November 10, 2025 5:43 PM November 10, 2025 5:43 PM

views 17

বন্দে মাতৰম গীতটোৰ ১৫০ বছৰ সম্পূৰ্ণ

বন্দে মাতৰম গীতটোৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত আকর্ষণীয় কাৰ্যসূচী হাতত লোৱা হৈছে। বৰপেটা আৰক্ষীয়ে আজি চহৰৰ পাঁচ আলি চকত গীতটোৰ সুৰ সমলয় পৰিৱেশন কৰে। লখিমপুৰতো জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰক্ষী বাহনীয়ে বেণ্ডসহ সমদল কৰি চহৰখৰ ক্লক টাৱাৰৰ সন্মুখলৈকে গীতটি পৰিৱেশন কৰে।

November 10, 2025 5:40 PM November 10, 2025 5:40 PM

views 22

গোৱালপাৰাৰ দহিকটা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগৰ উচ্ছেদ অভিযানত ১,১৪০ বিঘা মাটি দখলমুক্ত

গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগে কালি উচ্ছেদ অভিযান চলাই ১,১৪০ বিঘা মাটি দখলমুক্ত কৰাৰ পাছত সেই অঞ্চলটো সংৰক্ষিত কৰি ৰখাৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ কাম আৰম্ভ কৰিছে। বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱৰ লগতে জিলাৰ বন সংমণ্ডল প্ৰাধীকাৰী তেজেছ মৰিশ্বামীয়ে আজি সেই ঠাই পৰিদৰ্শন কৰি অঞ্চলটোৰ সংৰক্ষণৰ বিষয়ে বন-বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হয়।

November 10, 2025 5:38 PM November 10, 2025 5:38 PM

views 14

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটৰ ৰাসথলীত কালি ইংলেণ্ড, স্কটলেণ্ডকে ধৰি বহিঃৰাষ্ট্ৰৰ পৰা অহা ১৭ জনীয়া পৰ্যটকৰ এটা দলে ৰাসলীলা উপভোগ কৰে। নদীপথেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ দলটোৱে নিশা শিলঘাটত নদীৰ বুকুত জাহাজতে অতিবাহিত কৰাৰ পাছত আজি পুৱা পুনৰ কাজিৰঙা দৰ্শনৰ বাবে যাত্ৰা কৰে। ইপিনে, বাক্সা জিলাত ৯২ সংখ্যক পূব খাগ্ৰাবাৰী ৰাস মহোৎসৱত জীৱন্ত ৰাসলীলাই অগণন লোকক মুগ্ধ কৰিছে। এই ৰাসলীলা উপভোগ কৰিবলৈ বহু লোকৰ সমাগম হৈছে।

November 6, 2025 3:08 PM November 6, 2025 3:08 PM

views 33

লাচিত ঘাটত ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ উপস্থিত থাকিব

■ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীৰ লাচিত ঘাটত অহা দেওবাৰে হ'বলগীয়া ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে সেইদিনা দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ, ছুখয় আদিৰ দৰে ৭৫ খন বিমানে ভাগ ল'ব। বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধা শ্ৰমৰ আবাসীসকলক অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ নতুন পাৰ্কৰ পৰা ইচ্ছ্যুক ব্যক্তিসকলে ...

November 6, 2025 3:01 PM November 6, 2025 3:01 PM

views 37

দিনৰ ১১ বজালৈ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ২৭.২৬ শতাংশ ভোটদাতাৰ ভোটদান

—বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। ৰাজ্যখনত দিনৰ ১১ বজালৈ ২৭.২৬ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। বেগুচৰাই জিলাত সৰ্বাধিক ৩০.৭ শতাংশ ভোটদান হৈছে। ৰাজ্যখনৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পাটনা জিলাৰ বটিয়াৰপুৰত, উপ-মুখ্যমন্ত্ৰী তথা তাৰাপুৰ সমষ্টিৰ বিজেপি প্রার্থী সম্রাট চৌধুৰীয়ে মুংগেৰত ভোটদান কৰে। বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় আৰু তেওঁৰ পত্নীয়ে হাজিপুৰত ভোটদ...

November 6, 2025 2:57 PM November 6, 2025 2:57 PM

views 17

লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰৰ বিদেশ মন্ত্রী গেব্রিয়েলা ছ’মৰফেল্ডক সাক্ষাৎ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

■ বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰৰ বিদেশ মন্ত্রী গেব্রিয়েলা ছ’মৰফেল্ডক সাক্ষাৎ কৰে। বৈঠকত দুয়ো পক্ষই ৰাজনৈতিক, বাণিজ্যিক, ভেষজ প্রশিক্ষণ আৰু সামৰ্থ্য বৃদ্ধিৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আন ক্ষেত্ৰসমূহৰ সহযোগিতা সুদৃঢ় কৰাৰ সুযোগত অন্বেষণ কৰে। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ কূটনৈতিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু শ্ৰীমতী ছ’মাৰফেল্ডে কাল...

November 6, 2025 2:52 PM November 6, 2025 2:52 PM

views 14

অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ

■ অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই আজি পদত্যাগ কৰিছে। ৰাজ্যখনৰ ৰাজ্যপাললৈ লিখা এখন পত্ৰত মহন্তই সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো আৰ টি আই আবেদন দাখিল কৰা আৰু এই সম্পৰ্কত আপীল তথ্য আয়োগলৈ অহাৰ পৰিপ্ৰেক্ষিতত পদত্যাগ কৰা বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া তথা অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ২০২৩ চনত ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ গ্ৰহণ কৰিছিল।

November 6, 2025 2:47 PM November 6, 2025 2:47 PM

views 14

সাংসদ খেল মহোৎসৱৰ অংশ হিচাপে অহা ১৬ নৱেম্বৰত নমো ৰান মাৰাথনৰ আয়োজন

● সাংসদ খেল মহোৎসৱৰ অংশ হিচাপে অহা ১৬ নৱেম্বৰত নতুন দিল্লীত নমো ৰান মাৰাথনৰ আয়োজন কৰা হৈছে। কৰ্প'ৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী হর্ষ মলহোত্রাই খেল মহোৎসৱ উদ্বোধন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্রায় ৩০ হাজাৰ প্ৰতিযোগীয়ে খেল মহোৎসৱত পঞ্জীয়ন কৰিছে। তিনিটা পৰ্যায়ত আয়োজন কৰা এই মহোৎসৱত ভাৰতীয় পৰম্পৰাগত খেলসমূহৰ উপৰি অলিম্পিকত অন্তৰ্ভুক্ত কৰা খেলো অনুষ্ঠিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে প্রতিযোগিতাত ভাল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হোৱা খেলুৱৈসকলক প্ৰশিক্ষক আৰু অন্য...

November 6, 2025 2:49 PM November 6, 2025 2:49 PM

views 19

আকাশবাণী ইম্ফলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা

■ মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি ইম্ফলৰ চিটী কনভেনচন চেণ্টাৰত অনুষ্ঠিত আকাশবাণী ইম্ফলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ লয়। এই অনুষ্ঠানত আকাশবাণী ইম্ফলে আগবঢ়োৱা ৬০ বছৰজোৰা সেৱাৰ বিষয়ে আলোকপাত কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যপালগৰাকীয়ে হীৰক জয়ন্তী স্মৰণিকা উন্মোচন কৰে আৰু আকাশবাণী ইম্ফলৰ বিষয়া আৰু হীৰক জয়ন্তী অনুষ্ঠানৰ প্ৰযোজকসকলৰ মাজত প্ৰশস্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব অনুৰাগ বাজপেয়ী, আকাশবাণীৰ সঞ্চালকপ্ৰধান ৰাজীৱ কুমাৰ জৈন, আকাশবাণীৰ উত্তৰ-পূব সংমণ...

November 6, 2025 2:36 PM November 6, 2025 2:36 PM

views 20

পাঁচখনীয়া টী-২০ৰ চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজ ৰ পাঁচখনীয়া টী-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল কুইন্সলেণ্ডত অনুষ্ঠিত হৈছে। খেলখনত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শৃংখলাত এতিয়ালৈকে দুয়োটা দলে একোখনকৈ খেলত জয়লাভ কৰিছে৷