November 17, 2025 5:36 PM November 17, 2025 5:36 PM

views 11

ৰাজ্যৰ ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগে তৎকালে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে। ছোৱাইন ফিভাৰৰ সংক্ৰমণ কমকৈ হোৱা জিলাসমূহত গাহৰিৰ মাংস বিক্ৰীৰ ক্...

November 17, 2025 5:20 PM November 17, 2025 5:20 PM

views 13

সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। সাম্প্রতিক ডিজিটেল যুগত ভুৱা বাতৰি আৰু ভুল তথ্যৰ প্ৰসাৰ প্ৰতিহত কৰাটো অতিশয় জৰুৰী হৈ পৰা বুলি তেওঁ মত প্ৰকাশ কৰে। হায়দাবাদৰ ৰামোজী ফিল্ম চিটীত চলিত বৰ্ষৰ ৰামোজী উৎকৃষ্টতা বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠান উদ্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মূল্যবোধ সম্বলিত সাংবাদিকতাৰ ক্ষেত্ৰত সংবাদ-উদ্যোগী প্রয়াত ৰামোজী ৰাওৱে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্...

November 17, 2025 5:16 PM November 17, 2025 5:16 PM

views 5

গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মন, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা, জম্মু-ক...

November 17, 2025 5:14 PM November 17, 2025 5:14 PM

views 8

মক্কাৰ পৰা মদিনালৈ যোৱা যাত্রীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাগৰাকীও ভাৰতীয় হজ যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ আশংকা

চৌদি আৰৱৰ মক্কাৰ পৰা মদিনালৈ যোৱা এখন যাত্রীবাহী বাছ আজি নিচেই পুৱা দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাগৰাকীও ভাৰতীয় হজ যাত্ৰীয়ে প্ৰাণ হেৰুওৱা বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় সময় অনুসৰি মাজনিশা প্ৰায় ডেৰ বজাত মুফৰিহাট নামৰ ঠাইত বাছখনে এখন ডিজেল কঢ়িওৱা টেংকাৰত খুন্দা মাৰে বাছখনত কেইবাগৰাকীও মহিলা তথা শিশু থকাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে বাছখন মক্কাৰ পৰা মদিনালৈ উভতি আহি আছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনা সন্দৰ্ভত শোক প্রকাশ কৰে। তেওঁ নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰ...

November 17, 2025 5:51 PM November 17, 2025 5:51 PM

views 27

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব

গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কথা প্ৰকাশ কৰে। এই চুক্তিৰ ফলত ৫০০ বছৰ কাল বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষুৰে ঐতিহ্যপূর্ণ বৃন্দাবনী বস্ত্রখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্...

November 13, 2025 12:52 PM November 13, 2025 12:52 PM

views 17

শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

● ৰাজ্যত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি বিয়লি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেণ্ড উপস্থিত থাকিব। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা অনুসৰি উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২৫২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ বিতৰণৰ উপৰি ৬২ গৰাকী তৃতীয় ব...

November 13, 2025 12:33 PM November 13, 2025 12:33 PM

views 23

নিলম্বিত চক্ৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে ১,২৫৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল

■ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নিলম্বিত চক্ৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে কালি বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। গ্ৰেপ্তাৰৰ ৫৮ দিনৰ পাছত তদাৰকী কোষে নিলম্বিত বিষয়াগৰাকীৰ বিৰুদ্ধে ১,২৫৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে। অভিযোগনামা তদাৰকী কোষে সন্নিবিষ্ট কৰা তথ্য অনুসৰি নিজৰ বৈধ আয়ৰ উৎসৰ তুলনাত অভিযুক্ত বৰাই ৪৫৮.৬৪ শতাংশ অধিক সম্পত্তি অৰ্জন কৰিছিল। উল্লেখযোগ্য যে কালি বিশেষ ন্যায়াধীশৰ আদালতে অভিযুক্ত বিষয়াগৰাকীৰ জামিন মঞ্জুৰ কৰি...

November 13, 2025 1:04 PM November 13, 2025 1:04 PM

views 33

তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ

■ তিনিচুকীয়া জিলাৰ মাকুম উন্নয়ন খণ্ডৰ গোবিন্দপুৰ গাঁৱত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে মাকুম উন্নয়ন খণ্ড, ইটাখুলি উন্নয়ন খণ্ড, মাকুম আৰু তিনিচুকীয়া পৌৰ সভাৰ অধীনৰ এলেকাত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত গাহৰিৰ ক্রয়-বিক্রয় বা গাহৰিৰ খাদ্যকে ধৰি অন্যান্য সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। প্রশাসনে লগতে গোবিন্দপুৰ গাঁৱৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাক ‘সতর্কতা মণ্ডল' হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে জিলাখনৰ গোবিন্দপুৰ আৰু ধ...

November 13, 2025 12:28 PM November 13, 2025 12:28 PM

views 23

মীন পালনেৰে সফলতা লাভ কৰা অনুপ কুমাৰ শৰ্মাক মীন মন্ত্ৰালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য হিচাপে নিযুক্তি

● গহপুৰত মীন পালনেৰে সফলতা লাভ কৰা অনুপ কুমাৰ শৰ্মাক মীন মন্ত্ৰালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। দেশৰ ১৪ গৰাকী অগ্রণী মীন উদ্যমীৰ ভিতৰত অসমৰ পৰা প্ৰথমবাৰৰ বাবে শৰ্মাৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে। পৰিচালনা সমিতিখনৰ কাৰ্যকালৰ তিনি বছৰৰ ভিতৰত অসম তথা উত্তৰ-পূবৰ মীন পালনৰ সমস্যা সমাধানৰ বাবে সহায় কৰিব বুলি শ্ৰী শৰ্মাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ পদৰ চাকৰি ত্যাগ কৰি জাপান, ছিংগাপুৰ আৰু থাইলেণ্ডত মৎস্য উৎপাদনৰ প্ৰশিক্ষণ ...

November 13, 2025 1:07 PM November 13, 2025 1:07 PM

views 15

শিৱসাগৰ জিলাৰ পৰাগধৰ চলিহা খেলপথাৰত ১৬ নৱেম্বৰলৈ আধ্যাত্মিক যুৱ সন্মিলনৰ আয়োজন

● শিৱসাগৰ জিলাৰ পৰাগধৰ চলিহা খেলপথাৰত আজিৰেপৰা ১৬ নৱেম্বৰলৈ আধ্যাত্মিক যুৱ সন্মিলনৰ আয়োজন কৰা হৈছে। মহিলাসকলক আধ্যাত্মিক শিক্ষাৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে যোগ-প্রাণায়াম, আলোচনা চক্র, গীতা-ভাগৱতৰ তত্ত্ব কথা, দিহানাম আদিৰ আয়োজন কৰা হৈছে। সন্মিলনৰ সভাপতি তথা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। এই সন্মিলনত ৰাজ্যখনৰ প্ৰায় ৩ হাজাৰ মহিলাই অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জনাইছে।