October 17, 2025 12:42 PM
18
প্ৰতিৰোধমূলক আৰু বহনক্ষম স্বাস্থ্যসেৱাৰ বাবে বিশ্বক আয়ুৰ্বেদৰ কালজয়ী প্ৰজ্ঞাৰ প্ৰয়োজন বুলি ব্রাজিলৰ উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য
● ব্রাজিলৰ উপ-ৰাষ্ট্ৰপতি জেৰাল্ডো আলকমিনে প্ৰতিৰোধমূলক আৰু বহনক্ষম স্বাস্থ্যসেৱাৰ বাবে বিশ্বক আয়ুৰ্বেদৰ কালজয়ী প্ৰজ্ঞাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে৷ নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান ভ্ৰমণৰ সময়ত শ্ৰীআলকমিনে কালি আয়ুর্বেদক ৫০০০ বছৰীয়া স্বাস্থ্য আৰু প্ৰজ্ঞাৰ সম্পদ ৰূপে প্ৰশংসা কৰে। পৰম্পৰাগত আৰু সংহত স্বাস্থ্য ব্যৱস্থাৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰো তেওঁ শলাগ লয়। ব্রাজিলৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ শৈক্ষিক বিনিময়, যৌথ গৱেষণা আৰু সামৰ্থ্য ...