September 25, 2025 10:06 PM

views 60

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানক দলৰ নিৰ্বাচনী দায়িত্বভাৰ অৰ্পণ

বিজেপিয়ে আজি সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানক দলৰ নিৰ্বাচনী দায়িত্বভাৰ অৰ্পণ কৰিছে। দলে কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাৰ্টিল আৰু উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌর্যক নির্বাচনী দায়িত্বভাৰ অৰ্পণ কৰিছে।

September 22, 2025 9:23 PM

views 78

নাগালেণ্ডৰ ৰাষ্ট্ৰীয় সমাজবাদী পৰিষদৰ লগতে ফৈদ আৰু শাখাসমূহক ৫ বছৰৰ বাবে অবৈধ সংগঠন হিচাপে ঘোষণা গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে আজি নাগালেণ্ডৰ ৰাষ্ট্ৰীয় সমাজবাদী পৰিষদৰ লগতে ইয়াৰ সকলো ফৈদ আৰু শাখাসমূহক এই মাহৰ ২৮ তাৰিখৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৫ বছৰৰ বাবে অবৈধ সংগঠন হিচাপে ঘোষণা কৰে ৷ এখন অধিসূচনাত মন্ত্রালয়ে প্রকাশ কৰে যে এই সংগঠনটো ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ ক্ষতিকাৰক কাৰ্যকলাপৰ সৈতে জড়িত আছিল। মন্ত্রালয়ে লগতে উল্লেখ কৰে যে এই সংগঠনটো ১৩ জন আৰক্ষী আৰু ৫১ জন নিৰাপত্তা বাহিনীৰ লোকক হত্যা কার্যত জড়িত আছিল।

September 22, 2025 9:15 PM

views 25

দিল্লীত সুস্থ নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ অধীনত আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰ নিৰীক্ষণ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান দিল্লীত আয়োজিত সুস্থ নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ অধীনত আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰ নিৰীক্ষণ কৰে। তেওঁ কয়, যে ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈকে দিল্লীৰ লগতে সমগ্ৰ দেশতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে য'ত বিনামূলীয়াকৈ মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। সেৱা পষেকৰ অধীনত গ্ৰহণ কৰা এই পদক্ষেপ মহিলাসকলৰ স্বাস্থ্য আৰু সৱলীকৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ । তেওঁ মহিলাসকলক শিবিৰলৈ আহি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ আ...

September 22, 2025 9:11 PM

views 31

সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰে দেশৰ অৰ্থনৈতিক বিকাশত নতুন গতি প্রদান কৰিবঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰে দেশৰ অৰ্থনৈতিক বিকাশত নতুন গতি প্রদান কৰিব বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে দেশৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা বাঢ়িব আৰু ইয়াৰ বাবে মুঠ ঘৰুৱা উৎপাদন প্রায় ২০ লাখ কোটি টকা বৃদ্ধি পাব। তেওঁ কয়, যে দেশৰ জনগণে চৰকাৰৰ এই সিদ্ধান্তত সন্তোষ প্ৰকাশ কৰিছে। কিয়নো এতিয়াৰে পৰা দৈনন্দিন প্রয়োজনৰ প্ৰায়বোৰ সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ ফলত তেওঁলোকৰ আয়...

September 22, 2025 9:08 PM

views 27

নতুন সামগ্ৰী আৰু সেৱা কৰ সংস্কাৰে সমগ্ৰ দেশৰ জনসাধাৰণক লাভান্বিত কৰিবঃ জে পি নাড্ডা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নতুন সামগ্ৰী আৰু সেৱা কৰ সংস্কাৰে সমগ্ৰ দেশৰ জনসাধাৰণক লাভান্বিত কৰিব বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি ব্যৱসায়ীসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিপনীৰ স্বত্তাধিকাৰীসকলক তেওঁলোকৰ বিপনীত স্বদেশী সা-সামগ্ৰী বিক্ৰী কৰাত অগ্ৰাধিকাৰ দিয়াৰ বাবে আহ্বান জনায়। ক্ষুদ্ৰ ব্যৱসায়ীসকলক সমর্থন আগবঢ়োৱা আৰু ব্যৱসায়ীক সূচলতা বৃদ্ধিয়ে এই সংস্কাৰৰ মূল লক্ষ্য।

September 22, 2025 8:17 PM

views 34

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি বঙাইগাঁৱত যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি আজি বঙাইগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা দিয়া হয়। প্ৰতিটো বিধানসভা সমষ্টিৰ এশজন যক্ষ্মা ৰোগীক, নিক্ষয়মিত্ৰই এই খাদ্যৰ টোপোলা বিতৰণ কৰে। বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত এই খাদ্যৰ টোপোলা প্ৰদান অনুষ্ঠানত জিলা আয়ুক্ত নৱদ্বীপ পাঠক উপস্থিত থাকে। অনুষ্ঠানটি প্রয়াত মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা হয়। তিনিচুকীয়া জিলাতো আজি সেৱা সপ্তাহৰ অং...

September 22, 2025 8:13 PM

views 21

আকাশবাণী গুৱাহাটীৰ অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি ২৪ ছেপ্তেম্বৰৰ পূৰ্বে এম-পি থ্ৰী ৰূপত হোৱাট্‌ছএপযোগে পঠিয়াব লাগিব। হোৱাট্‌ছএপ নম্বৰকে ধৰি প্রতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী চাব পাৰে।

September 22, 2025 8:10 PM

views 28

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা আধ্যাত্মিক ৰীতি-নীতিৰে নৱৰাত্ৰি পূজা

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা আধ্যাত্মিক ৰীতি-নীতিৰে নৱৰাত্ৰি পূজা কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰম্ভ হোৱা নৱৰাত্ৰি উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ ৯টা ৰূপক পূজা-অৰ্চনা কৰে। আজি প্ৰথম দিনা শৈলপুত্রী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিনী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে মহাষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছত...

September 22, 2025 7:57 PM

views 27

ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব

ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এখন সংবাদমেল যোগে এই বিষয়ে নিশ্চিত কৰে। তেওঁ কয়, যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে বাৰম্বাৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বাধ্য হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ শেষকৃত্য সময়ৰ কিছু সালসলনি হ'ব পাৰে বুলি মু...

September 22, 2025 7:51 PM

views 31

অসমৰ সংগীত আকাশৰ জ্যোতিষ্কক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ আজিও অগণন লোক সৰুসজাই ষ্টেডিয়ামত সমবেত

কফিনত শুই থকা অসমৰ সংগীত আকাশৰ জ্যোতিষ্কক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ আজিও অগণন লোক সৰুসজাই ষ্টেডিয়ামত সমবেত হয়। ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিৱ...