November 17, 2025 7:23 PM November 17, 2025 7:23 PM

views 63

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন

অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন হয়। অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীয়ে এই আলোচনাৰ বাবে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বেই ইয়াৰ ফলত প্ৰজন্মৰ পাছত প্ৰজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে ঐতিহ্যপূৰ্ণ বৃন্দাবনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি উল্লেখ কৰে। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ...

November 17, 2025 7:21 PM November 17, 2025 7:21 PM

views 19

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে লখিমপুৰ জিলাৰ ৩ টা সমষ্টিৰ ভোটগ্রহণ কেন্দ্ৰৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

অসম ৰাজ্যিক নির্বাচন আয়োগে অনাগত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ জিলাৰ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত অঞ্চলৰ অন্তৰ্গত ৩ টা সমষ্টিৰ সকলো ভোটগ্রহণ কেন্দ্ৰৰ চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰে। চূড়ান্ত ভোটাৰ তালিকা সংশ্লিষ্ট সকলো নিৰ্বাচনী পঞ্জীয়ক বিষয়া, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, পৌৰ সভাৰ কাৰ্যালয়, টাউন কমিটি, উপ পঞ্জীয়কৰ কাৰ্যালয়, আৰক্ষী থানা, চাহ বাগিচা, গাওঁ পঞ্চায়তৰ কাৰ্যালয়, জিলা প্ৰশাসনৰ ৱেৱছাইট আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাইজে চাব পৰাকৈ ...

November 17, 2025 6:45 PM November 17, 2025 6:45 PM

views 20

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। ইয়াৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদ মেলযোগে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ১৯১৯ চনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ৫,৯০০ বিঘাৰো অধিক ভূমি দখল হৈ আছিল। তেওঁ কয় যে এই লোকসকলক পর্যাপ্ত সময় দিয়া হৈছে আৰু এই নিৰ্ধাৰিত সময়ৰ ভিতৰত দখলমুক্ত নকৰিলে প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হ'ব।

November 17, 2025 6:42 PM November 17, 2025 6:42 PM

views 23

প্রাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ

গুৱাহাটীৰ টাডা আদালতে আজি প্রাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰে। এটা অপহৰণৰ গোচৰত অভিযুক্ত দৃষ্টি ৰাজখোৱাই আজি আদালতত হাজিৰ হয়। আদালতে দুজন জামিনদাৰ আৰু প্রত্যকৰে এক লাখ টকাৰ জৰিমণাৰ বিনিময়ত ৰাজখোৱাক জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে ১৯৯৩ চনত কাৰ্বি আংলং জিলাৰ খেৰণিত কানহায়ালাল গুপ্তা নামৰ এজন ৰে'লৱেৰ ঠিকাদাৰক অপহৰণৰ এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে দৃষ্টি ৰাজখোৱাসহ আন কেইবাজনৰো বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। আদালতে গোচৰ সংক্ৰান্তত হাজিৰ হোৱা বাবে দৃষ্টি ৰাজখোৱালৈ চমন জাৰি কৰিছিল য...

November 17, 2025 6:39 PM November 17, 2025 6:39 PM

views 18

ৰাজ্যৰ ৬ টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত

ৰাজ্যৰ ৬ টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমৰ জিলাকেইখনত প্ৰতিবাদ অব্যাহত আছে। আজি দিছপুৰ প্ৰেছ ক্লাবত টাই আহোম যুৱ পৰিষদ অসমে এখন সংবাদমেলত অনুষ্ঠিত কৰি জনজাতিকৰণৰ দাবী সজোৰে উত্থাপন কৰে। এই দাবী পূৰণ নহ'লে অনাগত সময়ত আন্দোলন তীব্ৰ কৰি তোলা হ'ব বুলিও তেওঁলোকে লগতে উল্লেখ কৰে।

November 17, 2025 6:34 PM November 17, 2025 6:34 PM

views 29

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নির্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

নির্বাচন আয়োগে অসমতো ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আয়োগৰ নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে ধৰি এই সংশোধনী ঘটাব লাগিব। সেই অনুসৰি কাইলৈৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত সমন্বিত খছৰা ভোটাৰ তালিকা প্রস্তুত কৰিব লাগিব। ২৭ ডিচেম্বৰত খছৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। এই সম্পৰ্কত থকা দাবী আৰু আপত্তিসমূহ ২ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত নিষ্...

November 17, 2025 6:25 PM November 17, 2025 6:25 PM

views 17

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত ধেমাজি জিলাৰ প্রথম স্থান লাভ

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত শেহতীয়াকৈ ধেমাজি জিলাই প্রথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত জিলাখনে কৃষি স্বাস্থ্য, গ্রামোন্নয়ন, শিক্ষা আৰু সামাজিক কল্যান ক্ষেত্ৰত পাৰদৰ্শিতাৰে ৬৫.৯৬ শতাংশৰে ফলাফলৰ তালিকাৰ শীৰ্ষ স্থানত আছে। ৬৫.৮৬ শতাংশৰে শিৱসাগৰ জিলা তালিকাৰ দ্বিতীয় স্থান লাভ কৰিছে। জিলাসমূহৰ ভিতৰত ১৮ টা বিভাগৰ ৫০ টা শিতানত এই মূল্যায়ন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম উন্নয়ন আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰ...

November 17, 2025 6:15 PM November 17, 2025 6:15 PM

views 12

তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হৈছে। বিয়লি আৰ এছ এছৰ মুৰববীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা গৈ সুদৰ্শনালয়ত উপস্থিত হয়। সংঘৰ শতবৰ্ষ পূৰ্ণ হোৱা উপলক্ষে ডাঃ ভাগৱতে সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে কাইলৈ আৰু পৰহিলৈ সুদর্শনালয়ত বৌদ্ধিক মত-বিনিময় কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই মত-বিনিময় অনুষ্ঠানলৈ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী তথা কাকত-আলোচনীৰ সম্পাদক আৰু উদ্যোগপতিকো আমন্ত্রণ জন...

November 17, 2025 6:04 PM November 17, 2025 6:04 PM

views 16

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাচক্ৰখন ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ড০ ভূপেন হাজৰিকাৰ আত্মীয়তাৰ কথা ব্যক্ত কৰে। প্ৰথম দিনা অনুষ্ঠিত দুখনকৈ অনুষ্ঠিত আলোচনা সত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ শিক্ষ...

November 17, 2025 5:55 PM November 17, 2025 5:55 PM

views 17

জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্রাসবাদী কার্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে

জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্রাসবাদী কার্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে বুলি সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বীবেদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা বৈঠকৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি জেনেৰেল দ্বিবেদীয়ে কয়, যে চলিত বছৰটোত বৰ্তমানলৈ প্ৰতিৰক্ষা বাহিনীৰ হাতত প্ৰায় ৩১ জন সন্ত্ৰাসবাদী নিহত হৈছে আৰু ইয়াৰে ৬১ শতাংশই আছিল পাকিস্তানী সন্ত্রাসবাদী সম্প্ৰতি ৰাজ্যখনত শিলগুটি দলিওৱা আৰু বিক্ষোভ প্ৰদৰ্শন তথা শ্ল'গান দিয়াৰ দৰে ঘটনা সংঘটিত নোহোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়...