December 18, 2025 12:09 PM

views 24

বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে

অসমত যোৱা ৫ বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজ্যখনত ১৫ হাজাৰ ৩০৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা এটা প্রশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত তুলনামূলকভাৱে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ হ্ৰাস পাইছে। কিন্তু লক্ষণীয়ভাৱে বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ ২৭.৪৬ শতাংশ বৃদ্ধি পাইছে। সদনত দাখিল কৰা তথ্যমতে ২...

December 18, 2025 12:05 PM

views 27

বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি

● ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত অসমৰো বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি কৰা হৈছে। প্ৰতিবেশী ৰাষ্ট্ৰখনত শেহতীয়াকৈ মৌলবাদী শক্তিৰ উত্থানৰ ফলত দুয়োদেশৰ পাৰস্পৰিক সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কালি দিল্লীত থকা বাংলাদেশৰ উচ্চায়ুক্ত ৰিয়াজ হামিদুল্লাক আলোচনাৰ বাবে তলব কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শেহতীয়াকৈ বাংলাদেশত এখন প্রতিবাদী সভাত বাংলাদেশৰ অন্তৱৰ্তীকালী...

December 10, 2025 3:29 PM

views 24

দীপাৱলী উৎসৱক UNESCO-ৰ মানৱতাৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধি তালিকাত অন্তৰ্ভুক্ত

■ ভাৰতৰ প্ৰধান সাংস্কৃতিক আৰু আধ্যাত্মিক উৎসৱসমূহৰ অন্যতম দীপাৱলীক আজি ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা UNESCO-ৰ মানৱতাৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধি তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্র শেখাৱটে এই কথা সদৰি কৰি কয়, যে এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সঁচাকৈ আবেগিক ক্ষণ। তেওঁ কয়, যে পোহৰৰ উৎসৱ দীপাৱলী অকল উদযাপন কৰাই নহয়, বৰং প্রজন্ম প্রজন্ম ধৰি ইয়াক অনুভৱ কৰি অহা হৈছে। শ্ৰী শেখাৱটে কয়, যে এই স্বীকৃতিৰ জৰিয়তে দীপাৱলীৰ প্ৰতি অকল সন্মান...

December 10, 2025 3:25 PM

views 25

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৬০ টা ৰে’ল ষ্টেচনৰ কাম সম্পূৰ্ণ

চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৬০ টা ৰে'ল ষ্টেচনৰ কাম সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই আঁচনিখনৰ অধীনত উন্নয়নৰ বাবে ১,৩০০ টাৰো অধিক ষ্টেচন চিনাক্ত কৰা হৈছে। তেওঁ কয়, যে চৰকাৰে ৰে’ল ষ্টেচনসমূহত যাত্রী বিশ্রাম ক্ষেত্র, যাত্রী প্রেক্ষাগৃহ, যান-বাহন ৰখোৱা ঠাই নিৰ্মাণ কৰি যাত্ৰীৰ সা-সুবিধা উন্নত কৰাৰ বাবে আৰু ৰে'লৱে ষ্টেচনলৈ যাত্ৰা সুগম কৰি তোলাৰ বাবে কাম কৰি আছে। যাত্ৰীৰ সুৰক্ষাৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি ষ্টেচ...

December 10, 2025 3:15 PM

views 21

সুশাসনক জৰুৰী অধিকাৰ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্রাই প্ৰকাশ কৰিছে

ভাৰতবৰ্ষক দক্ষ প্রতিষ্ঠান আৰু সহানুভূতিশীল শাসন ব্যৱস্থাৰ মাধ্যমেৰে প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদা সুনিশ্চিত কৰিব পৰা এখন ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো দেশৰ ভৱিষ্যতৰ আকাংক্ষা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্রাই প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত মানৱ অধিকাৰ দিৱস আৰু নিত্য আৱশ্যকতা পূৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি ড° মিশ্রাই সুশাসনক জৰুৰী অধিকাৰ বুলি অভিহিত কৰে। তেওঁ লগতে সুশাসনৰ বাবে দক্ষ ব্যৱস্থা, স্বচ্ছ প্ৰক্ৰিয়া আৰু জনসাধাৰণৰ প্ৰতি সন্মান তথা সহানুভূতি থকা প্রতিষ্ঠান জৰুৰী...

December 10, 2025 3:01 PM

views 30

মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ: ৰাষ্ট্ৰপতি

● মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত মানৱ অধিকাৰ দিৱসৰ অনুষ্ঠান আৰু নিত্য আৱশ্যকতা নিশ্চিতকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মর্যাদাৰ সৈতে কেতিয়াও আপোচ কৰিব পৰা নাযায় আৰু কোনো ব্যক্তিকে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত নহয়। মানৱ অধিকাৰ দিৱসে ন্যায্য, সমতাপূৰ্ণ আৰু দয়াশীল সমাজত...

December 10, 2025 12:05 PM

views 23

জম্মু আৰু কাশ্মীৰত ১৭ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত মল্লযুদ্ধ প্ৰতিযোগিতা

জম্মু আৰু কাশ্মীৰত ১৭ ডিচেম্বৰত জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত মল্লযুদ্ধ প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় দংগল আৰু ৰুষ্টম-ই-জম্মু কাশ্মীৰ খিতাপ ২০২৫ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদাতাই জনাইছে যে, ভাৰত, ইৰাণ আৰু কেইবাখনো দেশৰ পেছাদাৰী মল্লযুঁজাৰুসকলক একত্ৰিত কৰা এই চেম্পিয়নশ্বিপত কেন্দ্ৰীয় শাসিত অঞ্চলটোত এতিয়ালৈকে আয়োজিত হোৱা অন্যতম বৃহৎ মল্লযুঁজ প্রতিযোগিতা হিচাপে পৰিগণিত হ'ব।

December 10, 2025 12:02 PM

views 17

গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন

ভাৰতীয় গণসংযোগ প্রতিষ্ঠান- আই আই এম চিয়ে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সহযোগত আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ ২০ বছৰ পূৰ্তি উদযাপন বিষয়বস্তুৰে দেশপ্রেম, ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাজ্যসভাত কালি বন্দে মাতৰম গীতৰ ডেৰশ বছৰীয়া বার্ষিকী সন্দৰ্ভত...

December 10, 2025 11:59 AM

views 30

দিল্লী বোমা বিস্ফোৰণৰ গোচৰৰ সৈতে জড়িত আন এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIA-এ যোৱা মাহত সংঘটিত দিল্লী বোমা বিস্ফোৰণৰ গোচৰৰ সৈতে জড়িত আন এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এন আই এয়ে জনোৱা মতে, জম্মু-কাশ্মীৰৰ বাৰামুল্লাৰ ডাঃ বিলাল নাছিৰ মাল্লা এই গোচৰত গ্ৰেপ্তাৰ হোৱা অষ্টম অভিযুক্ত। দিল্লীৰ পৰা এন আই এৰ এটা দলে তেওঁক কৰায়ত্ত কৰে। সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে লালকিল্লা অঞ্চলত ১১ জন লোকৰ মৃত্যু আৰু কেইবাজনো লোক আহত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ ষড়যন্ত্ৰত তেওঁ জড়িত বুলি ধৰা পেলায়। এন আই এৰ তদন্ত অনুসৰি বিলালে জানি-বুজি আত্মঘাতী অভি...

December 10, 2025 11:56 AM

views 33

ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল: অমিত শ্বাহ

দেশপ্রেম, ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাজ্যসভাত কালি বন্দে মাতৰম গীতৰ ডেৰশ বছৰীয়া বার্ষিকী সন্দৰ্ভত আলোচনাৰ পাতনি মেলি শ্রীশ্বাহে কয়, যে এই অমৰ সৃষ্টিৰাজিয়ে দেশমাতৃৰ প্ৰতি কৰ্তব্য আৰু উৎসৰ্গাৰ মনোভাৱ যোগাই তোলে। বন্দে মাতৰমৰ আৱশ্যকতা স্বাধীনতা সংগ্ৰামৰ সময়তো আছিল আৰু আজিও আছে আৰু ২০৪৭ চনত ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ সময়তো ইয়াৰ প্ৰাসংগিকতা অক...