December 27, 2025 6:33 PM
11
চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙৰ কাষত ৭ জানুৱাৰীলৈ আই নৈ নতুন বৰ্ষ উৎসৱৰ আয়োজন কৰা হৈছে
চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙৰ কাষত আজিৰে পৰা অহা ৭ জানুৱাৰীলৈ আই নৈ নতুন বৰ্ষ উৎসৱৰ আয়োজন কৰা হৈছে। আজি পুৱা ৫.৩০ বজাত নিলিবাৰীৰ পৰা হাগ্ৰামা দলঙলৈ ২৫ কিলোমিটাৰ দূৰত্বৰ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা ৯ বজাত বিচিটিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উৎসৱৰ মূল তোৰণ মুকলি কৰে। আয়োজকসকলে জনোৱা অনুসৰি এই উৎসৱত ৰাইজৰ মনোৰঞ্জনৰ বাবে ঘোঁৰা আৰু হাতী ছাফাৰীৰ লগতে অন্যান্য জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, বিভিন্ন প্ৰতিযোগিতাৰ উপৰি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।