September 25, 2025 10:27 PM

views 37

লোকসেৱা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। মৰাণসকলৰ জনজাতিকৰণৰ দাবীক লৈ চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৈঠকত অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান, গ্রেজিঙৰ ভূমিত বাস কৰা মৰাণসকলক ভূমিৰ অধিকাৰ প্ৰদান, স্বায়ত্তশাসিত পৰিষদৰ সীমা নির্ধাৰণ আদি...

September 25, 2025 10:22 PM

views 65

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে আজিও প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই আজি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি গুৱাহাটী ছহিদ ন্যাস ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ লগতে এই ঘটনাৰ প্ৰতিবাদত কাইলৈ প্ৰতিখন জিলাৰ সদৰ স্থানত মমবাতি জ্বলাই সমদল কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁলোকে এই তদন্ত ক্ষীপ্ৰ আৰ...

September 25, 2025 10:15 PM

views 29

এছিয়া কাপ টি-২০ ক্রিকেটৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ’ব

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ'ব। প্রতিযোগিতাত আজি নিশা ৮ বজাত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত বাংলাদেশ পাকিস্তানৰ মুখামুখি হ'ব। খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতে যোৱা নিশা ছুপাৰ ফ'ৰ পৰ্যায়ৰ নিজৰ দ্বিতীয়খন খেলত বাংলাদেশক ৪১ ৰাণত পৰাস্ত কৰে৷

September 25, 2025 10:22 PM

views 33

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। প্রান্তে প্রান্তে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাইলৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰিব ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ পাৰৰ নিৰ্মীয়মান উদ্যানখন জুবিন গার্গ ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছে। উদ্যানখনত আজি শিল্পীগৰাকীৰ শিল্পী চিতাভষ্ম স্থাপন কৰাৰ লগতে দুটা নাহৰৰ পুলি...

September 25, 2025 8:14 PM

views 39

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আছাম পাব্লিক ৱৰ্কছ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি আজি আছাম পাব্লিক ৱৰ্কছ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠন দুটাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে। আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাই এই আবেদনখন দাখিল কৰে। এই ঘটনাৰ তদন্ত বিচাৰি এজন অধিবক্তাই দাখিল কৰা আন এখন ৰাজহুৱা স্বার্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি গ্রহণ কৰিছিল।

September 25, 2025 10:08 PM

views 24

ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে জৈৱ ইন্ধন আহৰণৰ ক্ষেত্ৰত ২০ শতাংশ সফলতা লাভ কৰিছেঃ হৰদীপ সিং পুৰী

ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে জৈৱ ইন্ধন আহৰণৰ ক্ষেত্ৰত ২০ শতাংশ সফলতা লাভ কৰিছে বুলি কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি প্ৰকাশ কৰে ৷ নতুন দিল্লীত অনুষ্ঠিত ৱৰ্ল্ড হাইড্ৰ'জেন ইণ্ডিয়া সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ভাৰতে ২০৩০ চনৰ ভিতৰত পাঁচ মিলিয়ন টন সেউজ হাইড্ৰ'জেন উৎপাদনৰ সামৰ্থ লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মন্ত্ৰী শ্ৰী সিঙে কয়, যে সেউজ হাইড্ৰ'জেন গেছে ভৱিষ্যতৰ ইন্ধন আৰু ইয়াৰ জৰিয়তে স্থানীয় চাহিদা, স্থানীয় ...

September 25, 2025 10:04 PM

views 20

কাইলৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ২০২৪ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ২০২৪ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা দেশৰ পুৰণি আৰু সন্মানীয় বঁটাসমূহৰ ভিতৰত অন্যতম। ভূ-বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব আৰু অৱদান আগবঢ়োৱাৰ বাবে ব্যক্তিগত আৰু দলীয়ভাৱে এই সন্মান আগবঢ়োৱা হয়। খনি মন্ত্ৰালয়ে প্রত্যেক বছৰে তিনিটা শাখাত এই বঁটাসমূহ প্ৰদান কৰে। এই বঁটাসমূহ হৈছে – আজীৱন কৃতিত্বৰ বাবে ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ৰাষ্...

September 25, 2025 10:02 PM

views 43

সমগ্ৰ দেশতে আত্মনিৰ্ভৰ ভাৰত আৰু হৰ ঘৰ স্বদেশী অভিযানৰ শুভাৰম্ভ

ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰে পৰা সমগ্ৰ দেশতে আত্মনিৰ্ভৰ ভাৰত আৰু হৰ ঘৰ স্বদেশী অভিযানৰ শুভাৰম্ভ কৰে। নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙে এই কথা ঘোষণা কৰি কয়, যে এই অভিযান প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তী, ২৫ ডিচেম্বৰ, ২০২৫লৈ চলি থাকিব। তেওঁ লগতে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনলৈ এখন বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প গ্ৰহণ কৰিছে আৰু এই লক্ষ্য প্ৰাপ্তিৰ পথ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ জৰিয়তে সম্ভৱপৰ হ'ব। সংবাদমেলত শ্ৰী সিঙে কয়, যে ৯০ দিনৰ এই অভ...

September 25, 2025 7:46 PM

views 37

কাইলৈ পুৱা ৮ বজাৰ পৰা বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা

● বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হ'বলগীয়া এই ভোটগণনা প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে বিটিআৰৰ জিলাকেইখনৰ প্ৰশাসন সাজু হৈ উঠিছে। প্রশাসনে স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহত বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। এই ভোটগণনাৰ জৰিয়তে ৩১৬ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ'ব। উল্লেখযোগ্য যে যোৱা ২২ ছেপ্তেম্বৰত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণত ৭৮.৪২ শতাংশ লোকে ভোটদান কৰিছিল। ইয়াৰ ভিতৰত কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত ৮২....

September 25, 2025 7:33 PM

views 44

শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰস্থিত বাসভৱনত প্ৰাৰম্ভিক তদন্ত

● শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধানকাৰী গোট- এছ আই টিৰ এটা দলে আজি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনত প্ৰাৰম্ভিক তদন্ত চলায়। এছ আই টিৰ দলে আজি জুবিন গাৰ্গৰ সহযোগী শেখৰ গোস্বামীৰ বাসগৃহলৈও গৈ প্ৰাৰম্ভিক তথ্য আহৰণ কৰে। চি আই ডিয়ে আজি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায়। চি আই ডিৰ অভিযানৰ সময়তে মেনেজাৰ্জনৰ ঘৰৰ বাহিৰত উত্তেজিত জনতাক আৰক্ষীয়ে বহু কষ্ট কৰি...