December 3, 2025 12:07 PM

views 28

আলফা স্বাধীনৰ ২ সদস্যৰ ডিব্ৰুগড়ত অস্ত্ৰ সম্বৰণ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ দুজন সদস্যই কালি ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ অধীক্ষক অভিজিত গৌৰৱ দিলীপৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে। আলফা সদস্য দুজন অস্তিত্ব অসম আৰু বন অসম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে বৰ্তমান দুয়োকে জেৰা কৰি আছে।

December 3, 2025 12:00 PM

views 21

অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ’ব

■ ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধেমাজি চিটী কলেজ শাখা সাহিত্য সভাৰ সৌজন্যত মহাবিদ্যালয়খনত অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত জিলাখনৰ সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা আৰু প্ৰশাসনীয় দিশলৈ অনবদ্য অৱদান আগবঢ়োৱা ৬০ বছৰ ঊৰ্ধৰ দুগৰাকী বিশিষ্ট ব্যক্তিক ধেমাজি ৰত্ন বঁটা আৰু ৪০ বছৰ ঊৰ্ধৰ দুগৰাকী ব্যক্তিক ধেমাজি গৌৰৱ বঁটা প্ৰদান কৰা হ'ব।

December 3, 2025 12:09 PM

views 23

কাছাৰত আন্তঃৰাষ্ট্ৰীয় মাদকদ্রব্য সৰবৰাহকাৰী চক্র উৎখাত

গুৱাহাটীৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাই কাছাৰত কালি এটা আন্তঃৰাষ্ট্ৰীয় মাদকদ্রব্য সৰবৰাহকাৰী চক্রক উৎখাত কৰে। সংস্থাৰ এটা দলে শিলচৰৰ সমীপৰ বৰাক নদীত অভিযান চলাই এখন নাৱৰ পৰা প্ৰায় ৬ কিলোগ্রাম হেৰোইন জব্দ কৰে। হেৰোইনখিনিৰ মূল্য ১২.৫০ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ঘটনা সন্দৰ্ভত লখিমপুৰৰ জেকব হামাৰ আৰু মেলদি হামাৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

December 1, 2025 12:27 PM

views 32

শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি

● শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি পাইছে। দেশখনৰ দুর্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই ভয়াৱহ প্রাকৃতিক দুর্যোগত এতিয়ালৈকে ৩৭০ জন লোক সন্ধান হৈ আছে। ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলন অব্যাহত থকাত বহুকেইখন জিলাৰ সংযোগ বিচ্ছিন্ন হৈ আছে। ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে অধিক ক্ষতিগ্রস্ত অঞ্চলসমূহত হেলিকপ্টাৰ আৰু এন ডি আৰ এফৰ দল নিয়োগ কৰিছে। ইপিনে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কে দেশবাসীক উদ...

December 1, 2025 10:55 AM

views 29

ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত ভাৰতৰ

■ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই ৩৫০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৯ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩৩২ ৰান কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ মেথিউ ব্ৰীটজকেই সর্বাধিক ৭২ ৰান কৰাৰ লগতে মার্কো জেনচনে ৭০ আৰু কৰ্বিন বচে ৬৭ ৰান কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট লাভ কৰাৰ লগতে হৰ্ষিত ৰাণাই ৩টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বিৰাট কোহলীৰ ১৩৫ ৰানৰ সহায়ত নিৰ্ধাৰ...

December 1, 2025 10:51 AM

views 28

আজিৰে পৰা আকাশবাণী গুৱাহাটী বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি

■ সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি ৫ মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ ১২ বাজি ৫ মিনিটত প্ৰচাৰ কৰা বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰা হৈছে। একেদৰে ৩ বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে পাঁচ মিনিটৰ বুলেটিন প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। বিয়লি ৫ বাজি ১৫ মিনিট আৰু সন্ধিয়া ৬ বজাৰ বাতৰি এত...

December 1, 2025 10:38 AM

views 31

বুধবাৰে অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি- পত্ৰ প্ৰদান কৰা হ’ব

■ অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক বুধবাৰে নিযুক্তি- পত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত সেইদিনা দিনৰ ১১ বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্রসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ- পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত ১৫৬ গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত ৫ হাজাৰ ৪১০ গৰাকী প্ৰাৰ্থীৰ লগতে ২৫২ গৰাকী চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ৫ হাজাৰ ১০গৰাকীয়ে অসম আৰক্ষী, ৪১১ গৰাকীয়ে ...

December 1, 2025 10:31 AM

views 57

আজি বিশ্ব এইডছ দিৱস

● আজি বিশ্ব এইডছ দিৱস। এইডছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত মৃত্যু হোৱা লোকসকলৰ প্রতি সমবেদনা প্রকাশেৰে ১৯৮৮ চনৰ পৰা প্ৰতিবছৰৰ ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব এইডছ দিৱস উপলক্ষে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগ আৰু ৰাজ্য চৰকাৰৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিশ্ব এইডছ দিৱস পালনৰ আয়োজন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- ...

December 1, 2025 10:46 AM

views 35

২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ

● নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজি ২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ হ'ব। নাগালেণ্ডৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা দিৱসৰ সৈতে একেলগে আয়োজন কৰা এই ১০ দিনীয়া মহোৎসৱত নগা জনজাতিসকলক একেলগ কৰি ৰাজ্যখনৰ লোক সংগীত, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। প্রায় দুই দশক পূৰ্বে পৰ্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হর্নবিল মহোৎসৱ বৰ্তমান বিশ্বৰ অন্যতম আকর্ষণীয় সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হৈছে। এই মহোৎসৱে এখন গোলকীয় মঞ্চ হিচাপে দেশ-বিদেশৰ পর্যটক, সহযোগী তথা শিল্পীসকলক আকৰ্ষণ ...

December 1, 2025 11:21 AM

views 28

শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ

■ শিৱসাগৰ চহৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ’ব। স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থ উৎসৱ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্রধান ড০ কুলধৰ শ‍ইকীয়াই মুকলি কৰিব। এই গ্ৰন্থ উৎসৱৰ কাৰ্যসূচীত সাহিত্য সংস্কৃতিৰ লগত জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। ১১ ডিচেম্বৰলৈ হ'বলগীয়া দশম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি কুইজ, সংগীত, ৰচনা, নৃত্য, কবিতা আবৃত্তি আদিৰ লগতে বহু কাৰ্যসূচী অনুষ্...