October 22, 2025 12:16 PM

views 41

অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ গুলীয়াগুলিত এজন উগ্রপন্থী নিহত

● অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ ভয়ংকৰ গুলীয়াগুলিত আজি এজন উগ্রপন্থী নিহত হয়। আলফা স্বাধীনৰ ৭ জনীয়া এটা দলে অৰুণাচলত প্ৰৱেশ কৰাৰ সময়ত সেনাবাহিনীৰ সৈতে সংঘৰ্ষ হয়। নামচাইৰ ছয়মাইলত হোৱা সংঘৰ্ষত আলফাৰ বনজিত অসম নামৰ কেডাৰজনৰ থিতাতে নিহত হয়। নিহত কেডাৰজনৰ ঘৰ তিনিচুকীয়াৰ পেঙেৰীৰ ঋতুকঠালগুৰিত বুলি জানিব পৰা গৈছে। ইপিনে সেনাবাহিনীয়ে মঙলবাৰে পুৱতি নিশা অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত এন এছ চি এন কে (ৱাই এ)ৰ শিবিৰত ড্রোনেৰে আক্ৰমণ চলায়। সেনাবাহিনীৰ এই আক্ৰমণত এছ এছ খাপলাঙৰ ভতিজাক...

October 22, 2025 12:10 PM

views 34

নগাঁও জিলা ভ্ৰমণ কৰি ২৫ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

● মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলা ভ্ৰমণ কৰি ২৫ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে ঐতিহ্যমণ্ডিত নেহৰুবালিত আয়োজন কৰা এখন জনসভাত অংশ লৈ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ২৫ হাজাৰৰো অধিক অহতাসম্পন্ন মহিলাক ১০ হাজাৰ টকাকৈ মূলধন প্রদান কৰিব। তেওঁ নগাঁও আৱৰ্তভৱন চাৰিআলিৰ পৰা পানীগাঁও চাৰিআলিলৈ ৫ কোটি ২০ লাখ টকা ব্যয়েৰে নিৰ্মিত গৌৰৱ পথছোৱা মুকলি কৰিব। তদুপৰি ৮ কোটি ৭৩ লাখৰো অধিক ধন ব্যয়সাপেক...

October 17, 2025 1:07 PM

views 53

২৪ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম

● খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ পঞ্চম সংস্কৰণ চলিত বৰ্ষৰ ২৪ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে ৰাজস্থানৰ ৭ খন চহৰত অনুষ্ঠিত হ'ব। এই চহৰকেইখন হৈছে জয়পুৰ, আজমেৰ, উদয়পুৰ, যোধপুৰ, বিকানেৰ, কোটা আৰু ভাৰতপুৰ। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী ড° মনসুখ মন্দাভিয়াই যুৱ প্ৰতিভাৰ বিকাশ আৰু ভাৰতৰ ক্ৰীড়া পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত এই ক্রীড়া প্রতিযোগিতাৰ ভূমিকাত গুৰুত্ব আৰোপ কৰি কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীৰ জৰিয়তে খেলো ইণ্ডিয়া পদক্ষেপে অংশগ্রহণ, প্রতিভা বিকাশ আৰু উৎকৰ্ষতাৰ প্ৰ...

October 17, 2025 1:04 PM

views 34

ডেনমার্ক অপেন বেডমিণ্টনত পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন

● ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে অডেন্সত অনুষ্ঠিত ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সেনে কালি প্রি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ এণ্ডাৰ্ছ এণ্টনছেনক ২১-১৩, ২১-১৪ গেমত পৰাস্ত কৰে । ইপিনে, পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত সাত্বিক ছাইৰাজ ৰণকীৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীয়ে চীনা টাইপেইৰ ইয়াং পো হান আৰু লিউ কোৱাং হেঙক ২১-১৯, ২১-১৭ পোনপটীয়া গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটো আজি ইণ্ডোনেছিয়াৰ মহম্মদ ৰিয়ান আদিয...

October 17, 2025 1:00 PM

views 42

ওড়িশা, তেলেংগানা, গোৱা, মধ্যপ্রদেশ, মাৰাঠৱাৰা আদি অঞ্চলত বজ্ৰপাতৰ লগতে ধুমুহাৰ আগলি বতৰা

● ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি ওড়িশা, তেলেংগানা, গোৱা, মধ্যপ্রদেশ, মাৰাঠৱাৰা আদি অঞ্চলত বজ্ৰপাতৰ লগতে ধুমুহাৰ আগলি বতৰা দিছে। বিভাগৰ তথ্য অনুসৰি তামিলনাড়ু, অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ অংশ, কেৰালাৰ উপকূল অঞ্চল আৰু লাক্ষাদ্বীপতো আজি একেধৰণৰ পৰিৱেশে বিৰাজ কৰিব।

October 17, 2025 12:57 PM

views 38

আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিক কঠোৰভাৱে নিৰীক্ষণ ভাৰতৰ

● ভাৰতে আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিক কঠোৰভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে নতুন দিল্লীত কালি সাংবাদিকৰ আগত কয়, যে পাকিস্তানে সন্ত্রাসবাদী সংগঠন আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পোষকতা কৰাতো স্পষ্ট হৈ পৰিছে। আভ্যন্তৰীন বিফলতাৰ বাবে নিজৰ চুবুৰীয়া ৰাষ্ট্ৰক দোষাৰোপ কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে আফগানিস্তানে নিজৰ ঠাইসমূহত সাৰ্বভৌমত্ব বিচৰাৰ কাৰ্যত পাকিস্তান অসন্তুষ্ট...

October 17, 2025 12:54 PM

views 82

বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

● বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। ৰাজ্যখনৰ ২৪৩টা বিধানসভা সমষ্টিৰ ভিতৰত ১২১টাত অহা ৬ নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পর্যায়ে পাটনা, দাভাংগা, মুজফফৰপুৰ, গোপালগঞ্জ আৰু ভোজপুৰ জিলাক সামৰি লৈছে। কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ২০ অক্টোবৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। ৰাজ্যখনত ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব।

October 17, 2025 12:50 PM

views 71

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নামৰ প্রথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ

● কংগ্ৰেছে সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্রথমখন তালিকা প্রকাশ কৰিছে। এই তালিকাখনত নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায় - দুয়োটাৰে বাবে ২৪ গৰাকীকৈ প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট কৰা হৈছে। দলটোৱে বিহাৰ প্ৰদেশ কংগ্ৰেছৰ মুৰববী ৰাজেশ ৰামক কুটুম্বা আসনৰ পৰা প্ৰক্ষেপ কৰিছে। কালি প্রকাশিত তালিকা অনুসৰি কাৰৱা সমষ্টিৰ পৰা চাকিল আহমেদ খান আৰু বেগুচৰাই সমষ্টিৰ পৰা অমিতা ভুষণ নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। একেদৰে মংগল ৰামক চেনাৰী, সঞ্জয় তিৱাৰীক বাক্সাৰ আৰু আনন্দ শংকৰ সিঙক ঔৰংগ...

October 17, 2025 12:48 PM

views 93

ব্ৰিটেইনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ জে পি নাড্ডাৰ

● কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই কালি নতুন দিল্লীত "ন' বিজেপি", অর্থাৎ 'বিজেপিক জানো আহক' পদক্ষেপৰ অধীনত ব্ৰিটেইনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীনাড্ডাই কয়, যে তেওঁলোকে ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰা আৰু তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ বাবে প্ৰযুক্তিৰ লাভ গ্ৰহণ কৰিবলৈ ভাৰতে কৰা প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে। শ্ৰীনাড্ডাই কয়, যে বৈঠকৰ সময়ত তেওঁ বিজেপিৰ শক্তিশালী সাংগঠনিক পৰিকাঠামো, প্ৰতিটো স্তৰৰ মানুহৰ সৈ...

October 17, 2025 12:45 PM

views 45

ইজিপ্তৰ বৈদেশিক মন্ত্ৰী বদৰ আব্দেলাট্টীৰ সৈতে জে পি নাড্ডাৰ বৈঠক

● কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্রকাশ নাড্ডা কালি নতুন দিল্লীত ইজিপ্তৰ বৈদেশিক মন্ত্ৰী বদৰ আব্দেলাট্টীৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীনাড্ডাই কয় যে, বৈঠকত উভয় দেশৰ মাজৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক সংযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে সাৰ, ঔষধ, ৰাসায়নিক সামগ্ৰী আৰু পেট্ৰ'কেমিকেলৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে কয়, যে বৈঠকৰ সময়ত দুয়োপক্ষই বিনিময় বৃদ্ধি তথা উদ্ভাৱন আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে সহযোগিতাক আগুৱাই নিয়াৰ...