October 27, 2025 9:14 PM

views 42

দেশৰ ভিতৰত আটাইতকৈ কম দুর্নীতি হোৱা ৰাজ্যৰ তালিকাত দ্বিতীয় স্থানত মিজোৰাম

মিজোৰামে দেশৰ ভিতৰত আটাইতকৈ কম দুর্নীতি হোৱা ৰাজ্যৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে। এই তালিকাত লাক্ষাদ্বীপ প্রথম স্থানত আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুঅ'মাই সতর্কতা সজাগতা সপ্তাহ ২০২৫ উপলক্ষে এই কথা ঘোষণা কৰে। এই সফলতাৰ ক্ষেত্ৰত ৰাজ্যখনৰ চৰকাৰৰ সুপ্ৰশাসন আৰু স্বচ্ছতাৰ নীতিয়ে অৰিহণা যোগাইছে বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰাজ্যখনৰ জনসাধাৰণৰ সমন্বিত আৰু দায়বদ্ধ প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে। তেওঁ কয়, যে চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতিব...

October 27, 2025 9:03 PM

views 51

বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰন্টু পানী ফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক আটক

গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে আজি সংবাদ মেল সম্বোধন কৰি থকা অৱস্থাতে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰণ্টু পানী ফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক আটক কৰে। সংগঠনৰ দুয়োগৰাকী নেতাক আটক কৰি আৰক্ষীয়ে দিশপুৰ থানাত দুয়োকে সোধা-পোচা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ধন দাবী আৰু অপহৰণৰ এটা গোচৰত কালি আৰক্ষীয়ে ৮ জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে আজি সংবাদ মেল সম্বোধন কৰি থকা অৱস্থাতে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰন্টু পানী ফুকন আৰু কেন্দ্ৰীয...

October 27, 2025 7:57 PM

views 58

ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মুম্বাইত ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী শ্বাহে কয়, যে ভাৰতৰ সামুদ্রিক দৃষ্টিভংগী, নিৰাপত্তা, স্থিৰতা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত প্রতিষ্ঠিত শেহতীয়া কেইটামান বছৰত গ্ৰহণ কৰা ব্যাপক গাঁথনিগত সংস্কাৰৰ জৰিয়তে ভাৰত সম্প্ৰতি এটা গুৰুত্বপূৰ্ণ সামুদ্রিক শক্তিৰূপে উদ্ভাসিত হৈ উঠিছে। বিনিয়োগকাৰীসকলৰ বাবে ভাৰতৰ সামুদ্রিক সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশখনৰ ৭,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলীয় অঞ্চল ১৩ খন উপকূলীয় ...

October 27, 2025 7:47 PM

views 38

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী কিষ্টোফাৰ লাক্সনক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কোৱালালামপুৰত আজি আছিয়ান সন্মিলন, ২০২৫-ত ভাগ লোৱাৰ সুযোগতে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী কিষ্টোফাৰ লাক্সনক সাক্ষাৎ কৰে। ড° জয়শংকৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ হৈ তেওঁক আদৰণি জনায়। শ্ৰী জয়শংকৰে দ্বিপাক্ষিক সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত থকা তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু মুক্ত ভাৰত-প্রশান্ত মহাসাগৰীয় এলেকাৰ ক্ষেত্ৰত কৰা পোষকতাৰ বাবে প্ৰশংসা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে আজি পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মার্ক ৰুবিয়কো সাক্ষাৎ কৰে। দ্বিপা...

October 27, 2025 7:44 PM

views 57

ষট্ পূজা উপলক্ষে ৰাষ্ট্ৰপতি-উপ-ৰাষ্ট্ৰপতিৰ দেশবাসীক শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ষট্ পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুর্মুৱে কয়, যে এই উৎসৱে সূৰ্য দেৱতা আৰু ষষ্ঠী মাইয়াক পূজা কৰা তথা প্ৰকৃতি মাতৃৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুবিধা দিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই উৎসৱে জনসাধাৰণৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে এই উৎসৱে জনসাধাৰণক সূৰ্য দেৱতা আৰু ষষ্ঠী ম...

October 27, 2025 7:41 PM

views 85

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে অহা ৩১ অক্টোবৰত সমগ্ৰ দেশতে একতাৰ দৌৰ কাৰ্যসূচীৰ আয়োজন

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে অহা ৩১ অক্টোবৰত সমগ্ৰ দেশতে একতাৰ দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এটা বার্তাযোগে দেশৰ সকলো নাগৰিককে চৰ্দাৰ বল্লভভাই পেটেল আৰু তেওঁৰ একত্ৰিত ভাৰতৰ আদৰ্শৰ প্ৰতি সন্মান জনাই একতাৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

October 27, 2025 7:38 PM

views 30

দেশৰ সেনা বাহিনীয়ে আজি ৭৯ সংখ্যক পদাতিক দিৱস পালন কৰিছে

দেশৰ সেনা বাহিনীয়ে আজি ৭৯ সংখ্যক পদাতিক দিৱস পালন কৰিছে। স্বাধীন ভাৰতৰ সেনা বাহিনীয়ে ১৯৪৭ চনৰ ২৭ অক্টোবৰত কাশ্মীৰ উপত্যকাত পাকিস্তানে চলোৱা আক্রমণক প্ৰথম প্ৰত্যুত্তৰ জনোৱাৰ স্মৃতিত সেই দিৱস পালন কৰা হয়। দেশৰ অখণ্ডতা আৰু আঞ্চলিক সংহতি ৰক্ষাৰ বাবে দেশৰ সেনা বাহিনীৰ শিখ ৰেজিমেণ্টৰ প্ৰথমটো বেটেলিয়ন শ্ৰীনগৰত মকৰল কৰা হৈছিল। পাকিস্তানৰ সেনা বাহিনীৰ সহায়ত ভাৰতত আক্রমণ চলোৱাৰ প্ৰয়াস কৰা আক্ৰমণকাৰীক দেশৰ সেনা বাহিনীয়ে সাহসিকতাৰে প্ৰতিহত কৰিছিল। এই দিৱস উপলক্ষে সেনা বাহিনীৰ পদাতিক সেনাৰ মহা নিৰ্দেশ...

October 27, 2025 7:36 PM

views 60

প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ পুষ্পার্ঘ্য অর্পণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জয়ন্তী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ প্ৰতি পুষ্পার্ঘ্য অর্পণ কৰে।

October 27, 2025 7:33 PM

views 33

সমগ্ৰ দেশতে আজিৰেপৰা সতৰ্কতা সজাগতা সপ্তাহ, ২০২৫ পালন

সমগ্ৰ দেশতে আজিৰেপৰা সতৰ্কতা সজাগতা সপ্তাহ, ২০২৫ পালন কৰা হৈছে। ৰাজহুৱা জীৱনত স্বচ্ছতা আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে এই সপ্তাহ পালন কৰা হৈছে। এই সপ্তাহৰ মূল বিষয় হৈছে – ‘সতর্কতা আমাৰ সকলোৰে দায়বদ্ধতা'। ৰাজহুৱা প্ৰশাসন আৰু চৰকাৰী কাম-কাজত স্বচ্ছতা আৰু নীতিৰ প্রয়োজনীয়তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে এই সপ্তাহ পালন কৰা হৈছে। মন্ত্ৰ্যালয়, বিভাগ, ৰাজহুৱা প্ৰতিষ্ঠান, বেংক আৰু আন সংস্থাসমূহৰ কৰ্মচাৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে শপত বাক্য পাঠ কৰোৱা হ'ব। কেন্দ্ৰীয় তদাৰকী আয়ুক্...

October 27, 2025 6:42 PM

views 30

২১ টা মাওবাদীৰ অস্ত্র-শস্ত্ৰসহ ছট্টিশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জানিবলৈ দিছে যে ২১ টা মাওবাদীয়ে অস্ত্র-শস্ত্ৰসহ ছট্টিশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে এইসকলৰ ভিতৰত ১৩ গৰাকী জ্যেষ্ঠ মাওবাদী অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদী মুক্ত কৰাৰ সংকল্পৰ কথা উল্লেখ কৰি শ্ৰী শ্বাহে আন মাওবাদীসকলক অস্ত্র-শস্ত্রসহ অতি শীঘ্ৰে আহ্বান জনাইছে।