ৰাস কৰাৰ সিদ্ধান্তক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আদৰণি জনাইছে। এই সিদ্ধান্তৰ ফলত দেশৰ বজাৰৰ ১৭৫ বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস পাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৭ ছেপ্তেম্বৰৰ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত জি এছ টি হ্রাস সম্পর্কে সমাজৰ বিভিন্ন শ্রেণীৰ লোকৰ মতামত প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচ...

September 5, 2025 7:56 PM

views 30

গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আকাশবাণী গুৱাহাটীৰ অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতা

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি ২৪ ছেপ্তেম্বৰৰ পূৰ্বে এম-পি থ্ৰী ৰূপত হোৱাট্‌ছএপযোগে পঠিয়াব লাগিব। হোৱাট্‌ছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্রতিযোগীয়ে আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী চাব পাৰে।

September 5, 2025 7:33 PM

views 22

শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত আজি শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পূজাৰ সময়ত দৰ্শনাৰ্থীৰ সুৰক্ষা, পূজা উদযাপনৰ বাবে প্ৰয়োজনীয় অনুমতি, যান-বাহনৰ নিয়মাৱলী, প্রতিমা বিসর্জনকে ধৰি কেইবাটাও বিষয়ক লৈ বৈঠকত আলোচনা কৰা হয়। পূজা সমিতি সমূহক এই বৈঠকত জিলা প্ৰশাসনৰ নিয়মাৱলী সম্পৰ্কে অৱগত কৰা হয়। জিলা প্রশাসনে প্রতিখন পূজা মণ্ডপত চি চি টিভিৰ ব্যৱস্থা কৰিবলৈ সমিতি সমূহক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে পূজা সমিতি সমূহক পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু পৰ্য্যাপ্ত পোহৰৰ ব্...

September 5, 2025 7:09 PM

views 21

সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আজি নতুন দিল্লীত আৰম্ভ

সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আজি নতুন দিল্লীত আৰম্ভ হৈছে। এই মেলাই গ্ৰামাঞ্চলৰ মহিলাসকলক নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে গুৰুত্বপূৰ্ণ বিপণন মঞ্চ প্ৰদান কৰি আহিছে। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আত্মসহায়ক গোটৰ ৪০০ৰো অধিক মহিলাই এই মেলাত অংশগ্ৰহণ কৰিছে। এই বছৰ এই মেলাৰ মূল বিষয়বস্তু হৈছে— লাখপতি দিদিৰ বিকাশ – গ্ৰামাঞ্চলৰ মহিলাসকলক সফল উদ্যমী আৰু ভোকেল ফ'ৰ লোকেল অভিযানৰ হোতা হ'বলৈ সবল কৰি তোলা। প্ৰথমবাৰৰ বাবে এইবেলি লাখপতি দিদিসকলে সম্পূৰ্ণৰূপে সৰস মেলাৰ দায়িত্ব পালন কৰিব। ...

September 5, 2025 6:49 PM

views 24

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ মিলাদ-উন-নবী উদযাপন

ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ আজি জন্মদিন। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজিৰ দিনটো পৱিত্ৰ মিলাদ-উন-নবী হিচাপে উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাদ-উন-নবী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে দেশবাসীক বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। পয়গম্বৰ মহম্মদে একতা আৰু মানৱতাৰ সেৱাৰ বাণী বিলাইছিল বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়...

September 5, 2025 6:30 PM

views 21

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। মৰিগাওঁ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাওঁ মজলীয়া বিদ্যালয় আৰু মৰিসুঁতি টোপ নতুন প্রাথমিক বিদ্যালয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শ‍ইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গোৱালপাৰা চহৰত নটসূৰ্য্য ফণী শৰ্মা ভৱনত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা বাচনি কৰা ২৪ গৰাকী শি...

September 5, 2025 6:09 PM

views 17

ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন

প্রসিদ্ধ শিক্ষাবিদ, দার্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰে । এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ, NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ছখন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা...