December 4, 2025 6:10 PM

views 19

ভাৰতক বাল্য বিবাহমুক্ত দেশ হিচাপে গঢ়ি তোলাৰ বাবে ১০০ দিনীয়া সজাগতা অভিযান আনুষ্ঠানিকভাৱে মুকলি কেন্দ্ৰীয় মন্ত্ৰী অন্নপূর্ণ দেৱীৰ

মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণ দেৱীয়ে আজি নতুন দিল্লীত ভাৰতক বাল্য বিবাহমুক্ত দেশ হিচাপে গঢ়ি তোলাৰ বাবে ১০০ দিনীয়া সজাগতা অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰিব। দিল্লীক বাল্য বিবাহমুক্ত ভাৰত অভিযানৰ এবছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সজাগতা অভিযানৰ অধীনত বাল্য বিবাহ ৰোধ কৰাৰ সংকল্প গ্ৰহণ কৰা হ'ব আৰু দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰেৰণাদায়ক কাহিনীসমূহক আলম হিচাপে লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। এই অভিযানৰ জৰিয়তে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ জনসাধাৰণ, প্ৰতিষ্ঠান আৰু ন...

December 4, 2025 12:25 PM

views 10

আকাশবাণীৰ প্রাসঙ্গিক অনুষ্ঠানত আজি গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুঙৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত গোৱালপাৰা জিলাক অভিলাষী জিলাৰূপে পৰিগণিত হোৱা সন্দৰ্ভত গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুঙৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ গোৱালপাৰা জিলাৰ সংবাদদাতা ৰছিদুল হুছেইনে। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব।

December 3, 2025 4:22 PM

views 26

প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা ৩০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব

-ৰাজ্যৰ অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা ৩০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব। এই হিতাধিকাৰীসকলে শীঘ্ৰেই ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫০ টকাকৈ ৰাজ সাহায্য অসম চৰকাৰৰ পৰা লাভ কৰিব। উল্লেখযোগ্য যে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰ বৰ্তমান একোটা পৰিয়ালে ৰাজ সাহায্যসহ ৮৫০ টকাত লাভ কৰে। প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ অধীনত ৩০০ টকা হিতাধিকাৰীয়ে ৰাজ সাহায্য হিচাপে লাভ কৰে। ইয়াৰ ফলত একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫৫০ টকা হয়। অহা জানুৱাৰীৰ পৰা হিতাধিকাৰীসকলক চৰকাৰে অ...

December 3, 2025 4:09 PM

views 37

দিব্যাংগসকলক সম পৰ্যায়ৰ বুলি গণ্য কৰিলেহে এখন সমাজক প্রকৃত অৰ্থত উন্নত সমাজ বুলি ক’ব পাৰি: ৰাষ্ট্ৰপতি

● দিব্যাংগসকলক সম পৰ্যায়ৰ বুলি গণ্য কৰিলেহে এখন সমাজক প্রকৃত অৰ্থত উন্নত সমাজ বুলি ক'ব পাৰি বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উল্লেখ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে দিব্যাংগসকলক পুতৌৰ নহয়, বৰং সন্মান আৰু মৰ্যাদাৰহে প্ৰয়োজন। দিব্যাংগসকলক প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে তেওঁলোকৰ অতুলনী...

December 3, 2025 4:06 PM

views 21

ভুৱা বাতৰিক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

■ তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভুৱা বাতৰিক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম, ভুৱা বাতৰি আৰু কৃত্রিম বুদ্ধিমত্তাৰ আধাৰত প্ৰস্তুত কৰা ডীপ ফেকৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৃত্রিম বুদ্ধিমত্তাৰ আধাৰত প্ৰস্তুত কৰা ডীপ ফেকৰ লেখীয়া বা-বাতৰি চিনাক্ত কৰি এইবোৰৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে খচৰা নীতি প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ লগতে সদনক জানিবলৈ দিয়...

December 3, 2025 4:01 PM

views 23

দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে: প্রহ্লাদ যোশী

কেন্দ্ৰীয় খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্রহ্লাদ যোশীয়ে কয় যে দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্রশ্নৰ উত্তৰ দি শ্ৰী যোশীয়ে কয় যে বৰ্তমানলৈ ২০ কোটি ৫৮ লাখ পৰিয়ালক প্ৰদান কৰা ৰেচন কাৰ্ডৰ প্ৰায় আটাইবোৰেই ডিজিটেল কৰি তোলা হৈছে। চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত হিতাধীকাৰীসকললৈ বিনামূলীয়াকৈ খাদ্য সামগ্ৰী প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থা ২...

December 3, 2025 3:58 PM

views 21

কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণ দেৱীয়ে কাইলৈ বাল্য বিবাহমুক্ত দেশ হিচাপে ১০০ দিনীয়া সজাগতা অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰিব

■ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণ দেৱীয়ে কাইলৈ নতুন দিল্লীত ভাৰতক বাল্য বিবাহমুক্ত দেশ হিচাপে গঢ়ি তোলাৰ বাবে ১০০ দিনীয়া সজাগতা অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰিব। দিল্লীক বাল্য বিবাহমুক্ত ভাৰত অভিযানৰ এবছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সজাগতা অভিযানৰ অধীনত বাল্য বিবাহ ৰোধ কৰাৰ সংকল্প গ্ৰহণ কৰা হ'ব আৰু দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰেৰণাদায়ক কাহিনীসমূহক আলম হিচাপে লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। এই অভিযানৰ জৰিয়তে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ জনসাধাৰণ, প্ৰতিষ্ঠান আ...

December 3, 2025 3:54 PM

views 25

দেশৰ বিভিন্ন অংশত ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মবার্ষিকী পালন

■ দেশৰ বিভিন্ন অংশত আজি প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মবার্ষিকী পালন কৰা হৈছে। ১৮৮৪ চনত বিহাৰৰ জিৰাদেইত জন্মগ্ৰহণ কৰা ৰাজেন্দ্ৰ প্ৰসাদে দেশৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৬২ চনৰ ১৩ মে’লৈ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে জন্মবার্ষিকী উপলক্ষে ৰাজেন্দ্ৰ প্ৰসাদলৈ শ্রদ্ধার্ঘ্য নিবেদন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জন্মবার্ষিকী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত দেশৰ প্ৰথমগৰাক...

December 3, 2025 3:49 PM

views 27

শ্ৰীলংকাত ডিটৱাহ নামৰ ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭৪ লৈ বৃদ্ধি

■ শ্ৰীলংকাত ডিটৱাহ নামৰ ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭৪ লৈ বৃদ্ধি পাইছে। ধুমুহাৰ ফলত বেয়াকৈ ক্ষতিগ্রস্ত কেন্দি জিলাত সর্বাধিক ১১৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত দেশখনলৈ মানৱীয় সাহায্য আগবঢ়াইছে আৰু উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্তাৰ, জাহাজৰ উপৰি অন্য আহিলাপাতি নিয়োগ কৰিছে। আই এন এছ সুকন্যা নামৰ জাহাজৰ জৰিয়তে ত্ৰিংকোমালিলৈ যোগান ধৰা সামগ্ৰীসমূহ শ্ৰীলংকাৰ বায়ুসেনা বাহিনীৰ বিমানেৰে দেশখনৰ পূব প্ৰান্তৰ দূৰণিবতীয়া এলেকাসমূহলৈ লৈ যোৱা হৈছে। ইয়াৰ উপৰি ভাৰতীয় উদ...

December 3, 2025 3:45 PM

views 43

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডৰ উপ-নির্বাচনত বিজেপিৰ ৭ খন আসন লাভ

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত উপ-নির্বাচনত বিজেপিয়ে ৭ খন আসন লাভ কৰিছে। এই উপ-নির্বাচনত আম আদমী পার্টিয়ে ৩ খন আৰু কংগ্ৰেছ আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক দলে এখনকৈ আসনত জয়লাভ কৰিছে। ফলাফল ঘোষণা হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত চান্দনী চৌক সমষ্টিৰ সাংসদ প্রবীণ খাণ্ডেলৱালে কয় যে পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলত দিল্লীত বিজেপিয়ে কৰা কাম-কাজৰ প্ৰতিফলন পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে যোৱা ৩০ নৱেম্বৰত মুঠ ৫৮০ টা ভোট কেন্দ্ৰত ভোটগ্রহণ সম্পন্ন হোৱা এই উপ-নির্বাচনত ২৬ গৰাকী মহিলাকে ধৰ...