November 24, 2025 5:43 PM November 24, 2025 5:43 PM

views 12

ৰঙিয়াত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়াত কেইবাটাও অনুষ্ঠান উদ্বোধন কৰা লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰঙিয়াৰ লোকনিৰ্মাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় আৰু অতিথিশালা মুকলি কৰাৰ লগতে নতুনকৈ সাজি উলিওৱা ক্লক টাৱাৰো উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। আজি এই আঁচনিৰ জৰিয়তে প্রায় ৩৩ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হয়। অহা জানুৱাৰী মাহৰ ভিতৰত এই আঁচনিত ৩২ লা...

November 20, 2025 9:19 PM November 20, 2025 9:19 PM

views 9

নাজিৰা পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নাজিৰা পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে নাজিৰাৰ গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, যে পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ দ্বাৰা নাজিৰা পৌৰসভাই ৰূপায়ণ কৰা আঁচনিসমূহে নগৰখনৰ সৰ্বাংগীণ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত শিমলুগুৰি পৌৰসভাৰো বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিয়লিৰ ভাগত তেওঁ আমগুৰি পৌৰসভাৰ জাৱৰ নিষ্কাষণ প্ৰ...

November 20, 2025 9:07 PM November 20, 2025 9:07 PM

views 10

বি টি আৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত পর্যালোচনা বৈঠক অনুষ্ঠিত

২০২৬-ৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বি টি আৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আজি বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বি টি চিৰ অন্তৰ্গত পাঁচোখন জিলাৰ সভাপতি, জিলা প্ৰভাৰী, বিগত নির্বাচনত প্ৰতিন্দ্বন্দ্বিতা কৰা প্ৰাৰ্থী আৰু সাংগঠিনক প্ৰভাৰীসকলে বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে পুনৰ বিটিচিত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে নিৰন্তৰভাৱে দলীয় কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যোৱা সন্দৰ্ভত আলোচনা কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ...

November 20, 2025 9:02 PM November 20, 2025 9:02 PM

views 12

সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থলঃ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি সদৌ অসম সত্র মহাসভাই ধেমাজিত আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থল। ৰাজ্যৰ ১,২০০তকৈ অধিক সত্র আৰু ৪ হাজাৰৰো অধিক নামঘৰে ভক্তি, পৰম্পৰা, অখণ্ড ৰূপত ধৰি ৰাখিছে বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। তেওঁ লগতে সত্ৰ মহাসভাই ৰাজ্যত ভক্তি, পৰম্পৰা তথা নৃত্য-গীতৰ চৰ্চাৰে অনুশাসনৰ মাজেৰে আধ্যাত্মিকতাৰ পৰিৱেশ গঢ় দি আহিছে বুলি উল্লেখ কৰ...

November 20, 2025 8:55 PM November 20, 2025 8:55 PM

views 14

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ’ব

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত পৰহিলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সেইদিনা সন্ধিয়া ৬ বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ'ব...

November 20, 2025 8:11 PM November 20, 2025 8:11 PM

views 6

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে অহা ২২ নৱেম্বৰ, শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিছ-উজ জামান, অধিবক্তা তথা সমাজকৰ্মী কৈলাস চন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু...

November 20, 2025 8:05 PM November 20, 2025 8:05 PM

views 11

চিৰাং জিলাৰ সুন্দৰীত সদৌ চাওতাল ছাত্র সন্থাৰ প্রতিবাদী কাৰ্যসূচী

ৰাজ্যৰ ভূমিপুত্ৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ ৩৪২ নম্বৰ অনুচ্ছেদ অনুসৰি শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ভূমিপট্টা প্রদান, চাওতাল হিচাপে জনজাতি প্রমাণপত্র প্রদান, ২০২২ৰ ত্ৰিপাক্ষিক আদিবাসী শান্তি চুক্তিত সম্পন্ন হোৱা প্ৰতিটো দফা শীঘ্ৰেই কাৰ্যকৰীকৰণৰ দাবীত আজি চিৰাং জিলাৰ সুন্দৰীত সদৌ চাওতাল ছাত্র সন্থাই প্রতিবাদী কাৰ্যসূচী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিজেপি চৰকাৰক আহ্বান জনায়।

November 20, 2025 8:00 PM November 20, 2025 8:00 PM

views 16

কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রীয়ে কালি কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি কৰাৰ লগত সংগতি তিনিচুকীয়া জিলাত কালি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এটা পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয় আৰু গুৱাহাটীৰ কৃষি প্রযুক্তি গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত অনুষ্ঠানত তিনিচুকীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ হেমচন্দ্ৰ শ‍ইকীয়াই আদৰণি ভাষণ দিয়ে। খাদ্য আৰু যোগান নিগমৰ সভাপতি সঞ্জয় কিষাণে কৃষকসকলক এই আঁচনিৰ ...

November 20, 2025 7:57 PM November 20, 2025 7:57 PM

views 14

জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰে। সম্রাট চৌধুৰী, বিজয় কুমাৰ সিন্হা, মংগল পাণ্ডে, নীতিন নবীন, দিলীপ জয়ছোৱাল আৰু ৰামকৃপাল যাদৱসহ বিজেপিৰ কেইবাগৰাকীও নেতাই নতুন মন্ত্রীসভাত স্থান লাভ কৰিছে। জে ডি ইউৰ লেচি সিং, শ্ৰৱণ কুমাৰ, বিজে...

November 20, 2025 7:47 PM November 20, 2025 7:47 PM

views 13

আজি বিশ্ব শিশু দিৱস

আজি বিশ্ব শিশু দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে বিশ্বজুৰি গ' ব্লু শীৰ্ষক প্ৰচাৰ অভিযান চলোৱা হয়। আজিৰ এই বিশেষ দিনটোত বিশ্বৰ বিখ্যাত স্থান অথবা স্মাৰকসমূহ নীলা আলোকসজ্জাৰে সজাই-পৰাই শিশুৰ অধিকাৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ বাবে প্ৰতিকী ৰূপত সহমর্মিতা প্ৰকাশ কৰা হয়। এই অভিযানৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ উলুবাৰীত থকা আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ উপৰি গুৱাহাটী আৰক্ষী আয়ুক্তালয়, ৰাজ্যৰ সকলো জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু আৰক্ষী থানাসমূহ নীলা আলোকেৰে উজলাই তোলা হয়। উল্লেখযোগ্য যে শি...