November 11, 2025 6:18 PM

views 37

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অৰ্পণ

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অর্পণ কৰে। এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পার্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয়, যে বিস্ফোৰণত জড়িত প্রতিজন দোষীকে কঠোৰ শাস্তি বিহা হ'ব। তেওঁ লগতে কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থ...

November 11, 2025 6:15 PM

views 34

অসমত সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’বঃ মুখ্যমন্ত্ৰী

অসমত সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰে। তেওঁ কয়, যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্রয়োজন হ’লে গ্ৰেপ্তাৰ কৰা হ'ব। তেনেলোকে আনন্দ-উল্লাস কৰি সন্ত্ৰাসবাদক সমর্থন জনাইছে বুলি তেওঁ কয়। এইসকল ব্যক্তিৰ তথ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। দেশত যাতে সন্ত্রাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে জনগণ একত্রিত হ'ব লাগিব বুলি...

November 11, 2025 6:10 PM

views 39

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলে ১৩ নৱেম্বৰত নিযুক্তি পত্ৰ লাভ কৰিব

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলে ১৩ নৱেম্বৰত নিযুক্তি পত্ৰ লাভ কৰিব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এখন জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি ১৩ নৱেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তি পত্র প্ৰদান কৰা হ'ব। শিক্ষক পদৰ প্ৰাৰ্থীসকলক নিজৰ পৰিচয় পত্ৰসহ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আহ্বান জনাইছে।

November 11, 2025 6:02 PM

views 26

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। জিলাখনৰ বামুণঝাৰ, গুৰমৌ, শিমলাবাৰী, ঔগুৰি, টাইপাৰা, বিলপাৰাকে ধৰি ১৩ খন গাঁৱত এই ৰোগ ধৰা পৰিছে বুলি ৰাজ্যিক পশু চিকিৎসা বিভাগে তথ্য প্ৰকাশ কৰিছে। ৰাজ্যিক পশু চিকিৎ‍সালয়ৰ তথ্য অনুসৰি জিলাখনত ৪০০তকৈ অধিক গাহৰি নিধন কৰা হৈছে। এই ৰোগত আক্ৰান্ত গাহৰিসমূহ নিধন কৰিবলগীয়া হোৱাত জিলাখনৰ কৃষকসকল ক্ষতিগ্রস্ত হৈছে। পশু চিকিৎসা বিভাগে এই ৰোগ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কৰ্মশালাৰ আয়োজন কৰিছে। কালাকুছি, তেতেলীগুৰি, দলংপা...

November 11, 2025 6:34 PM

views 28

দিল্লীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত উচ্চ পর্যায়ৰ বৈঠক

দিল্লীৰ লালকিল্লাৰ কাষৰীয়া এলেকাত কালি সন্ধিয়া সংঘটিত গাড়ীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত আজি এখন উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শেহতীয়া নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে। বৈঠকখনত কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ সঞ্চালকপ্ৰধানগৰাকীয়ে অংশগ্রহণ কৰে। জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে...

November 11, 2025 6:30 PM

views 42

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। শেহতীয়া তথ্য অনুসৰি ৩১.৩৮ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। মুঠ এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই নিৰ্ণয় কৰিব। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাকী মহিলা। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈকে চলিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ৭ টা সমষ্টিত সন্ধিয়া ৫ বজাত ভোটগ্ৰহণৰ অন্ত পৰিব ৷ ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে চলাৰ ক্ষ...

November 11, 2025 6:37 PM

views 34

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ’ব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহা হ’বঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহা হ'ব। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি শ্রী মোদীয়ে এইদৰে কয়। তেওঁ কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থাসমূহে সমগ্ৰ ঘটনাৰ উঁহ উলিয়াবলৈ সমৰ্থ হ'ব বুলিও তেওঁ নিশ্চিতি দিয়ে। শ্রী মোদীয়ে কয়, যে আজি তেওঁ অত্যন্ত গধুৰ হৃদয়েৰে ভূটানলৈ আহিব লগা হৈছে, কাৰণ দিল্লীৰ...

November 10, 2025 8:13 PM

views 30

তামিলনাডুৰ মায়লাদুথুৰাইৰ ১৪জন মাছমৰীয়াক মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনাৰ

তামিলনাডুৰ মায়লাদুথুৰাই জিলাৰ ১৪জন মাছমৰীয়াক আজি শ্ৰীলংকাৰ নৌসেনাই মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। মাছমৰীয়াসকলে ব্যৱহাৰ কৰা এখন নাওঁ নৌসেনাই জব্দ কৰে। বাৰ্জন মাছমৰীয়া বানাকিৰৈ গাঁৱৰ আৰু বাকীসকল কুড্ডালোৰ আৰু থাৰংগম্বড়ীৰ বুলি জানিব পৰা গৈছে। তদন্তৰ বাবে মাছমৰীয়াকেইজনক কাংকেসন্তুৰাই নৌসেনাৰ শিবিৰলৈ লৈ যোৱা হৈছে।

November 10, 2025 8:08 PM

views 61

বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত এটা উল্লেখযোগ্য আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰিবঃ বিজেপি

  বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত এটা উল্লেখযোগ্য আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰিব বুলি ভাৰতীয় জনতা পাৰ্টীয়ে আজি আস্থা প্ৰকাশ কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ ৰবীশংকৰ প্ৰসাদে কয় যে বিৰোধীয়ে ইতিমধ্যে এই নিৰ্বাচনত তেওঁলোকৰ পৰাজয় স্বীকাৰ কৰিছে আৰু পৰাজিত হোৱাৰ কাৰণ বিচাৰি ফুৰিছে। ইয়াৰ পূৰ্বে মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী তথা আৰ জে দিৰ শীৰ্ষ নেতা তেজশ্বী যাদৱে পাৰ্টনাত এখন সংবাদ মেলত কয় যে বিগত ২০ বছৰত বিহাৰত কোনো ধৰণৰ উন্নয়ন চক...

November 10, 2025 8:05 PM

views 30

সংসদৰ শীতকালীন অধিবেশনত চৰকাৰী নীতি, জনসাধাৰণৰ সমস্যা আৰু সংসদীয় কার্যক্রমণিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব

অহা ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে হ'বলগীয়া সংসদৰ শীতকালীন অধিবেশনত চৰকাৰী নীতি, জনসাধাৰণৰ সমস্যা আৰু সংসদীয় কার্যক্রমণিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। কোহিমাত আজি বিয়লি কমনৱেল্থ সংসদীয় সংস্থাৰ ২২ সংখ্যক সন্মিলনত ভাগ লৈ সংবাদ মাধ্যমৰ আগত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এইকথা প্ৰকাশ কৰে। শ্ৰীবিলাই সংসদৰ মৰ্যাদা আৰু নিয়মানুৱৰ্তিতা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সংসদক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দি কয় যে ইয়াৰ আলোচনা তথা গঠনমূলক বিতৰ্কত জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত হোৱা আৰু ৰাষ্ট্ৰৰ ...