November 13, 2025 12:17 PM

views 39

ৰাজ্যৰ ৫টা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ

■ ৰাজ্যৰ পাঁচটা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। কালি দিছপুৰৰ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত অনুষ্ঠিত এখন বৈঠকত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি দলক প্রত্যাহ্বান জনোৱাৰ বাবে ঐক্যবদ্ধ বিৰোধী মঞ্চ গঠনৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। এই সভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শ‍ইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ হৈ বিধায়ক অখিল...

November 13, 2025 12:13 PM

views 54

যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু: মুখ্যমন্ত্ৰী

● দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পাছত অসমত কূটাঘাতৰ আশংকা কৰি ৰাজ্য চৰকাৰে শক্তিশালীভাৱে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে অসম এনে কূটাঘাতৰ আশংকাৰ পৰা সমূলি মুক্ত নহয় আৰু এনে যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু আছে। সন্দেহজনক সকলো ব্যক্তি আৰু কাৰ্য নিৰীক্ষণ কৰি থকা হৈছে বুলি উল্লেখ কৰি সামাজিক মাধ্যমতো চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ড° শৰ্মাই কয়...

November 13, 2025 12:08 PM

views 37

উত্তৰ-পূৰ্বাঞ্চলত নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতা

● দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ উঠিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধুবুৰী জিলাৰ বামুণীত এটা নতুন সামৰিক ঘাটি স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰিবলগীয়া সামৰিক ঘাটিটোৰ পৰা সীমান্তৰ প্ৰতিৰক্ষাৰ প্ৰতিটো দিশ চোৱাচিতা কৰা হ'ব। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে বাংলাদেশত খোপনি পুতি অসম তথা উত্তৰ পূৰ্বাঞ্চলত কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰি সীমান্তৰ নিৰাপত্তা ব্যৱস্থা অধিক কট...

November 11, 2025 8:05 PM

views 19

থিস্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংছুকৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ প্রতিনিধি পৰ্যায়ৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিস্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংছুকৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। উভয় দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে ভাৰতে গ্ৰহণ কৰা ভালেমান পদক্ষেপ আৰু দুয়োদেশৰ মাজৰ সহযোগিতা দীর্ঘস্থায়ী কৰাৰ ক্ষেত্ৰত নতুন দিল্লীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে কৰা ঘোষণাৰ পাছতে এই বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্রী শ্রীমোদী দুদিনীয়া ভ্রমণসূচীৰে আজি পুৱা ভূটানত উপস্থিত হয়। ভূটানৰ ৰজা দ্রুক গেয়ালপো আৰু প্ৰধানমন্ত্রী মোদীয়ে আজি সন্ধিয়া পুনাতচাংচু দ্বি...

November 11, 2025 8:03 PM

views 31

হানয়ত অনুষ্ঠিত ষষ্ঠ ভাৰত-ভিয়েটনাম সৈন্য অনুশীলন

হানয়ত অনুষ্ঠিত ষষ্ঠ ভাৰত-ভিয়েটনাম সৈন্য অনুশীলন ভিনবেক্সৰ উদ্বোধনী অনুষ্ঠানত আজি প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং আৰু ভিয়েটনামৰ উপ মুখ্য জেনেৰেল ষ্টাফ ফুংচিটেনে যুটীয়াভাৱে অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি প্ৰকাশ কৰা অনুসৰি ভিনবেক্স হৈছে ভাৰত আৰু ভিয়েটনামৰ মাজৰ দ্বিপাক্ষিক সামৰিক অনুশীলন। এই অনুশীলনৰ লক্ষ্য হৈছে আন্তঃ সঞ্চালন ক্ষমতা বৃদ্ধি কৰা আৰু ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানসমূহত সর্বোত্তম অৱদান আগবঢ়োৱা। ইয়াৰ জৰিয়তে প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰি তোলাৰ ওপৰতো গুৰুত্...

November 11, 2025 7:56 PM

views 16

জনজাতীয় পৰম্পৰাসমূহ সংৰক্ষণ আৰু ৰক্ষা কৰাটো সকলোৰে সমূহীয়া দায়িত্ব হোৱা উচিতঃ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰ

জনজাতীয় পৰম্পৰাসমূহ সংৰক্ষণ আৰু ৰক্ষা কৰাটো সকলোৰে সমূহীয়া দায়িত্ব হোৱা উচিত বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় জনজাতীয় সাহিত্য মহোৎসৱত দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে ভাৰতত বাস কৰা জনজাতীয় লোকসকলৰ এটা বৈচিত্ৰময় আৰু সমৃদ্ধিশালী ইতিহাস আছে। এই ইতিহাসত কিছুমান কাহিনীলৈ ৰূপান্তৰিত কৰি শিশুসকলৰ শিক্ষাৰ বাবে যুগুতাই উলিওৱাৰ লগতে জনজাতীয় সংস্কৃতি আৰু ঐতিহ্যক উদ্‌যাপন কৰাৰ যথেষ্ট থল আছে। শ্ৰীমতী ঠাকুৰে থলুৱা ভা...

November 11, 2025 7:43 PM

views 33

ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি পৰিছে। আজি খেলখনৰ চতুৰ্থ তথা অন্তিম দিনা অসমে দ্বিতীয় ইনিছংত ৭ উইকেটৰ বিনিময়ত ৩৬৭ ৰাণ সংগ্ৰহ কৰা অৱস্থাত খেলখনৰ সামৰণি পৰে। খেলখনৰ পৰা অসমে ১ পইণ্ট সংগ্ৰহ কৰে। অসমৰ হৈ ডেনিছ দাসে ১০৩ আৰু শিৱশংকৰ ৰয়ে অপৰাজিত ১০১ ৰাণ সংগ্ৰহ কৰে। এলীট চি গ্ৰুপত অসমে এতিয়ালৈকে তিনিখন খেলৰ পৰা ৪ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপৰ সপ্তম স্থানত আছে। খেলখনৰ চূড়ান্ত স্কৰসমূহ - ত্ৰিপুৰা প্ৰথম ইনিংছ - ৭ উ...

November 11, 2025 7:41 PM

views 35

আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত ৫ দিনীয়া জিকিৰ আৰু জাৰি ৰাজ্যৰ ৭টা জনগোষ্ঠীয় ভাষালৈ অনুবাদৰ কৰ্মশালা অনুষ্ঠিত

আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অর্থাৎ আবিলেকৰ উদ্যোগত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি আজিৰে পৰা পাঁচদিনীয়া জিকিৰ আৰু জাৰি ৰাজ্যৰ সাতোটা জনগোষ্ঠীয় ভাষালৈ অনুবাদৰ কৰ্মশালা অনুষ্ঠিত হৈছে। আবিলেকৰ সঞ্চালক ড০ সুদেষ্ণা ভট্টাচাৰ্যৰ সঞ্চালনাত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাত বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ড০ কামালউদ্দিন আহমেদ, ভাষাতত্ব বিভাগৰ মুৰববী অধ্যাপিকা ড০ বিভা ভৰালী আৰু বিশ্ববিদ্যালয়খনৰ আৰৱী ভাষাৰ মুৰব্বী অধ্যাপক ড০ আবু বক্কৰ ছিদ্দিকি উপস্থিত থাকে। এই ...

November 11, 2025 7:39 PM

views 37

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উকীল সন্থাৰ আদালত বর্জন কার্যসূচী

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতাৰে আজি গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলে আদালত বর্জন কার্যসূচী অনুষ্ঠিত কৰে। সেই অনুসৰি অধিবক্তাসকল আজি আদালতৰ কাম-কাজৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকে। উল্লেখযোগ্য যে আদালত চৌহদ স্থানান্তৰৰ বিৰোধিতা কৰি কালি অধিবক্তাসকলে এটা প্ৰতিবাদী সমদল উলিয়াইছিল। অধিবক্তাসকলে অস্থায়ীভাৱে আদালত অন্য স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনাইছে।

November 11, 2025 7:37 PM

views 33

ডিব্ৰুগড় জিলাৰ ১১টা স্থানক আফ্রিকান ছোৱাইন ফিভাৰ মহামাৰীৰ কেন্দ্ৰ হিচাপে চিনাক্ত

ৰাজ্যৰ বিভিন্ন জিলাত আফ্রিকান ছোৱাইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। এই ৰোগ নিৰ্মূলকৰণৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ ১১টা স্থানক মহামাৰী কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। জিলাখনত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হোৱা শতাধিক গাহৰি বিভাগীয় কৰ্তৃপক্ষই নিধন কৰাৰ লগতে আক্ৰান্ত অঞ্চলসমূহত গাহৰি মাংসৰ বিক্ৰীৰ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এটা প্রতিনিধি দলে এই ৰোগত প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তিনিজন উচ্চ পদস্থ বিষয়াক প্ৰে...