November 11, 2025 7:34 PM

views 66

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি ৫ বজালৈ ৬৭.১৪ শতাংশ ভোটদান সম্পন্ন হৈছে। আজিৰ ভোটগ্ৰহণত কিষাণগঞ্জ, কাটিহাৰ আৰু পুৰ্ণিয়াত সৰ্বাধিক ৭০ শতাংশ ভোটদাতাই নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে । কিষাণগঞ্জ সমষ্টিত বিয়লি ৫ বজালৈ সৰ্বাধিক ৭৬.২৬ শতাংশ ভোটদান সম্পন্ন হয়। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হয়। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ১,৩০২ গৰাকী প্ৰাৰ্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাক...

November 11, 2025 7:25 PM

views 37

ৰহা বিধানসভা সমষ্টিৰ মহিলাসক উদ্যমিতা আঁচনিৰ অধীনত ধন বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ মহিলাসকলৰ সৰ্বাঙ্গীন কল্যাণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্যমিতা আঁচনিৰ অধীনত ধন বিতৰণ কৰে। এই উপলক্ষে ৰহা ক্রীড়া সন্থা খেলপথাৰত আয়োজিত জনসভাত দিয়া বাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে উন্নয়নমূলক আঁচনিসমূহৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰহাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাপৰমুখ ৰে'লৱে জংছন আৰু পশ্চিম কাৰ্বি আংলং সংযোগী চাপৰমুখ ৰে'লৱে উৰণ সেতু উদ্বোধন কৰে। ৮৪ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখনৰ দৈৰ...

November 11, 2025 6:57 PM

views 35

বিস্ফোৰণত জড়িত প্ৰতিজন দোষীকে কঠোৰ শাস্তি বিহা হ’বঃ প্ৰধানমন্ত্ৰী মোদী

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অর্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অর্পণ কৰে৷ এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয়, যে বিস্ফোৰণত জড়িত প্ৰতিজন দোষীকে কঠোৰ শাস্তি বিহা হ'ব। তেওঁ লগতে কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থ...

November 11, 2025 6:54 PM

views 32

অসমত সন্ত্রাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’বঃ মুখ্যমন্ত্রী

অসমত সন্ত্রাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰে। তেওঁ কয়, যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্ৰয়োজন হ’লে গ্ৰেপ্তাৰ কৰা হ'ব। তেনেলোকে আনন্দ-উল্লাস কৰি সন্ত্ৰাসবাদক সমর্থন জনাইছে বুলি তেওঁ কয়। এইসকল ব্যক্তিৰ তথ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। দেশত যাতে সন্ত্রাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে জনগণ একত্রিত হ'ব লাগিব বুলি...

November 11, 2025 6:52 PM

views 45

দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক

দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক কৰা হৈছে। নজৰুল ইছলাম বৰভূঞা নামৰ লোকজনে সামাজিক মাধ্যমত বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে কাছাৰ আৰক্ষীৰ এটা দলে লোকজনক আটক কৰে। ইপিনে বিস্ফোৰণৰ ঘটনাৰ পাছতে কাছাৰ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে জানিবলৈ দিছে।

November 11, 2025 6:47 PM

views 36

ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি কাইলৈৰ পৰা পাল-নাম মহোৎসৱ অনুষ্ঠিত হ’ব

মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি কাইলৈৰ পৰা পাল-নাম মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱলৈ অহা ভকত-বৈষ্ণৱক আদৰিবলৈ সত্ৰখন সাজু হৈ উঠিছে। সত্ৰখনৰ নামঘৰৰ লগতে বৈষ্ণৱসকলৰ বহা আটকধুনীয়াকৈ সজাই তোলা হৈছে। এই মহোৎসৱৰ বাবে মাজুলীলৈ দেশী-বিদেশী পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰা হৈছে।

November 11, 2025 6:44 PM

views 36

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন জিলাত একতাৰ পদযাত্রা অনুষ্ঠিত

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন জিলাত একতাৰ পদযাত্রা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত এই পদযাত্ৰা কৰা হয়। পুৱা ৯ বজাত গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাঙ্গনৰ পৰা কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই পদযাত্ৰাৰ শুভাৰম্ভ কৰে। প্ৰায় ডেৰ হাজাৰ লোকে পদযাত্ৰাত অংশগ্ৰহণ কৰে ৷ [caption id="attachment_1299713" align="alignnone" width="580"] তিনিচুকীয়া চহৰ...

November 11, 2025 6:28 PM

views 42

ওড়িশাত নুৱাপাৰা বিধানসভা সমষ্টিত আজি পুৱাৰেপৰা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত উপ-নির্বাচনৰ ভোটগ্ৰহণ

ওড়িশাত নুৱাপাৰা বিধানসভা সমষ্টিত আজি পুৱাৰেপৰা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত উপ-নির্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১১ বজা পর্যন্ত সমষ্টিটোত ৩২ দশমিক ৫ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩৫৮ টা ভোটকেন্দ্ৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সন্ধিয়া ৭ বজাত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব৷ অৱশ্যে অত্যন্ত দুর্গম আৰু মাওবাদী প্ৰভাৱিত অঞ্চল হিচাপে চিহ্নিত হোৱাৰ বাবে ৪৭ টা ভোটগ্রহণ কেন্দ্ৰত বিয়লি ৪ বজাত ভোটগ্রহণ সমাপ্ত হ'ব। উপ-নির্বাচনত মুঠ ২ লাখ ৫৩ হাজাৰ ভোটদাতাই ভোটাধ...

November 11, 2025 6:23 PM

views 38

দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ’ব আৰু কঠোৰ শাস্তি বিহা হ’বঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব। নতুন দিল্লীত আজি দিল্লী প্ৰতিৰক্ষা আলোচনাত ভাষণ দি শ্ৰী সিঙে কয়, যে আগশাৰীৰ তদন্ত সংস্থাসমূহে বিস্ফোৰণৰ ঘটনাৰ পুংখানুপুংখ অনুসন্ধান কৰি আছে। তেওঁ কয়, যে তদন্তৰ তথ্যসমূহ অতি সোনকালে ৰাজহুৱা হ'ব। মন্ত্ৰীগৰাকীয়ে কালিৰ বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা সকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনায়। দিল্লী প্ৰতিৰক্ষা আলোচনা সন্দৰ্ভত শ্রী সিঙে কয়, যে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আহি পৰা প্...

November 11, 2025 6:21 PM

views 40

ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বঃ সৌৰভ গাংগুলী

ভাৰতৰ জাতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কৈছে যে ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁ কয়, যে ভাৰতীয় বাতাবৰণত খেলাটো ইমান সহজসাধ্য নহয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰৰ পৰা ক’লকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ'ব। বেংগল ক্রিকেট সংস্থাৰ অধ্যক্ষ শ্ৰী গাংগুলীৰ মতে এই খেলখনত দুয়োখন দেশৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। ভাৰতীয় দলৰ পেছাৰ মহম্মদ চিৰাজে কয়, যে নতুন বিশ্ব টেষ্ট চেম্পিয...