December 5, 2025 12:15 PM

views 24

আজি বিয়লি ৩ বাজি ৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান

■ আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডত ৰূপায়িত চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আমগুৰি খণ্ড উন্নয়ন বিষয়া ৰাতুল গগৈৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ শিৱসাগৰ জিলাৰ সংবাদদাতা মুজাহিদ আলীয়ে। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব।

December 5, 2025 12:08 PM

views 24

গোৱালপাৰা জিলাৰ বিভিন্ন অংশত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

● গোৱালপাৰা জিলাৰ বিভিন্ন অংশত যোৱা কেইবাদিনো ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। জিলাখনৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে গৰাইমাৰী অঞ্চলত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত হিতেন ৰাভা নামৰ এজন লোকৰ মৃত্যু হয়। পুৱা ঘৰৰ পৰা ওলোৱাৰ সময়তে এটা বনৰীয়া হাতীয়ে তেওঁক আক্ৰমণ কৰে। পাছত বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

December 5, 2025 12:02 PM

views 72

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ

■ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে। প্ৰকল্পটোৰ প্ৰথমটো ইউনিটত বিজুতি ঘটাৰ পাছত দ্বিতীয়টো ইউনিটৰ জৰিয়তে কালি সফলভালে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কার্যক আদৰণি জনাই কয়, যে এই প্রকল্পই লাখ লাখ লোকৰ বাবে বিশুদ্ধ শক্তিৰ উৎপাদনেৰে দেশৰ শক্তি নিৰাপত্তাক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰাৰ লগতে অসমৰ বিকাশৰ ধাৰাত ইন্ধন যোগাব। উল্লেখযোগ্য যে বিভিন্ন দল সংগঠনৰ বিৰোধিতাৰ মাজত ২৬ হাজাৰ ৭৫ কোটি টকা ব্যয় সাপেক্ষে এই দুহেজাৰ মে...

December 5, 2025 11:58 AM

views 24

অসম বিধানসভাৰ বিধায়ক আৰু সচিবসহ ১০জনীয়া দলৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা ভ্ৰমণ

● অসম বিধানসভাৰ ৬জন বিধায়ক আৰু ৪জন সচিবসহ ১০জনীয়া এটা দলে কালি দক্ষিণ শালমাৰা মানকাচৰ জিলা ভ্ৰমণ কৰি জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ পৰ্যালোচনা কৰে। দলটোৱে কালি বিয়লিৰ ভাগত ভাৰত-বাংলাদেশ সীমান্তত চলি থকা খহনীয়া আৰু খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰে। বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত অহা দলটোৱে সন্ধিয়া হাটশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কেইবাটাও বিভাগৰ সৈতে আলোচনাত মিলিত হয়। সভাত বিভিন্ন বিভাগৰ মুৰব্বী, জিলা প্ৰশাসনৰ বিষয়া আৰু মানকাচৰৰ বিধায়ক আমিনুল...

December 5, 2025 12:11 PM

views 24

যোৰহাটৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৩দিনীয়াকৈ আয়োজন

■ যোৰহাট জিলাৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰেপৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, স্মৃতিগ্ৰন্থ উন্মোচনীৰ লগতে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৪৫ চনত স্থাপিত বিদ্যালয়খনৰ ২০২০ চনত ৭৫ বছৰ সম্পূৰ্ণ হয় যদিও মহাৰৰ্জত জয়ন্তীৰ অনুষ্ঠান কোৱিডকালীন পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল।

December 5, 2025 12:05 PM

views 19

গুৱাহাটীৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত বিশ্ব ভূমি দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী

ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত বিশ্ব ভূমি দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে ভূমি সংৰক্ষণৰ প্ৰয়োজনীয়তা তথা এই ক্ষেত্ৰত জনসাধাৰণৰ কৰণীয় সন্দৰ্ভত ভাষণ দিব।

December 5, 2025 12:53 PM

views 39

দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন

● ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। তাৰপাছত পুটিনে ৰাজঘাটত পুষ্পাঞ্জলি অর্পণ কৰি মহাত্মা গান্ধীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। আজি হায়দাবাদ হাউছত শ্ৰীমোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত...

December 5, 2025 12:51 PM

views 27

গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক গভীৰ হৈয়েই আছেঃ প্ৰতিৰক্ষা মন্ত্ৰী

● ৰাছিয়াক ভাৰতৰ বিশেষ আৰু কৌশলগত অংশীদাৰ বুলি অভিহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক গভীৰ হৈয়েই আছে। নতুন দিল্লীত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ'ভৰ সৈতে সামৰিক আৰু সামৰিক কাৰিকৰী সহযোগিতাৰ ২২ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ মন্ত্ৰী বৈঠকৰ সহ-অধ্যক্ষতা কৰাৰ সময়ত তেওঁ এইদৰে কয়। শ্রীসিঙে কয় যে ২০০০ চনত ভাৰত-ৰাছিয়া কৌশলগত অংশীদাৰিত্ব ঘোষণা পত্ৰ স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহয...

December 5, 2025 12:47 PM

views 32

নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰিব

● কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই প্রকাশ কৰা প্ৰতিবেদন অনুসৰি এই নতুন সংস্কাৰে দেশৰ শ্ৰমিকসকলক প্রত্যক্ষ সুবিধা প্রদান কৰিছে। এই শ্রম সংস্কাৰৰ জৰিয়তে চৰকাৰে দেশৰ বিভিন্ন খণ্ডত শ্রমিক শাসন ব্যৱস্থা শক্তিশালী কৰিছে। এই সংস্কাৰৰ অধীনত কোনো নিয়োগকাৰীয়ে কৰ্মচাৰীক ন্যূনতম মজুৰিতকৈ কম দৰমহা দিব নোৱাৰিব। সাধাৰণ কৰ্ম সময়ৰ বাহিৰত কৰা কামৰ ক্ষেত্ৰত নিয়মীয়া মজুৰি হাৰতকৈ দুগুণ ক্ষতিপূৰণ দিব লাগিব। ল...

December 5, 2025 12:45 PM

views 17

বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা, নিৰাপত্তা, আৰু কল্যাণৰ বাবে সর্বোচ্চ অগ্ৰাধিকাৰ দিয়েঃ ড° এছ জয়শংকৰ

● বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয় যে চৰকাৰে বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা, নিৰাপত্তা, আৰু কল্যাণৰ বাবে সর্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু অবৈধ অনুপ্ৰৱেশ আৰু মানৱ সৰবৰাহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ কৰ্তৃপক্ষৰ সৈতে জড়িত হৈ আছে। ৰাজ্যসভাত কালি ড° জয়শংকৰে কয় যে ভাৰতীয় নাগৰিকক বিতাড়নৰ সৈতে জড়িত সকলো বিষয়তে ভাৰতে আমেৰিকাৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰে। তেওঁ সদনক অৱগত কৰে যে ২০০৯ চনৰ পৰা মুঠ ১৮ হাজাৰ ৮২২ ভাৰতীয় নাগৰিকক ভাৰতলৈ বিতাড়িত কৰা হৈছে। তেওঁ লগতে প্ৰকাশ কৰে যে চ...