November 20, 2025 7:17 PM November 20, 2025 7:17 PM

views 13

চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী অজন্তা নেওগৰ পৌৰোহিত্যত পৰ্যালোচনা বৈঠক অনুষ্ঠিত

  চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মন্ত্ৰী অজন্তা নেওগৰ পৌৰোহিত্যত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ছিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু জিলা আয়ুক্ত যতীন বৰাসহ জিলাখনৰ মুৰববী-বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ কাম-কাজৰ খতিয়ান লোৱাৰ লগতে কৰ সংগ্ৰহ কৰা বিভাগসমূহক কৰ সংগ্ৰহ সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদানৰ পৰামৰ্শ দিয়ে। তেওঁ লগতে ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰিবলৈও মুৰব্বী-বিষয়াসকলক আহ্বান জন...

November 20, 2025 7:14 PM November 20, 2025 7:14 PM

views 19

কামৰূপ মহানগৰ জিলাত নিউম’নিয়া ৰোগ সন্দৰ্ভত সামাজিক সজাগতা আৰু পদক্ষেপ বিষয়ক অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ

কামৰূপ মহানগৰ জিলাত আজি নিউম’নিয়া ৰোগ সন্দৰ্ভত সামাজিক সজাগতা আৰু পদক্ষেপ বিষয়ক অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আয়োজিত এটা অনুষ্ঠানত অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া লখিমী দত্তই এই অভিযান মুকলি কৰে। উল্লেখযোগে যে নিউম’নিয়াৰ দৰে গুৰুতৰ ৰোগত আমাৰ দেশৰ ৫ বছৰৰ তলৰ বহু শিশু আক্ৰান্ত হোৱাৰ লগতে এই ৰোগত ভালেসংখ্যকৰ মৃত্যু হয়। সেয়েহে এই ৰোগ নিৰ্মূল কৰিবলৈ সামাজিক সজাগতা আৰু পদক্ষেপৰ অতি প্রয়োজন। এই উদ্দেশ্যে আজিৰ পৰা অহা বৰ্ষৰ ২৮...

November 20, 2025 7:12 PM November 20, 2025 7:12 PM

views 15

ভার্চুৱেল মাধ্যমেৰে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ ৭জন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ সাতজন অভিযুক্তক আজি সংশ্লিষ্ট কাৰাগাৰৰ পৰা ভার্চুৱেল মাধ্যমেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতেই আদালতে আটাইকেইজনকে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ, শিল্পীগৰাকীৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে। আন দুজন অভিযুক্ত শেখ...

November 20, 2025 7:01 PM November 20, 2025 7:01 PM

views 12

ধেমাজিত সদৌ অসম সত্র মহাসভাই আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি সদৌ অসম সত্র মহাসভাই ধেমাজিত আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থল। ৰাজ্যৰ এহেজাৰ ২০০তকৈ অধিক সত্ৰ আৰু ৪ হাজাৰৰো অধিক নামঘৰে ভক্তি, পৰম্পৰা, অখণ্ড ৰূপত ধৰি ৰাখিছে বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। তেওঁ লগতে সত্ৰ মহাসভাই ৰাজ্যত ভক্তি, পৰম্পৰা তথা নৃত্য-গীতৰ চৰ্চাৰে অনুশাসনৰ মাজেৰে আধ্যাত্মিকতাৰ পৰিৱেশ গঢ় দি আহিছে বুলি উল্ল...

November 20, 2025 4:12 PM November 20, 2025 4:12 PM

views 9

ভাৰতে ২০২৪-২৫ বৰ্ষত ১ লাখ ৫৪ হাজাৰ কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলাপাতি উৎপাদন কৰিছে

■ ভাৰতে ২০২৪-২৫ বৰ্ষত ১ লাখ ৫৪ হাজাৰ কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলাপাতি উৎপাদন কৰিছে। এই সময়ছোৱাত প্ৰতিৰক্ষা ৰপ্তানীও ২০১৪ চনৰ এহেজাৰ কোটি টকাৰ কমৰ পৰা ২৩ হাজাৰ ৬২২ কোটি টকালৈ বৃদ্ধি পাইছে। বিগত এটা দশকত দেশৰ সামৰিক ঔদ্যোগিক ভেটিলৈ আগবঢ়োৱা নীতিগত সমৰ্থন আৰু বিপুল আবণ্টনৰ বাবেই প্ৰতিৰক্ষা আহিলাপাতিৰ উৎপাদন বৃদ্ধি পোৱা বুলি কোৱা গৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিৰক্ষা বাজেট ২০১৩-১৪ বৰ্ষৰ ২ লাখ ৫৩ হাজাৰ কোটি টকাৰ পৰা ২০২৫-২৬ বৰ্ষত ৬ লাখ ৮১ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ...

November 20, 2025 4:07 PM November 20, 2025 4:07 PM

views 15

৩ দিনীয়া ভ্ৰমণসূচীৰে চত্তিশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতি মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি চত্তিশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ’ব। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি অম্বিকাপুৰত আয়োজিত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী মুৰ্মুৱে তেলেংগানাৰ চিকন্দাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ ২০২৫ মুকলি কৰিব। ভাৰতীয় কলা মহোৎসৱৰ এই দ্বিতীয় সংস্কৰণত গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, গোৱা, দাদা আৰু নগৰ হাভেলী তথা দমন আৰু দিউৰ চহকী সাংস্কৃতিক ৰন্ধন আৰু কলাত্মক পৰম্পৰাৰ বিষয়ে আলোকপাত ক...

November 20, 2025 4:00 PM November 20, 2025 4:00 PM

views 13

নৱম প্ৰাক্ বাজেট আলোচনাত বিশেষজ্ঞসকলৰ সৈতে মিলিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পর্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে নৱম প্ৰাক্ বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, পৰ্যটন বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকী কালি প্ৰযুক্তি, বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্ব...

November 20, 2025 3:54 PM November 20, 2025 3:54 PM

views 21

দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ শপত গ্ৰহণ

● জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰে। সম্রাট চৌধৰি, বিজয় কুমাৰ সিন্হা, মংগল পাণ্ডে, নীতিন নবীন, দিলীপ জয়ছোৱাল আৰু ৰামকৃপাল যাদৱসহ বিজেপিৰ কেইবাগৰাকীও নেতাই নতুন মন্ত্রীসভাত স্থান লাভ কৰিছে। জে ডি ইউৰ লেচি সিং, শ্ৰৱণ কুমাৰ, বি...

November 18, 2025 1:24 PM November 18, 2025 1:24 PM

views 14

অসম নাট্য সন্মিলনৰ দ্বিবার্ষিক কার্যকালৰ সভাপতি হিচাপে জিতেন শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

● অসম নাট্য সন্মিলনৰ দ্বিবার্ষিক কার্যকালৰ সভাপতি হিচাপে বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, সুলেখক জিতেন শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। অহা বৰ্ষৰ ১৮ৰ পৰা ২১ জানুৱাৰীলৈ কলিয়াবৰত হ’বলগীয়া নাট্য সন্মিলনৰ অধিৱেশনত শ্ৰী শৰ্মাই সভাপতিত্ব কৰিব। অসম নাট্য সন্মিলনৰ বিগত ৬৩ সংখ্যক বেলশৰ অধিৱেশনতে জিতেন শৰ্মাৰ নাম সভাপতি হিচাপে সন্মিলনৰ সাধাৰণ পৰিষদৰ সভাত নিৰ্বাচিত হৈছিল। অৱশ্যে সাংবিধানিক বিধি অনুযায়ী সভাপতি হিচাপে শ্ৰী শৰ্মাৰ নামটো শেহতীয়া কাৰ্যনিৰ্বাহক সভাতহে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

November 18, 2025 1:22 PM November 18, 2025 1:22 PM

views 20

নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

■ দেশৰ বিভিন্ন ভাষা-ভাষীৰ লোকৰ মাজত সহজতে বাৰ্তালাপ সম্ভৱ কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কণ্ঠ আধাৰিত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত দেশৰ যিকোনো স্থানৰ দুগৰাকী ভিন্ন ভাষীলোকে নিজৰ নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ অধীনত ৰাষ্ট্ৰীয় ভাষা প্রযুক্তি মিছন চমুকৈ ভাষিণী নামেৰে আৰম্ভ কৰা মঞ্চত অসমীয়া আৰু বড়োসহ থলুৱা ভাষাসমূহ অন্তর্ভুক্ত কৰাৰ বাবে কালি এই চুক্তিত স্বাক্ষৰ কৰা হয়। কেন্দ্ৰীয় চ...