November 13, 2025 12:56 PM November 13, 2025 12:56 PM
26
ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ’ব: মুখ্যমন্ত্রী
■ ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি এই বিষয়টো লৈ বহু সময় ধৰি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজিও চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে এই বিষয়ত আলোচনা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পর্যায়ক্রমে অন্যান্য জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনাৰ অন্তত ২৫ নৱেম্বৰত এই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশটো পৰ্যালোচনাৰ বাবে গঠিত মন্ত্ৰীৰ গোটে প্রতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে ইতিবাচক ফ...