October 8, 2025 8:28 PM

views 25

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ ৰুজু

বিশিষ্ট ব্যৱসায়ী তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে। শ্ৰীমতী ভূঞাৰ গোল্ডেন থ্রেডছ অৱ আচাম নামৰ সংস্থাই ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' অনুষ্ঠিত কৰা বুলি বিধায়কগৰাকীয়ে কৰা অভিযোগ খণ্ডন কৰি তেওঁ কামৰূপ মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই গোচৰ ৰুজু কৰে। আদালতে অহা ৩০ অক্টোবৰত গোৰটোৰ শুনানি লোৱা হব বুলি প্ৰকাশ কৰিছে।

October 8, 2025 8:22 PM

views 28

আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা

ধাৱীয় জৈৱিক পৰিকাঠামোৰ বিকাশৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। চুচুমু কিটাগাৱা, ৰিছাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘি নামৰ এই বিজ্ঞানীকেইগৰাকীয়ে গেছ আৰু অন্য ৰসায়ন প্ৰৱাহিত হ'ব পৰা বৃহৎ ব্যৱধানবিশিষ্ট আণৱিক পৰিকাঠামো বিকশাই তুলিছে। চুচুমু কিটাগাৱা জাপানৰ ক্যটো বিশ্ববিদ্যালয়ৰ অধ্যাপক। ৰিছাৰ্ড ৰবছন অষ্ট্ৰেলিয়াৰ মেলবর্ণ বিশ্ববিদ্যালয়ৰ আৰু ওমৰ এম য়াঘিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপ...

October 8, 2025 8:19 PM

views 50

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিবঃ মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব বুলি আজি ডিব্ৰুগড়ত প্ৰকাশ কৰে। এই ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ আৰক্ষীৰ সহায় বিচাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে এই ঘটনাৰ ন্যায় প্ৰদানৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে। ইপিনে বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক...

October 8, 2025 7:40 PM

views 28

তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০১ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০১ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১০ হাজাৰ ৬৫৪ গৰাকী আৰু নগৰাঞ্চলৰ ৩ হাজাৰ ৬৪৭ গৰাকী হিতাধিকাৰী আছে। এই উপলক্ষে আজি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে নাৰী শক্তিক উদ্যোগীকৰণৰ দিশত সবল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন প্রচেষ্টা গ্রহণ কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ ৪০ লাখ মহিলাৰ ভিতৰত ৮ লাখ মহিলাক ইত...

October 8, 2025 7:15 PM

views 38

ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ য়শোভূমিত এছিয়াৰ সৰ্ববৃহৎ দূৰসংযোগ, মিডিয়া আৰু প্রযুক্তি সন্মিলন ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয়, যে দূৰসংযোগ খণ্ডত দেশৰ সাফল্যই আত্ম-নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ শক্তিকে সূচায়। তেওঁ কয়, যে এসময়ত টু জি প্ৰযুক্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন জিলাতে সম্প্রতি ফাইভ জি সেৱাৰ প্ৰৱৰ্তন হৈছে। তেওঁ কয়, যে দেশৰ ডিজিটেল সংযোগ এতিয়া আৰু কোনো বিলাসিতা নহয়, বৰং ই প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱনৰ অবিচ্ছেদ্...

October 8, 2025 7:11 PM

views 17

অপাৰেচন সিন্দূৰৰ সময়ত অদম্য সাহস আৰু বীৰত্বৰ পৰিচয় দিয়া বুলি এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিঙৰ প্ৰকাশ

বায়ুসেনা বাহিনীৰ মুৰব্বী এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিঙে বায়ু সেনা বাহিনীয়ে অপাৰেচন সিন্দূৰৰ সময়ত অদম্য সাহস আৰু বীৰত্বৰ পৰিচয় দিয়া বুলি প্ৰকাশ কৰিছে। গাজিয়াবাদৰ হিন্দন বায়ু সেনা ঘাটিত বায়ু সেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বায়ুসেনা বাহিনীৰ মুৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অপাৰেচন সিন্দুৰৰ সময়ত বায়ু সেনা বাহিনীৰ নিদৰ্শনমূলক প্ৰদৰ্শনে সমগ্র ৰাষ্ট্ৰক গৌৰৱান্বিত কৰিছে। তেওঁ কয়, যে সঞ্চালন পৰিকল্পনাৰ নতুন প্রণালী, অস্ত্ৰ-শস্ত্ৰ আৰু আহিলা-পাতি স...

October 8, 2025 7:09 PM

views 65

ভাৰতলৈ আহিবলগীয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰক প্রধানমন্ত্ৰী মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম ঐতিহাসিক ভ্রমণসূচীৰে ভাৰতলৈ আহিবলগীয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰলৈ আদৰণি জনাইছে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে, যে তেওঁ শ্ৰীকীৰৰ সৈতে কাইলৈ হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই আছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকী আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। এই ভ্ৰমণকালত প্রধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে মুম্বাইত হ'বলগীয়া ষষ্ঠ গোলকীয় বিত্ত প্রযুক্তি মহোৎসৱত অংশগ্ৰহণ কৰিব।

October 8, 2025 7:05 PM

views 17

চাৰ্জিঅ’গ’ৰক ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি  

চাৰ্জিঅ'গ'ৰক ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। দেশখনৰ উচ্চ সদন চিনেটে কালি ১০৭ গৰাকী মনোনীত ব্যক্তিৰ মাজৰ পৰা শ্ৰীগৰৰ নাম নিশ্চিত কৰে।

October 8, 2025 7:03 PM

views 44

লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে গৃহমন্ত্রী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গৃহমন্ত্রী অমিত শ্বাহে আজি স্বাধীনতা সংগ্রামী লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীশ্বাহে কয়, যে জয় প্রকাশ নাৰায়ণে সেই সময়ৰ দেশৰ যুৱ প্ৰজন্মক স্বৰাজ সংগ্ৰামৰ সৈতে সংযুক্ত কৰি দেশে স্বাধীনতা লাভ কৰাৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁ লগতে কয়, যে তেতিয়াৰ গ্ৰামীণ ভাৰতখন সৱল কৰি তোলা তথা গণতন্ত্ৰক ৰক্ষণাবেক্ষণ দিয়াৰ বিষয়ত নাৰায়ণৰ ভূমিকা লেখত ল'বলগীয়া। লোকনায়কজনে নিজৰ সম্পূৰ্ণ ক্ৰান্তিৰ শ্লোগানৰ জৰিয়তে সেই সময়ৰ দেশৰ...

October 8, 2025 7:00 PM

views 54

বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে পিচপৰা আৰু উৎপীড়িত শ্ৰেণীৰ হকে আজীৱন কাম কৰা প্ৰয়াত নেতাগৰাকী নিজৰ জীৱনকালত সামাজিক ন্যায় প্ৰদানৰ প্ৰতীকৰূপে চিহ্নিত হৈছিল আৰু দেশক একতাৰ বান্ধোনেৰে বান্ধি ৰখাৰ ক্ষেত্ৰত তেওঁৰ অৱদান যুগ যুগান্তৰলৈ স্মৰণীয় হৈ ৰ'ব।