September 11, 2025 12:55 PM

views 52

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলন আৰম্ভ

● ২০২৬ চনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জনজাতিকৰণৰ দাবীত আন্দোলন পুনৰ আৰম্ভ হৈছে। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসনৰ দাবীত কালি তিনিচুকীয়া জিলাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত এটা বৃহৎ জোঁৰ সমদল উলিওৱা হয়। জনজাতিকৰণ মৰাণসকলৰ নাৰ্য্য প্রাপ্তি বুলি দাবী কৰি এই লৈ কোনোধৰণৰ ৰাজনৈতিক বঞ্চনা সহ্য কৰা নহ'ব বুলি জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ প্ৰতিনিধিয়ে কালি তিনিচুকীয়া চহৰত এই প্রতিবাদত ভাগ লয়। তিনিচুকীয়া আই টি আই খেলপথাৰৰ পৰা নগৰখনৰ থানা চাৰিআলি লৈ প্ৰায় ৫ কিলোমিটাৰ পথজুৰি জোঁৰ সমদল কৰ...

September 11, 2025 12:46 PM

views 28

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০ টা পদৰ প্ৰথমখন অস্থায়ী যোগ্যতাৰ তালিকা প্ৰকাশ

● অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০ টা পদৰ প্ৰথমখন অস্থায়ী যোগ্যতাৰ তালিকা কালি নিশা প্ৰকাশ কৰে। সঞ্চালকালয়ে dee.assam.gov.in ৱেবছাইটৰ জৰিয়তে এই তালিকা প্রকাশ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা অনুসৰি যাৱতীয় প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছত বাছনি লাভ কৰা প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা মৰ্মে ১০ অক্টোবৰত নিযুক্তি প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে এই প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ ক্ষেত্ৰত পূর্বে উচ্চ ন্যায়ালয়...

September 11, 2025 12:43 PM

views 29

গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ

■ গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। জলেশ্বৰৰ ফেৰীঘাট এলেকাত খহনীয়াৰ ফলত জলেশ্বৰ বজাৰৰ লগতে জলেশ্বৰ আৰক্ষী চকী, আদৰ্শ চিকিৎসালয় আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে কালি যন্ত্রচালিত নাৱেৰে খহনীয়াৰ পৰিদৰ্শন কৰে। তেওঁ জলসম্পদ বিভাগৰ কৰ্মচাৰী বিষয়াসকলক আজিৰেপৰা স্পৰ্শকাতৰ এলেকাসমূহত জিঅ' বেগৰ জৰিয়তে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

September 11, 2025 12:34 PM

views 61

টাৱাঙৰ গেৰিচেন ৰেঞ্জৰ খাংৰি হিমবাহ তাৎপর্যপূর্ণভাৱে গলিবলৈ ধৰা পৰিলক্ষিত

● ভূ-বিজ্ঞান আৰু হিমালয় অধ্যয়ন কেন্দ্ৰই অৰুণাচল প্ৰদেশৰ টাৱাঙৰ গেৰিচেন ৰেঞ্জৰ খাংৰি হিমবাহৰ নিৰীক্ষণৰ সময়ত হিমবাহটো ক্রমান্বয়ে তাৎপর্যপূর্ণভাৱে গলিবলৈ ধৰা পৰিলক্ষিত কৰিছে। হিমবাহটোৰ গলনৰ হাৰ বৃদ্ধি পাই এবছৰত প্ৰায় ডেৰ মিটাৰ বৰফ বিগলিত হৈছে বুলি কেন্দ্ৰটোৰ পৰ্যবেক্ষক বিজ্ঞানীসকলৰ অধ্যয়নত প্ৰকাশ পাইছে। ২০১৬ চনৰ পৰা চলিত বৰ্ষলৈকে কৃত্ৰিম উপগ্ৰহৰ ছবিৰ বিশ্লেষণত মাগ্ৰু শ্বু অববাহিকাৰ খাংৰি হিমবাহৰ বাদেও অন্যান্য হিমবাহবোৰ গলি তুষাৰ ৰেখা ক্ৰমাৎ পিছুৱাই যোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত হিমবাহ হ্ৰদৰ...

September 11, 2025 1:03 PM

views 48

নুমলীগড়ত দেশৰ দ্বিতীয়টো হাইড্ৰ’জেন প্ৰকল্প আৰম্ভ কৰা হ’ব

● নুমলীগড়ত দেশৰ দ্বিতীয়টো হাইড্ৰ'জেন প্ৰকল্প আৰম্ভ কৰা হ'ব। বিকল্প শক্তিৰ উৎস হিচাপে এই প্ৰকল্পটো আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নুমলীগড় ভ্ৰমণকালত সাংবাদিকৰ আগত প্ৰকাশ কৰে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অহা ১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয়, যে হাইড্ৰ'জেন প্ৰকল্পৰ বাবে যাৱতীয় প্রস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া ...

September 11, 2025 12:30 PM

views 29

আকাশবাণী গুৱাহাটীৰ বাতৰি পঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি ২৪ ছেপ্তেম্বৰৰ পূৰ্বে এম-পি থ্ৰী ৰূপত হোৱাট্‌ছএপযোগে পঠিয়াব লাগিব। হোৱাট্‌ছএপ নম্বৰকে ধৰি প্রতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্রতিযোগীয়ে আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী চাব পাৰে।

September 11, 2025 12:25 PM

views 34

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪.৬ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬.৯ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

September 9, 2025 2:50 PM

views 21

সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰৰ পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল

■ সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল কৰিছে। উল্লেখযোগ্য যে কালি সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে নৱপ্ৰজন্মই বিক্ষোভ প্ৰদৰ্শন কৰিছিল। প্ৰশাসনে এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে কেতবোৰ বিক্ষিপ্ত ঘটনা ঘটে আৰু ১৯ গৰাকী লোক নিহত হোৱাৰ লগতে ৩০০ জনতকৈও অধিক লোক আহত হয়। নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী গুৰুঙে কেবিনেটৰ জৰুৰী বৈঠকৰ পাছত চৰকাৰে সামাজিক মাধ্যমৰ মঞ...

September 9, 2025 3:07 PM

views 31

কেৰালাত আয়োজন কৰা অ’নাম উৎসৱ উদযাপনৰ চৰকাৰী কাৰ্যসূচীৰ আজি সন্ধিয়া সামৰণি

● কেৰালাত আয়োজন কৰা অ’নাম উৎসৱ উদযাপনৰ চৰকাৰী কাৰ্যসূচীৰ আজি সন্ধিয়া সামৰণি পৰিব। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলেকাৰে আজি এই উদ্দেশ্যে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্রা পতাকা জোকাৰি উদ্বোধন কৰিব। আজি বিয়লি চাৰে চাৰি বজাত আৰম্ভ হ'বলগীয়া এই শোভাযাত্ৰাই উৎসৱৰ সামৰণিৰ পৰ্যায়ৰ সূচনা কৰিব। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ৰাজ্যখনৰ সহস্ৰাধিক শিল্পীয়ে অংশগ্রহণ কৰিবলগীয়া এই সাংস্কৃতিক শোভাযাত্ৰাত কেৰালাৰ সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰতিফলন ঘটিব। তদুপৰি সেনাৰ ৰেণ্ডৰ লগতে ঝাৰখণ্ড, উত্তৰ প্...

September 9, 2025 2:42 PM

views 23

দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত

■ দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। নতুন সংসদ ভৱনত জ্যেষ্ঠ বিজেপি নেতা আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ভোটদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অশ্বিনী বৈষ্ণৱ, জিতেন্দ্ৰ সিং, প্ৰহ্লাদ যোশী, ৰাজ্য সভাৰ উপ-সভাপতি হৰি বংশ, প্রাক্তন প্ৰধানমন্ত্ৰী আৰু জে ডি এছৰ সাংসদ এইচ ডি দেৱেগৌড়া, ৰাজ্যসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, জ্যেষ্ঠ কংগ্ৰেছ সাংসদ ছোনিয়া গান্ধী, ডি এম কে সাংসদ দয়ানিধি মাৰান, সমাজবা...