January 24, 2026 7:54 PM

views 34

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাত গণৰাজ্য দিৱসৰ ব্যাপক প্রস্তুতি

৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্রস্তুতি চলিছে। জিলা সদৰ সমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ২৪টা দলে কুছকাৱাজৰ অনুশীলন অব্যাহত ৰাখিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা।...

January 24, 2026 7:50 PM

views 40

ৰাষ্ট্ৰপতি ভৱন চৌহদৰ নতুন গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাঁচিপতীয়া পুথি সংৰক্ষণ

ৰাষ্ট্ৰপতি ভৱন চৌহদত কালি সন্ধিয়া মুকলি কৰা গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাচিপতীয়া পুথিয়ে স্থান লাভ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন সত্রানুষ্ঠান তথা বিজ্ঞ ব্যক্তিৰ পৰা সংগৃহীত ৫ খন প্রাচীন সাচিপতীয়া পুথিকে ধৰি মুঠ ৮ খন এনে পুথিয়ে কুটীৰত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মুকলি কৰা গ্ৰন্থ কুটীৰত অসমীয়াকে ধৰি দেশৰ মুঠ ১১ টা ধ্রুপদী ভাষাৰ প্রাচীন পুথি, পাণ্ডুলিপি আৰু অন্যান্য সাহিত্য সম্ভাৰক সংৰক্ষণ কৰাৰ ব...

January 24, 2026 9:47 PM

views 10

১৪ সংখ্যক ভাৰত-ভূটান মৈত্রী মেলাৰ আজি সামৰণি পৰে

চুবুৰীয়া ৰাষ্ট্ৰ ভূটান সীমান্তৰ বাক্সা জিলাৰ সুৱণখাটাত ৯দিনীয়া কাৰ্যসূচীৰে আয়োজিত ১৪ সংখ্যক ভাৰত-ভূটান মৈত্রী মেলাৰ আজি সামৰণি পৰিব। ইয়াৰ লগতে মাঘৰ দোমাহীৰ পৰা আৰম্ভ হোৱা মাঘ মেলাৰো অন্ত পৰিব। আজি সন্ধিয়া আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ পাছতে ভাৰত-ভূটান মৈত্ৰী মেলাৰ সামৰণি পৰিব বুলি আমাৰ সংবাদদাতাই জনাইছে। ৰাজ্যৰ বিভিন্ন জাতি-জনজাতিৰ লগতে ভূটানৰ বিভিন্ন জনগোষ্ঠীৰ বাৰে- ৰহণীয়া সাংস্কৃতিক বৈচিত্ৰক এই মেলাত প্ৰদৰ্শন কৰা হয়। বড়ো, ৰাভা, গোর্খা, চাওতালি, কোচ ৰাজবংশীৰ লগতে ভূটানৰ লোকসকলে পৰম্পৰাগত...

January 23, 2026 2:15 PM

views 18

ৰাজ্যত ১০ হাজাৰ শিক্ষাৰ্থীক বছৰি প্ৰশিক্ষণ দিব পৰাকৈ স্থাপন কৰা দক্ষতা বিশ্ববিদ্যালয়খন চৰকাৰে মুকলি কৰিব

অসম চৰকাৰে অহা কেইসপ্তাহমানৰ ভিতৰতে ৰাজ্যত ১০ হাজাৰ শিক্ষাৰ্থীক বছৰি প্ৰশিক্ষণ দিব পৰাকৈ স্থাপন কৰা দক্ষতা বিশ্ববিদ্যালয়খন মুকলি কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে বিকাশৰ ক্ষেত্ৰত বহুমুখী পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ডাভ’ছত এই কথা ঘোষণা কৰিছে।

January 23, 2026 5:16 PM

views 11

ওদালগুৰিত শিক্ষাৰ্থীৰ মাজত ৬,৪৩৪খন চাইকেল বিতৰণ

■ ওদালগুৰি জিলাত আজি ৰাজ্য চৰকাৰৰ বিনামূলীয়া চাইকেল বিতৰণ আঁচনিৰ অধীনত শিক্ষাৰ্থীৰ মাজত ৬,৪৩৪খন চাইকেল বিতৰণ কৰা হয়। অনুষ্ঠানত বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰী আৰু বিটিচিৰ পাৰিষদ অর্জুন দৈমাৰীৰ লগতে জিলা প্ৰশাসনৰ ভালেমান বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

January 23, 2026 1:24 PM

views 23

১৪ ফেব্ৰুৱাৰীত প্ৰধানমনন্ত্ৰীৰ পুনৰ অসম ভ্ৰমণৰ সম্ভাৱনা

ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ নৱনিৰ্মিত দলংখন প্রধানমনন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ফেব্ৰুৱাৰীত উদ্বোধন কৰাৰ সম্ভাৱনা আছে। এই উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আমন্ত্ৰণ জনোৱাৰ বিষয়ে কালি সামাজিক মাধ্যমত প্ৰকাশ কৰে। এই একেটা ভ্ৰমণতে প্রধানমন্ত্ৰী গৰাকীয়ে ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্টৰ শুভাৰম্ভণি আৰু ১০০ খন ইলেকট্রনিক বাছ মুকলি কৰাৰ লগতে মৰাণত এডভান্স লেণ্ডি ফেছিলিটি অর্থাৎ ভাৰতীয় বায়ু সেনাৰ বিমান ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰ...

January 23, 2026 5:02 PM

views 16

পৰম্পৰাগত ৰীতি-নীতিৰে সমগ্ৰ ৰাজ্যতে সৰস্বতীৰ পূজা উদযাপন

■ সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষা প্ৰতিষ্ঠানত আজি পুৱাৰে পৰা বাগদেৱীৰ পূজা অৰ্চনা কৰা হৈছে। ধৰ্মীয় ৰীতি-নীতিৰে মা সৰস্বতীক আকর্ষণীয়কৈ সজাই বেদীত প্ৰতিষ্ঠা কৰি জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত ছাত্ৰ-ছাত্ৰীসকলে আশীষ গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষা প্রতিষ্ঠান তথা বিভিন্ন আবাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। সৰস্বতী পূজা উপলক্ষ্যে ছাত্র...

January 23, 2026 4:48 PM

views 13

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ ২৭ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৪ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাৰ বতৰ শুকান হোৱাৰ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা ...

January 23, 2026 12:08 PM

views 28

গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদসমূহত কুচ-কাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰাৰ কথা । ইয়াৰ বাবে দিনে-নিশাই প্রস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্...

January 23, 2026 5:08 PM

views 10

গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ সকলো চৰকাৰী কাৰ্যালয় ২৬ জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তৰ জাননী

সমাগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ সকলো চৰকাৰী কাৰ্যালয় ২৬ জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তই এখন জাননী জাৰি কৰিছে। ডিব্ৰুগড়ৰ খনিকৰ ফিল্ডত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব।