November 10, 2025 7:21 PM November 10, 2025 7:21 PM

views 14

গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ কৰে। এই অভিযানৰ অধীনত আজি প্ৰথম কিস্তি হিচাপে ১০ হাজাৰ টকাকৈ বিতৰণ কৰা হয়। দ্বিতীয় কিস্তিত ২৫ হাজাৰ আৰু তৃতীয় কিস্তিত ৫০ হাজাৰ টকাকৈ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত কয়, যে এই সুবিধা লাভ কৰিবলৈ হ'লে একোটা পৰিয়ালত সৰ্বাধিক দুটা সন্তান থাকিব লাগিব। ততোধিক সন্তান থকা দম্পত্তিয়...

November 10, 2025 7:15 PM November 10, 2025 7:15 PM

views 18

লখিমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত যোৱা ১ নৱেম্বৰৰ পৰা লখিমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিছে। এই উপলক্ষে আজি বিয়লিৰ ভাগত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত ড° গোস্বামীয়ে সময়ৰ প্ৰত্যাহ্বান নেওচি গ্ৰন্থৰ জনপ্ৰিয়তা অটুত আছে বুলি উল্লেখ কৰে। এই গ্ৰন্থমেলাৰ ১০ দিনত ৪০ৰ পৰা ৪৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি অসম প্ৰকাশন পৰিষদৰ সূত্ৰই প্ৰকাশ ক...

November 10, 2025 6:26 PM November 10, 2025 6:26 PM

views 20

ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। এই বিশ্ববিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ উপৰি বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব আৰু এই বিষয়ত বিশ্ববিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ড০ শৰ্মাই কয়, যে অহা ২৫ নৱেম্বৰত আৰম্ভ ...

November 10, 2025 6:20 PM November 10, 2025 6:20 PM

views 19

দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় বৈঠকত বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতা

বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় এখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত দেশৰ কেইবাগৰাকীও আগশাৰীৰ অর্থনীতিবিদ উপস্থিত থাকে। বিত্ত মন্ত্ৰ্যালয় আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টাই বৈঠকত অংশ লৈ বাজেট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়ে। এই প্রাক বাজেট পৰামৰ্শদান বৈঠক আজি দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হয়। ইয়াৰ পাছতে দিনৰ ১ বজাৰ পৰা ৩ বজালৈ বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাগৰ...

November 10, 2025 6:18 PM November 10, 2025 6:18 PM

views 14

কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ কোহিমাৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্রীবিৰলাই কয়, যে উত্তৰ-পূৰ্বাঞ্চল চহকী-সংস্কৃতি, বৈচিত্র্য আৰু শক্তিশালী গণতান্ত্রিক প্ৰমূল্যৰ বাবে জনাজাত। তেওঁ কয়, যে এই অঞ্চলটোৱে সক্ৰিয় গণতান্ত্রিক ব্যৱস্থা তথা যোগাযোগ আন্তঃগাঁথনি আৰু বিভিন্ন ক্ষেত্ৰত সুযোগ বৃদ্ধিৰ দিশত অবিৰতভাৱে উন্নতি কৰিছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিধানসভাসমূহক তেওঁ...

November 10, 2025 6:13 PM November 10, 2025 6:13 PM

views 11

সমাজৰ প্ৰান্তীয় শ্ৰেণী তথা অভিলাষী যুৱচামৰ সৱলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান

গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে সমাজৰ প্ৰান্তীয় শ্ৰেণী তথা অভিলাষী যুৱচামৰ সৱলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি নগৰীয়া সমবায় ঋণ খণ্ড সন্দৰ্ভত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সন্মিলন ‘কো-অপ কুম্ভ ২০২৫' মুকলি কৰি তেওঁ কয়, যে ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বেংক আৰু ঋণ সমিতি লিমিটেড ফেডাৰেচন, NAFCUB তথা নগৰীয়া সংস্থাসমূহে নীতি নিৰ্দেশনা জাৰি কৰা উচিত। এই নীতিসমূহৰ ওপৰত ভিত্তি কৰি সকলো নগৰীয়া সমবায় বেংকে বিত্তীয় আন্তঃগাঁথনিৰ শৈলী প্রস্তুত কৰা উচিত বুলি শ...

November 10, 2025 6:05 PM November 10, 2025 6:05 PM

views 36

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত কাইলৈ হ'বলগীয়া দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। নির্বাচন আয়োগে এই নির্বাচন শান্তিপূর্ণ, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ অন্তিম পৰ্যায়ত ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ইয়াৰ ভিতৰত ১৩৪ গৰাকী মহিলা প্রার্থীও আছে। পুৱা ৭ বজাত ভোটগ্রহণ আৰম্ভ হ'ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে ৭টা সমষ্টিত নিৰাপত্তা সম্পৰ্কীয় ...

November 10, 2025 6:02 PM November 10, 2025 6:02 PM

views 21

৭ খন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ বাবে কাইলৈ উপ-নির্বাচন অনুষ্ঠিত

৭ খন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ বাবে কাইলৈ উপ-নির্বাচন অনুষ্ঠিত হ'ব। উপ-নির্বাচন হ'বলগীয়া সমষ্টিকেইটা হৈছে- জম্মু-কাশ্মীৰৰ বুদগাম আৰু নাগ্রোতা, ৰাজস্থানৰ আন্তা, ঝাৰখণ্ডৰ ঘাটছিলা, তেলেংগানাৰ জুবিলি হিলছ, পাঞ্জাবৰ তাৰ্ন তাৰান, মিজোৰামৰ দাম্পা আৰু ওড়িশাৰ নোৱাপাড়া সমষ্টি। বিহাৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অহা ১৪ নৱেম্বৰত এই সমষ্টিকেইটাৰ ভোটগণনা কৰা হ'ব।

November 10, 2025 5:53 PM November 10, 2025 5:53 PM

views 36

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যেষ্ঠ কূটনীতিবিদ ছাৰ্জিঅ’ গৰক নতুন দিল্লীস্থিত দেশখনৰ ৰাষ্ট্ৰদূত হিচাপে ৰাষ্ট্ৰপতি ট্রাম্পে দিয়া নিযুক্তিত অনুমোদন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চ সদন চিনেটে জ্যেষ্ঠ কূটনীতিবিদ ছাৰ্জিঅ' গৰক নতুন দিল্লীস্থিত দেশখনৰ ৰাষ্ট্ৰদূত হিচাপে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দিয়া নিযুক্তিত অনুমোদন জনাইছে। তেওঁ অচিৰেই নতুন দিল্লীৰ মার্কিন দূতাবাসত কাৰ্যভাৰ গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৩৮ বছৰীয়া ছাৰ্জিঅ' গৰ হৈছে ভাৰতত ৰাষ্ট্রদূত হিচাপে নিযুক্তি লাভ কৰা কনিষ্ঠতম মার্কিন কূটনীতিবিদ। গৰৰ লগতে দূতাবাসত নিযুক্তি লাভ কৰা আন কূটনীতিবিদ আৰু বিষয়াসকলেও ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ওচৰত আনুষ্ঠানিকভাৱে তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদা...

November 10, 2025 5:49 PM November 10, 2025 5:49 PM

views 21

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্রীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানত মন্ত্রী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পো...